Political Science & Economic Gk. |
(অৰ্থনীতি আৰু ৰাজনীতি খণ্ড)(NCERT BOOK-Class-Vi,Vii & Viii)
Written By Mr. Pusanta Pegu.
1) কাক ভাৰতৰ ' সেউজ বিপ্লৱ'ৰ পিতৃ আখ্যা দিয়া হয়?
উত্তৰ:- তামিলনাডুৰ ড⁰ এম্ এচ্ স্বামীনাথন।
2) আমি ব্যৱহাৰ কৰা কাগছসমূহ কি গছৰ পৰা তৈয়াৰ কৰা হয়?
উত্তৰ:- বাঁহ।
3) অসমত পাট-মুগা ক'ত উৎপাদন কৰা হয়?
উত্তৰ:- শুৱালকুছি।
4) অসমত বাঁহ-বেত ক'ত উৎপাদন কৰা হয়?
উত্তৰ:- নলবাৰী জিলা।
5) অসমত কাঁহ ক'ত উৎপাদন কৰা হয়?
উত্তৰ:- সৰ্থেবাৰী।
6) অসমত পিতল ক'ত উৎপাদন কৰা হয়?
উত্তৰ:- হাজো।
7) অসমত মুগা শিল্প ক'ত উৎপাদন কৰা হয়?
উত্তৰ:- ধেমাজি আৰু লখিমপুৰ জিলা।
8) আমাৰ ভাৰতবৰ্ষ এখন____ দেশ।
উত্তৰ:- গণতান্ত্ৰীক দেশ।
9) জনসংখ্যাৰ ভিত্তিত কোনখন দেশক পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্ৰীক দেশ হিচাপে জনা যায়?
উত্তৰ:- ভাৰতবৰ্ষক।
10) কিমান বছৰ বয়সৰ সকলো ভাৰতীয় নাগৰিকৰে ভোট দিয়াৰ অধিকাৰ আছে?
উত্তৰ:- ১৮ বছৰ।
11) আহোম ৰজাসকলে কিমানবছৰ অসমত ৰাজত্ব কৰিছিল?
উত্তৰ:- ৬০০ বছৰ।
12) কোনে অসমত আহোম ৰাজ্য স্থাপন কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ চ্যুকাফা।
13) কেতিয়াৰ পৰা প্ৰাথমিক শিক্ষা শিশুৰ মৌলিক অধিকাৰ হিচাপে কাৰ্যকৰী কৰা হৈছে?
উত্তৰ:- ২০১০ চনৰ পৰা।
14) আমাৰ ভাৰতবৰ্ষৰ সংবিধানে কেইটা মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য প্ৰত্যেক নাগৰিকক প্ৰদান কৰিছে?
উত্তৰ:- ৬ টা মৌলিক অধিকাৰ আৰু ১১ টা মৌলিক কৰ্তব্য।
15) কেন্দ্ৰীয় চৰকাৰ কেই প্ৰকাৰ?
উত্তৰ:- তিনি প্ৰকাৰ।(বিধানমণ্ডল,কাৰ্যপালিকা আৰু ন্যায়পালিকা।)
16) বিধানমণ্ডলৰ কাম কি?
উত্তৰ:- আইন ৰচনা কৰা।
17) কাৰ্যপালিকাৰ কাম কি?
উত্তৰ:- আইনসমূহ কাৰ্যকৰী কৰে।
18) ন্যায়পালিকাৰ কাম কি?
উত্তৰ:- আইনসমূহৰ ভিত্তিত আৰু সঠিকভাৱে কাৰ্যকৰী হৈছেনে নাই বিচাৰ কৰি দিয়ে।
19) বিধানমণ্ডল কেইটা সদন আছে?
উত্তৰ:- দুটা।( লোকসভা আৰু ৰাজ্যসভা।)
20) লোকসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰ:- ৫ বছৰ।
21) ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰ:- ৬ বছৰ।
22) লােকসভাক কি বুলি কোৱা হয়?
উত্তৰ:- নিম্নসদন।
23) ৰাজ্যসভাক কি বুলি কোৱা হয়?
