( অসমৰ সাধাৰণ জ্ঞাণ)
Assam GK
(অসমৰ ৰাজ্যিক প্ৰতীক চিহ্নসমূহ)
( State Symbols of Assam)
Collected By Mr. Pusanta Pegu. |
১) অসমৰ ৰাজ্যিক পশু কি?(What is the state animal of Assam?)
উত্তৰ:- এশিঙীয়া গঁড়।
২) ভাৰতৰ এশিঙীয়া গঁড় বৰ্তমান পৃথিৱীত থকা জন্তুৰ ভিতৰত আকাৰত কিমান স্থান?(India's one-horned rhinoceros rank in size among the animals present in the world today?)
উত্তৰ:- পঞ্চম।
৩) গঁড়ৰ গড় বয়স কিমান?(What is the average age of the rhino?)
উত্তৰ:- ৩০-৪৫ বছৰ।
৪) ২০০৭ চনৰ মে' মাহৰ এক হিচাপ অনুসৰি ভাৰতত গঁড়ৰ সংখ্যা কিমান?(What is the number of rhinos in India as per an estimate of May 2007?)
উত্তৰ:- ২৫৭৫।
৫) কেতিয়া অসম চৰকাৰে গঁড়ক অসমৰ ৰাজ্যিক পশু হিচাপে ঘোষণা কৰিছিল?(When did the Assam government declare the rhino as the state animal of Assam?)
উত্তৰ:- ২০০৩ চনৰ ৪ এপ্ৰিলত।
৬) অসমৰ ৰাজ্যিক পক্ষী কি?(What is the state bird of Assam?)
উত্তৰ:- দেওহাঁহ।
৭) হাঁহৰ আটাইতকৈ ডাঙৰ প্ৰজাতিটোৰ নাম কি?(What is the name of the largest breed of ducks?)
উত্তৰ:- দেওহাঁহ।
৮) দেওহাঁহক কিয় ইংৰাজীত white Winged Wood Duck বুলি কোৱা হয়?(Why is Deohans called white Winged Wood Duck in English?)
উত্তৰ:- ইয়াৰ ডেউকাত বগা দাগ কিছুমান আছে, যাৰ বাবে তাক ইংৰাজীত white winged wood duck বুলি কোৱা হয়।
৯) অসমত দেওহাঁহ ক'ত পোৱা যায়?(Where can white winged wood duck be found in Assam?)
উত্তৰ:- ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান , দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।
১০) অসম চৰকাৰে কেতিয়া দেওহাঁহক ৰাজ্যিক পক্ষী হিচাপে ঘোষণা কৰে?(When did the Assam government declare white winged wood duck as the state bird?)
উত্তৰ:- ২০০৩ চনৰ ৪ এপ্ৰিলত ।
১১) অসমৰ ৰাজ্যিক গীতটোৰ নাম কি?(What is the name of the state song of Assam?)
উত্তৰ:- 'অ' মোৰ আপোনাৰ দেশ'।
১২) 'অ' মোৰ আপোনাৰ দেশ' গীতটো কোনে ৰচনা কৰিছিল?(Who composed the song 'Oh mur apunar desh?)
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
১৩) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা 'অ' মোৰ আপোনাৰ দেশ' গীতটো কি নামেৰে প্ৰকাশ কৰিছিল?(By what name was the song 'Oh Mur Apunar desh' composed by Lakshminath Bezbaruah published?)
উত্তৰ:- 'মোৰ দেশ '।
১৪) কেতিয়া 'অ' মোৰ আপোনাৰ দেশ' গীতটো 'বাঁহী ' আলোচনীত প্ৰথম প্ৰকাশ হৈছিল?(When was the song 'Oh Mur Apunar desh' first published in 'Flute' magazine?)
উত্তৰ:- ১৯০৯ চনত।
১৫) কেতিয়া তেজপুৰত দেশভক্ত তৰুণৰাম ফুকনৰ পৌৰহিত্যত অনুষ্ঠিত অসম ছাত্ৰ সন্মিলনৰ বাৰ্ষিক অধিৱেশনত 'অ' মোৰ আপোনাৰ দেশ ' গীত টো অসমৰ জাতীয় সংগীতৰূপে গ্ৰহণ কৰা হৈছিল?(When was the song 'Oh Mur Apunar desh' adopted as the national anthem of Assam at the annual session of the Assam Students' Conference chaired by deshbhakt Tarunram Phukan in Tezpur?
উত্তৰ:- ১৯২৮ চনৰ ২৭-২৮ অক্টোবৰত।
১৬) 'অ মোৰ আপোনাৰ দেশ' গীতটো লক্ষ্মীনাথ বেজবৰুৱাই কোনখন গ্ৰন্থত সন্নিৱিষ্ট হৈছিল আৰু কেতিয়া ?(In which book was the song 'O Mur Apunar Desh' included by Laxminath Bezbaruah and when?)
উত্তৰ:- কদমকলি।(১৯৩০ চনত)।
১৭) প্ৰথম অৱস্থাত ' মোৰ দেশ' নামৰ গীতটো ইংৰাজী সুৰত পৰিৱেশন কৰিব পৰাকৈ কেইটা স্তৱকত লিখা হৈছিল?(In the beginning, the song 'Mur Desh' was written in a number of stanzas so that it could be performed in English melody?)
উত্তৰ:- চাৰিটা।
১৮) ' মোৰ দেশ' ক জাতীয় সংগীতৰূপে গ্ৰহণ কৰাৰ পাছত বেজবৰুৱাই মনে বিচৰা এই ৰাজহুৱা সিদ্ধান্তক কেতিয়া স্বাগতম জনাইছিল?(When did Bezbaruah welcome this public decision he wanted after he accepted 'Mur Desh' as the national anthem?)
উত্তৰ:- ' বাহী' ৰ ১৮৫ ৰ শকৰ আহাৰ মাহৰ ১৯২৯ চনত।
১৯) ' মোৰ ৰচিত এই গীতটি National Anthem , অৰ্থাৎ, জাতীয় সংগীতৰূপে ৰাজ-ৰাজেশ্বৰ হোৱা দেখি অৱশ্যে মোৰ আনন্দ যে কুলাই-পাচিয়ে নধৰা হৈছে তাক নক'লেও হব'- এই উক্তিটো কাৰ?
উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।
২০) 'অ মোৰ আপোনাৰ দেশ' গীতটো কেইটা ভাষালৈ অনুবাদ কৰি পৰিৱেশন কৰা হৈছে?(The song 'O Mur Apunar Desh' has been translated into how many languages and performed?)
উত্তৰ:- প্ৰায় ডেৰকুৰিতকৈও অধিক।
২১) কেতিয়া অসম চৰকাৰে ' অ মোৰ আপোনাৰ দেশ ' গীতটো ৰাজ্যিক গীতৰূপে ঘোষণা কৰে?(When did the Government of Assam announce the song 'O Mur Apunar Desh' as a state song?)
উত্তৰ:- ২০১৩ চনৰ ১৮ নৱেম্বৰত।
২২) অসমৰ ৰাজ্যিক ফুল কি?(What is the state flower of Assam?)
উত্তৰ:- কপৌ ফুল।
২৩) কপৌফুল ক'ত পোৱা যায়?(Where can the Fox tails flower be found?)
উত্তৰ:- ভিয়েটনাম , মালয়েছিয়া, ইণ্ডোনছিয়া আৰু ভাৰতত পোৱা যায়।
২৪) কপৌ ফুল ভাৰতৰ এক কি প্ৰজাতি?(What species is the Fox tail flower of India?)
উত্তৰ:- অৰ্কিডৰ প্ৰজাতি।
২৫) কপৌ ফুল কেতিয়া ফুলে আৰু কিমান দিন থাকে?(When does the Fox tail flower bloom and how long does it last?)
উত্তৰ:- এপ্ৰিল - মে'ত ফুলে আৰু প্ৰায় তিনি সপ্তাহ থাকে।
২৬) কপৌ ফুলৰ গড় দৈৰ্ঘ্য প্ৰায় কিমান?(What is the average length of the Fox tail flower?)
উত্তৰ:- ২০ ইঞ্চি ।
২৭) অৰুণাচল প্ৰদেশৰ ৰাজ্যিক ফুল কি?(What are the state flowers of Arunachal Pradesh?)
উত্তৰ:- কপৌ ফুল।
২৮) কপৌ ফুলক অসমৰ কি প্ৰতীক হিচাপে গণ্য কৰা হয়?(What is the symbol of The fox tail flower considered as Assam?)
উত্তৰ:- সাংস্কৃতিক প্ৰতীক।
২৯) কেতিয়া অসম চৰকাৰে কপৌ ফুলক ৰাজ্যিক ফুল হিচাপে স্বীকৃতি দিছিল?(When was the Assam government recognising the fox tail flower as the state flower?)
উত্তৰ:- ২০০৩ চনৰ ৪ এপ্ৰিলত।
৩০) অসমৰ ৰাজ্যিক বৃক্ষ কি?(What is the state tree of Assam?)
উত্তৰ:- হোলোং গছ।
৩১) হোলোং গছ ক'ত পোৱা যায়?(Where is the Holong tree found?)