উত্তৰ:- উচ্চসদন।
24) লোকসভা আৰু ৰাজ্যসভাক একেলগে কি বুলি কোৱা হয়?
উত্তৰ:- সংসদ।
25) লোকসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান?
উত্তৰ:- ৫৪৫ জন।
26) ৰাজ্যসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান?
উত্তৰ:- ২৫০ জন।
27) দেশৰ মুৰব্বী কোন?
উত্তৰ:- ৰাষ্ট্ৰপতি ।
28) কাৰ দিহা পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে কাম কৰিব লগীয়া হয়?
উত্তৰ:- প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদ।
29) দেশৰ শাসনভাৰ প্ৰকৃততে কোনে পৰিচালনা কৰে?
উত্তৰ:- প্ৰধানমন্ত্ৰীয়ে।
30) প্ৰধান মন্ত্ৰীক সহায় কৰিবলৈ কি পৰিষদ থাকে?
উত্তৰ:- মন্ত্ৰী পৰিষদ।
31) প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ সদস্যসকলক কোনে নিয়োগ কৰে?
উত্তৰ:- ৰাষ্ট্ৰপতি।
32) কোনে মন্ত্ৰীসকলৰ দপ্তৰসমূহ বিতৰণ কৰে?
উত্তৰ:- প্ৰধানমন্ত্ৰী।
33) কোনে ন্যায় আৰু অন্যায় বিচাৰ কৰি দিয়ে?
উত্তৰ:- ন্যায় পালিকাই।
34) কোনে দেশৰ জনসাধাৰণক স্বাধীনভাবে জীয়াই থকাত সহায় কৰে?
উত্তৰ:- ন্যায়পালিকাই।
35) কাক জনসাধাৰণৰ ৰক্ষাৰ কৱচ বুলি কোৱা হয়?
উত্তৰ:- ন্যায়পালিকাক।
36) ভাৰতবৰ্ষত কেইটা স্তৰৰ ন্যায়পালিকা আছে?
উত্তৰ:- তিনিটা স্তৰৰ।( উচ্চতম ন্যায়ালয় , উচ্চ ন্যায়ালয় , নিম্ন/জিলা আদালত).
37) ভাৰতৰ উচ্চতম ন্যায়ালয় ক'ত অৱস্থিত?
উত্তৰ:- নতুন দিল্লীত।
38) উচ্চতম ন্যায়ালয় ক'ত থাকে?
উত্তৰ:- কেন্দ্ৰত।
39) উচ্চ ন্যায়ালয় ক'ত থাকে?
উত্তৰ:- ৰাজ্যত।
40) নিম্ন/ জিলা আদালত ক'ত থাকে?
উত্তৰ:- জিলাত।
41) ভাৰতবৰ্ষত বৰ্তমান কেইখন ৰাজ্য আছে?
উত্তৰ:- ২৮ খন।
42) অসমৰ ৰাজ্যৰ বিধানমণ্ডলক কি বুলি কোৱা হয়?
উত্তৰ:- বিধানসভা।
43) অসমখনক কেইটা নিৰ্বাচনী সমষ্টিত ভাগ কৰা হৈছে?
উত্তৰ:- ১২৬ টা।
44) বিধানসভাৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰ:-৫ বছৰ।
45) কাৰ্যপালিকাত কোন থাকে?
উত্তৰ:- ৰাজ্যপাল,মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীপৰিষদ।
46) ৰাজ্যৰ মুৰব্বী কোন?
উত্তৰ:- ৰাজ্যপাল।
47) ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীপৰিষদক কোনে নিযুক্তি দিয়ে?
উত্তৰ:- ৰাজ্যপাল।
48) অসমৰ উচ্চ ন্যায়ালয় ক'ত আছে?
উত্তৰ:- গুৱাহাটী।
49) প্ৰতিখন উচ্চ ন্যায়ালয়ত কি থাকে?
উত্তৰ:- এজন মুখ্য ন্যায়াধীশ আৰু কেইবাজনো ন্যায়াধীশ থাকে।
50) জিলা আদালত ক'ত থাকে?
উত্তৰ:- জিলাসমূহত।
51) বিধানসভালৈ নিৰ্বাচিত সদস্যজনক কি বুলি কোৱা হয়?
উত্তৰ:- বিধায়ক।
52) ৰাজ্যত মুখ্য ন্যায়ধীশ কেইজন থাকে?
উত্তৰ:- ১জন।
53) উত্তৰ পূৰ্বাঞ্চলৰ কেইটা ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ কাম-কাজ গুৱাহাটীত উচ্চ ন্যায়ালয়তে কৰা হয়?
উত্তৰ:- চাৰিখন।
54) অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰাম এই চাৰিখন ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ কাম-কাজ ক'ত কৰে?
উত্তৰ:- গুৱাহাটী উচ্চ ন্যায়ালয়ত।
55) গাঁৱৰ স্থানীয় সমস্যাসমূহ সমাধান কৰিবলৈ গঠন কৰা অনুষ্ঠানটিৰ নাম কি ?
উত্তৰ:- গাওঁ পঞ্চায়ত।
56) কেইটা সমষ্টিক লৈ গাওঁ পঞ্চায়ত একোখন গঠন কৰা হয়?
উত্তৰ:- ১০ টা সমষ্টিক লৈ।(ইয়াৰ বাবে ১০ জন সদস্যক নিৰ্বাচিত কৰা হয়।)
57) গাওঁ পঞ্চায়তৰ প্ৰতিনিধিসকলক ৰাইজে কিমান বছৰৰ বাবে নিৰ্বাচিত কৰা হয়?
উত্তৰ:- ৫ বছৰ।
58) ইন্দিৰা আবাস যোজনা , অনাময় আঁচনি, জব কাৰ্ড, এম.জি.এনৰেগা আদিৰ দৰে চৰকাৰৰ বিভিন্ন আঁচনিসমূহ কাৰ যোগেদি পৰিচালিত হয়?
উত্তৰ:- গাওঁ পঞ্চায়তৰ যোগেদি।
59) আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰ:- ৫ বছৰ।
60) আঞ্চলিক পঞ্চায়তৰ সভাপতিসকল কাৰ সদস্য হয়?
উত্তৰ:- জিলা পৰিষদ।
61) জিলাখনত থকা সাংসদ আৰু বিধায়কসকল কাৰ সদস্য হয়?
উত্তৰ:- জিলা পৰিষদৰ সদস্য ।
62) জিলা পৰিষদৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰ:- ৫ বছৰ।
63) কোন চনত পঞ্চায়ত আইন অনুসৰি অসমত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা কৰা হৈছিল?
উত্তৰ:- ১৯৯৪ চনত।
64) কেতিয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠনৰ সিদ্ধান্ত লোৱা হৈছিল?
উত্তৰ:- ২০০৩ চনত।
65) অসমৰ কোনখন জিলাত পঞ্চায়তৰ সলনি স্বায়ত্ব শাসিত জিলা পৰিষদ আছে?
উত্তৰ:- কাৰ্বি আংলং জিলা আৰু উত্তৰ কাছাৰ(ডিমা হাচাও) জিলাত।
66) গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসনৰ অনুষ্ঠান কেইটা আৰু কি কি?
উত্তৰঃ তিনিটা । গাঁৱলীয়া বা গ্ৰাম্য, নগৰীয়া বা পৌৰসভা আৰু জনগোষ্ঠীয়।
67) স্থানীয় চৰকাৰসমূহৰ কাৰ্যকাল কিমান বছৰ?
উত্তৰঃ- ৫ বছৰ।
68) পৌৰ নিগমৰ সভাপতিক কি বুলি কয়?
উত্তৰঃ- পৌৰপিতা বা মেয়ৰ বুলি কয়।
69) জনজাতীয় অঞ্চলৰ বাবে থকা স্থানীয় শাসনৰ অনুষ্ঠানবোৰক কি বোলে?