উত্তৰ:- হোলোং গছ চিৰসেউজ উদ্ভিদ হিচাপে দক্ষিণ- পূব এছিয়াৰ প্ৰায় সকলো দেশতে পোৱা যায়।
৩২) অসমৰ আটাইতকৈ ওখ গছটোৰ নাম কি?(What is the name of the tallest tree in Assam?)
উত্তৰ:- হোলোং গছ।( সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬০০ মিটাৰ উচ্চতালৈ।)
৩৩) হোলোং গছ কোনটো কামত ব্যৱহাৰ কৰা হয়?(For which purpose is the Hollong tree used?)
উত্তৰ:- চাপযুক্ত কাঠ, প্লাইউড,কাগজৰ পাল্প আৰু এঙাৰ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়।
৩৪) কেতিয়া অসম চৰকাৰে ' হোলোং ' গছক ৰাজ্যিক বৃক্ষ হিচাপে স্বীকৃতি প্ৰদান কৰে?(When was the Government of Assam recognising the 'Holong' tree as the state tree?)
উত্তৰ:- ২০০৩ চনৰ ৪ এপ্ৰিলত।
৩৫) অসমৰ ৰাজ্যিক জলজ পশু কি?(What is the state aquatic animal of Assam?)
উত্তৰ:- শিহু।
৩৬) শিহু হল এবিধ?(What is Dolphin?)
উত্তৰ:- নদী-ডলফিন।
৩৭) ভাৰতৰ কেইখন ৰাজ্যত নদী-ডলফিন পোৱা যায়?(Rivers-dolphins are available in how many states of India?)
উত্তৰ:- সাতখন।(অসম , উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, বিহাৰ , ঝাৰখণ্ড আৰু পশ্চিমবংগ।
৩৮) শিহুৰ গাৰ বৰণ কেনেকুৱা?(What is the color of Dolphins?)
উত্তৰ:- মুগা।
৩৯) অন্ধ ডলফিন বুলি কোৱাৰ কাৰণ?(The reason for saying blind dolphins?)
উত্তৰ:- চকুৰ লেন্স নথকাৰ বাবে।
৪০) শিহু বুলি কোৱাৰ কাৰণ?(The reason for saying dolphins?)
উত্তৰ:- নদী-ডলফিনৰ মাতটো সুহুৰি মৰাৰ দৰে বাবে ইয়াক শিহু বুলি কোৱা হয়।
৪১) শিহু বা নদী-ডলফিন এবিধ কি প্ৰাণী?(What animal is a dolphin?)
উত্তৰ:- স্তন্যপায়ী প্ৰাণী।
৪২) কিমান চনত ' আৰণ্যক' নামৰ এক সংস্থাই চলোৱা এক সমীক্ষাত ধৰা পৰিছিল যে সমগ্ৰ ব্ৰক্ষ্মপুত্ৰ উপত্যকাত ২৫০ টা ডলফিন আছে?(In how many years, a survey conducted by an organisation called 'Aranyak' found that there were 250 dolphins in the entire Brahmaputra Valley?)
উত্তৰ:- ২০০৫ চনত।( ২৭ কুলসীত , ২৬ টা সোৱণশিৰিত আৰু ১৯৭ টা ব্ৰক্ষ্মপু্ত্ৰ নদীত আছে।)
৪৩) IUCN ৰঙা তালিখাত দেওহাঁহ আৰু শিহুক কি প্ৰাণী হিচাপে চিনাক্ত কৰা হৈছে?(IUCN Red data book White winged wood duck and Dolphins have been identified as which animals?
উত্তৰ:- বিপন্ন প্ৰজাতি।
৪৪) কেতিয়া অসম চৰকাৰে শিহুক ৰাজ্যিক জলজ পশু হিচাপে স্বীকৃতি প্ৰদান কৰে?(When did the Government of Assam recognise Dolphins as a state aquatic animal?)
উত্তৰ:- ২০০৮ চনৰ ৫ এপ্ৰিলত।
৪৫) অসমৰ ৰাজ্যিক পানীয় কি?(What is the state drink of Assam?)
উত্তৰ:- চাহ।
৪৬) কেতিয়া চাহক অসমৰ ৰাজ্যিক পানীয় হিচাপে স্বীকৃতি প্ৰদান কৰে আৰু কোনে?(When was tea recognised as the state drink of Assam and who?)
উত্তৰ:- ২০১১ চনত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
Assam History GK link:- https://realtigerconcept.blogspot.com/2022/04/Assam-History-Gk-Apsc-exam.html
0 Comments
Comment only if you don't understand.Request you not to give bad comments.