উত্তৰঃ স্বায়ত্ব শাসিত পৰিষদ।
70) পৌৰসভা ক'ত গঠন কৰা হয়?
উত্তৰঃ কোনো নগৰৰ জনসংখ্যা দহ হাজাৰৰ পৰা এক লাখৰ ভিতৰত হ'লে তেনে নগৰত পৌৰসভা গঠন কৰা হয়।
71) গাঁওসভাৰ সদস্য কেইজন আৰু তেওঁলোকক কোনে নিৰ্বাচন কৰে?
উত্তৰঃ গাঁওসভাৰ সদস্য ১০জন আৰু তেওঁলোকক জনসাধাৰণে নিৰ্বাচন কৰে।
72) গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা কেইটা আৰু কি কি?
উত্তৰঃ গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা তিনিটা-
১) গাঁও পঞ্চায়ত
২) আঞ্চলিক পঞ্চায়ত
৩) জিলা পৰিষদ।
73) গাঁও পঞ্চায়তৰ সদস্য সংখ্যা কিমান?
উত্তৰঃ গাঁও পঞ্চায়ত ১০ জন সদস্যৰে গঠিত।
74) কোন চনত অসমত তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ সূচনা হৈছে?
উত্তৰঃ ১৯৯৪ চনত।
75) আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ?
উত্তৰঃ- ৫ বছৰ।
76) জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়?
উত্তৰঃ ৪০ হাজাৰ।
77) জিলা পৰিষদৰ কাৰ্যকাল কিমান?
উত্তৰ:- ৫ বছৰ।
(78) অসমত স্বায়ত্ব শাসিত জিলা পৰিষদ কেইখন?
উত্তৰ:-২ খন।
(79) গাঁও পঞ্চায়তত অনুসূচীত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছেনে/নাই?
উত্তৰ:- আছে।
(80) আঞ্চলিক পঞ্চায়ত কিহৰ দ্বাৰা গঠিত?
উত্তৰ:- গাওঁ পঞ্চায়তৰ।
(ঙ) অসমত পৌৰ নিগম কেইখন আছে?
উত্তৰ:- ১ খন।
78) বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল এখন কি?
উত্তৰ:- স্বায়ত্ব শাসিত পৰিষদ ǀ
(79) জিলা পৰিষদৰ এটা সমষ্টিত কিমান জনসংখ্যা থাকে?
উত্তৰ:-৪০ হাজাৰ।
(80) বি.টি.চি কেই খন জিলাক লৈ গঠন কৰা হৈছে ?
উত্তৰ:-৪ খন।
81) নীতি আয়ােগৰ অধ্যক্ষ কোন?
উত্তৰঃ-প্রধানমন্ত্রী।
(82) পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল কিমান বছৰ? উত্তৰঃ- ৫ বছৰ।
(83) পৰিকল্পনাৰ কাম-কাজ ৰূপায়ণৰ বাবে চৰকাৰক কি প্রয়ােজন হয়?
উত্তৰঃ-অর্থ
(84) চৰকাৰৰ উপাৰ্জনৰ ৰাহি অংশ কত জমা হয়?
উত্তৰঃ- ৰাজকোষত।
(85) বিনিয়ােগ মানে কি?
উত্তৰঃ-অধিক উৎপাদনৰ বাবে কৰা ব্যয়।
86) ভাৰতবৰ্ষত দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনা কিমান চনৰ আৰম্ভ হৈ কিমান চনত শেষ হৈছিল?
উত্তৰ:- ২০১২ চনৰ এপ্ৰিল মাহত আৰম্ভ হৈ ২০১৭ চনত সমাপ্ত হয়।
87) বৰ্তমান অসমত মুঠ কেইটা ৰাষ্ট্ৰীয় ঘাই পথ আছে?
উত্তৰ:- ৩৮ টা।(এই ঘাইপথবোৰে ৰাজ্যখনৰ মুঠ ৩৭৮৭.২০৭ কি:মি:)
88) ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিৰ নাম কি?
উত্তৰ:- শ্ৰীমতী প্ৰতিভা দেবীসিং পাটিল।
89) কোনচনত মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?
উত্তৰ:- ১৯৮২ চনত।
90) কোনচনত মামণি ৰয়ছম গোস্বামীয়ে সাহিত্যৰ সৰ্বশ্ৰেষ্ট জ্ঞানপীঠ বঁটা লাভ কৰিছিল?
উত্তৰ:- ২০০২ চনত।
91) কোনচনত মামণি ৰয়ছম গোস্বামীয়ে " প্ৰিন্স ক্লজ লৰেট " বঁটা লাভ কৰিছিল?
উত্তৰ:- ২০০৮ চনত।
92) প্রতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল?
উত্তৰঃ এগৰাকী উকিল হিচাপে প্ৰতিভা দেৱী সিং পাতিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল।
93) মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়?
উত্তৰঃ ১৩ বছৰ বয়সৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য সাধনাত ব্ৰতী হয়।
94) কল্পনা চাওলাই কোন বিষয়ত ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ কল্পনা চাওলাই এগৰাকী বৈমানিক অভিযন্ত্ৰা হিচাপে ডিগ্ৰী লাভ কৰিছিল।
95) কলেজীয়া জীৱনত কি খেলত বাচেন্দ্ৰীয়ে প্রথম পুৰস্কাৰ লাভ কৰিছিল ?
উত্তৰঃ কলেজীয়া জীৱনত বাচেন্দ্ৰীয়ে ৰাইফল শ্বু টিঙত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
96) গণ শব্দটোৰ অৰ্থ কি?
উত্তৰ:- জনসাধাৰণ।
97) তন্তৰ অৰ্থ কি?
উত্তৰ:- শাসন।
98) গণতন্ত্ৰ কেই প্ৰকাৰৰ?
উত্তৰ:- দুই প্ৰকাৰৰ।( প্ৰত্যক্ষ আৰু পৰোক্ষ গণতন্ত্ৰ )
99) নিৰ্বাচন কেই প্ৰকাৰৰ?
উত্তৰ:- দুই প্ৰকাৰৰ।(প্ৰত্যক্ষ আৰু পৰোক্ষ নিৰ্বাচন)
100) ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰাক কি বুলি কোৱা হয়?
উত্তৰ:- পৰোক্ষ নিৰ্বাচন ।
101) গণতন্ত্ৰ এক অন্যতম অংগ কি?
উত্তৰ:- ৰাজনৈতিক দল।
102) কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কাৰ্যকাল কিমান?
উত্তৰ:- ৫ বছৰ।
103) ৰাজনৈতিক দল কেই প্ৰকাৰৰ?
উত্তৰ:- দুই প্ৰকাৰৰ।( ৰাষ্ট্ৰীয় দল আৰু আঞ্চলিক দল।)
104) বিধানসভাৰ সদস্যসকলক কোনে নির্বাচিত কৰে?
উত্তৰঃ একোটা বিধানসভা সমষ্টিৰ ভোটাৰসকলে নিৰ্বাচন কৰে।
105) ৰাজ্যৰ বিধানসভাৰ কার্যকাল কিমান বছৰ?
উত্তৰঃ-পাঁচ বছৰ।
106) দুটা ৰাষ্ট্ৰীয় দলৰ নাম উল্লেখ কৰা?
উত্তৰঃ দুটা ৰাষ্ট্ৰীয় দলৰ নাম হ'ল-
১) ভাৰতীয় জনতা পাৰ্টী (বি জে পি ) আৰু
২) ভাৰতীয় জাতীয় কংগ্ৰেছ (কংগ্ৰেছ)।
107) অসমৰ উল্লেখযোগ্য আঞ্চলিক দল এটাৰ নাম লিখা।
উত্তৰঃ অসম গণ পৰিষদ (অ গ প)।
108) ভাৰতৰ উপ-ৰাষ্ট্রপতি নির্বাচিত হয়___
উত্তৰঃ পৰোক্ষভাৱে।
109) লোকসভাৰ সদস্যৰ সংখ্যা কিমান?
উত্তৰঃ ৫৪৫জন।
110) তেলেগু দেশম পার্টী এটা কি দল?
উত্তৰঃ আঞ্চলিক দল।
112) মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে?
উত্তৰঃ ৰাজ্যপাল।
113) বিধানসভাৰ কার্যকাল কিমান বছৰ?
উত্তৰঃ ৫ বছৰ।
114) ভাৰতবৰ্ষৰ প্ৰথম প্ৰকাশিত বাতৰিকাকতখনৰ নাম কি?
উত্তৰ:- বেংগল গেজেট।
115) অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি?
উত্তৰ:- অৰুণোদয়।
116) কম্পিউটাৰক অসমীয়াত কি যন্ত্ৰ বুলি কোৱা হয়?
উত্তৰ:- পৰিকলন যন্ত্ৰ ।
117) কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- ইংৰাজ বিজ্ঞানী ছাৰ্লছ বেবেজ।
118) ছপাশাল পােন প্রথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ ১৬ শ শতিকাত জার্মানীৰ জোহান গুটেনবার্গে ছপাশাল আৱিষ্কাৰ কৰিছিল ।
119) জ্যোতিপ্ৰসাদ আগৰৱালাক কি শিল্পী বুলি কোৱা হয়?
উত্তৰঃ ৰূপকোঁৱৰ।
120) অতীজত ৰজাই প্রজাক বাতৰি দিবৰ বাবে কি সহায় লৈছিল?
উত্তৰঃ ঢােলৰ।
121) মুদ্রিত মাধ্যমসমূহ হ'ল ---
উত্তৰঃ কিতাপ।
122) অনাতাঁৰ ৰ যন্ত্ৰৰ কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰঃ মার্কনি।
123) ইলেকট্রনিক মাধ্যম হ’ল ---
উত্তৰঃ কম্পিউটাৰ।
124) ভাৰতৰ মুঠ জনসংখ্যা কিমানজন?
উত্তৰ:- ১২১,০১,৯৩,৪২২ জন।
125) ভাৰতৰ আয়তন কিমান?
উত্তৰ:- ৩২,৭৮,২৬৩ বৰ্গ কিল'মিটাৰ।
126) ভাৰতৰ জনসংখ্যাৰ ঘনত্ব কিমানজন?
উত্তৰ:- ৩৮২ জন।
127) ২০১১ চনৰ লোক গণনা মতে অসমৰ মুঠ জনসংখ্যা কিমানজন?
উত্তৰ:- ৩,১১,৬৯,২৭২ জন।
128) কোন চনত আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন গৃহীত হৈছে?
উত্তৰ:- ২০০৯ চনত।
129) ধাৰ লোৱা টকাক কি বুলি কোৱা হয়?
উত্তৰ:- ঋণ।
130) ভাৰতবৰ্ষত কোনচনত প্ৰথম বেংক স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৭৭০ চনত।( এই বেংকটোৰ নাম আছিল বেংক অব হিন্দুস্থান।)
131) অসমত ১৯২৬ চনত থলুৱা প্ৰচেষ্টাত গড় লৈ উঠা অসমৰ বেংকটোৰ নাম কি?
উত্তৰ:- গুৱাহাটী বেংক।
131) " ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া " কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৩৫ চনত।
132) ভাৰতৰ কোনটো বেংকসমূহে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজেণ্ট হিচাপে কাম কৰে?
উত্তৰ:- ভাৰতীয় ষ্টেট বেংকসমূহ।
133) কেতিয়া ভাৰত চৰকাৰে " ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক(NABARD) নামৰ এটি বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰিছিল?
উত্তৰ:- ১৯৮২ চনত।
134) কেতিয়া ভাৰত চৰকাৰে " উত্তৰ-পূব পৰিষদ (NEC) নামৰ অনুষ্ঠানটো গঠন কৰিছিল?
উত্তৰ:- ১৯৭১ চনত।
135) উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম বা নেড্-ফি নামৰ প্ৰতিষ্ঠানটো কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৯৫ চনত।
136) উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম বা নেড্-ফি নামৰ প্ৰতিষ্ঠানটোৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত?
উত্তৰ:- গুৱাহাটীত অৱস্থিত।
137) অসমত বৰ্তমান কিমান আত্মসহায়ক গোট গঠন কৰা হৈছে?
উত্তৰ:- ২.৬৬ লাখ।(ইয়াৰে ১.৭২ মহিলা আত্মসহায়ক গোট।)
138) কেতিয়া ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৮২ চনত।
139) নেড্-ফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ ক'ত বিক্ৰী কৰা হয়?
উত্তৰ:- গুৱাহাটীৰ আমবাৰীত নেডফিহাট।
140) MRP মানে কি?
উত্তৰ:- উচ্চতম খুচুৰা মূল্য বা সৰ্বোচ্চ খুচুৰা মূল্য।
141) কোন তাৰিখে বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয়?
উত্তৰ:- ১৫ মাৰ্চ।
142) কেতিয়া গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰা হৈছিল?
উত্তৰ:- ১৯৮৬ চনৰ ২৪ ডিচেম্বৰ।
143) কোনচনৰ সংবিধান মতে ৰাষ্ট্ৰৰ সকলো ক্ষমতাৰ অধিকাৰী আছিল ৰজা?
উত্তৰ:- ১৯৯০ চনৰ।
144) ২০০৮ চনৰ আগত নেপালত কেনেধৰণৰ চৰকাৰ আছিল?
উত্তৰ:- ৰাজতন্ত্ৰ।
145) ম্যানমাৰৰ আগৰ নাম কি?
উত্তৰ:- ব্ৰহ্মদেশ।
146) কাৰ দৃঢ় নেতৃত্বত ম্যানমাৰত পুনৰ ২০১০ চনত গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল?
উত্তৰ:- আং ছান ছ্যু কীৰ।
147) কেতিয়া " আং ছান ছ্যু কীৰ " শান্তিৰ ন'বেল বঁটাৰে পুৰস্কৃত কৰা হৈছিল?
উত্তৰ:- ১৯৯১ চনত।
148) পৃথিৱীৰ সংবিধানসমূহৰ ভিতৰত কোনটো দেশৰ সংবিধানখনেই হৈছে অন্যতম উল্লেখযোগ্য নমনীয় সংবিধান?
উত্তৰ:- ইংলেণ্ড।
149) ভাৰতীয় সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল?
উত্তৰ:- ১৯৫০ চনৰ ২৬ জানুৱাৰীত।
150) কেতিয়া বৃটিছ চৰকাৰে " ভাৰত পৰিষদ আইন" গ্ৰহণ কৰিছিল?
উত্তৰ:- ১৮৬১ চনত।
151) কেতিয়া সংশোধিত " ভাৰত পৰিষদ আইন " গৃহীত হোৱাৰ পৰাই ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হৈছিল?
উত্তৰ:- ১৮৯২ চনত।
152) কোনটো আইনক " মৰ্লে মিণ্টো সংস্কাৰ আইন" বুলি জনা যায়?
উত্তৰ:- ১৯০৯ চনত ভাৰত চৰকাৰ আইন।
153) কেতিয়া ভাৰত চৰকাৰ আইন মতে পোন প্ৰথমবাৰৰ বাবে স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ:- ১৯৩৫ চনত।
154) কোনটো আইন অনুসৰি ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল?
উত্তৰ:- ১৯৪৭ চনৰ জুলাই মাহত বৃটিছ সংসদত গৃহীত হোৱা আইন অনুসৰি।
155) কেতিয়া " ভাৰত চৰকাৰ আইন" গ্ৰহণ কৰা হৈছিল?
উত্তৰ:- ১৯৩৫ চনত।
156) কোনে খচৰা কমিটি গঠন কৰা হৈছিল?
উত্তৰ:- ১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে ড⁰ ভীমৰাও আম্বেদকাৰ।
157) কেতিয়া সংবিধান সভাৰ সভাপতি ড⁰ ৰাজেন্দ্ৰ প্ৰসাদে খচৰা সংবিধানখনত স্বাক্ষৰ কৰিছিল?
উত্তৰ:- ১৯৪৯ চনৰ ২৬ নৱেম্বৰ।
158) ভাৰত সংবিধানখন ৰচনা কৰোতে কিমান সময় লাগিল?
উত্তৰ:- ২বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল।
159) ভাৰতীয় সংবিধানত কেইটা অনুচ্ছেদ , অধ্যায়, আৰু অনুসূচী আছে?
উত্তৰ:- ৩৯৫ টা অনুচ্ছেদ , ২২ টা অধ্যায় আৰু ১২ টা অনুসূচী।
160) কোনচনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈছিল?
উত্তৰ:- ১৯৫০ চনৰ ২৬ জানুৱাৰী।
161) ভাৰতীয় সংবিধান খন ৰচনা কৰোতে কিমান সময় লাগিছিল ?
উত্তৰঃ ২ বছৰ, ১১মাহ , ১৮ দিন।
162) কোন চনত ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকাৰী কৰা হয় ?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী।
163) কেতিয়াৰ পৰা ভাৰতবৰ্ষত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় ?
উত্তৰঃ ১৮৯২ চনৰ ভাৰত পৰিষদ আইন মতে।
164) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ?
উত্তৰঃ স্বায়ত্ব আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা।
165) সংবিধান সভাৰ খচৰা কমিটিখন কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰঃ ১৯৪৭ চনৰ ২৯ আগষ্ট ।
166) সংবিধানে ক্ষমতাসমূহ কেইটা তালিকাত ভাগ কৰিছে ?
উত্তৰ:- তিনিটা।(কেন্দ্ৰীয়, ৰাজ্যিক,উমৈহতীয়া।)
167) সংবিধানৰ ৪২তম সংশোধনৰ যোগেদি কি কি অন্তৰ্ভুক্ত কৰিছে?
উত্তৰ:- সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ ।
168) সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্যজনৰ নাম কি?
উত্তৰ:- ছৈয়দ মহম্মদ চাদুল্লা ।
169) কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে ?
উত্তৰঃ আয়াৰলেণ্ডৰ ।
170) এটা শব্দত প্ৰকাশ কৰা।
উত্তৰ:-
ক) যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিক ভাৱে নহয় -গণৰাজ্য
খ) যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত –সাৰ্বভৌম ৰাষ্ট্ৰ
গ) যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই-ধৰ্মনিৰপেক্ষ
ঘ) যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে - কল্যাণকামী ৰাষ্ট্ৰ।
171) শিশু শিক্ষাৰ অধিকাৰ আইন কিমান চনৰ পৰা আমাৰ ভাৰতবৰ্ষত কাৰ্যকৰী হৈছে?
উত্তৰ:- ২০১০ চনৰ পৰা।
172) বৰ্তমান নাগৰিকে কেইটা কৰ্তব্য পালন কৰিব লাগিব?
উত্তৰ:- ১১ টা।
173) ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰোতে কিমান ছেকেণ্ড ভিতৰত শেষ কৰিব লাগে?
উত্তৰ:- ৫২ ছেকেণ্ড ।
174) কেতিয়া ভাৰতৰ ত্ৰিৰঙ্গা পতাকাখন জাতীয় পতাকা ৰূপে স্বীকৃতি পায়?
উত্তৰ:- ১৯৪৭ চনৰ ২২ জুলাই।
175) কিমান অনুপাতে ভাৰতীয় জাতীয় জাতীয় পতাকাখন প্ৰস্তুত কৰা হয়?
উত্তৰ:- ৩:২ ।
176) সাৰনাথৰ অশোক স্তম্ভৰ পৰা কেইটা দণ্ডযুক্ত চক্ৰটি জাতীয় পতাকাৰ মাজত দিয়া হৈছে?
উত্তৰ:- ২৪ টা।
History Gk Click here:- https://realtigerconcept.blogspot.com/2022/04/---History-Gk.html
0 Comments
Comment only if you don't understand.Request you not to give bad comments.