History GK of all competitive exam. |
Written By Mr. Pusanta Pegu.
1) পুৰণি কালত আদিম মানুহে খাদ্য হিচাপে কি শস্য ব্যৱহাৰ কৰিছিল?
উত্তৰ:- ঘেঁহু আৰু বাৰ্লি।
2) পুৰণি কালত জীৱ-জন্তুৰ ভিতৰত খাদ্য হিচাপে ব্যৱহাৰ কৰা আৰু প্ৰথম প্ৰতিপালন কৰা জন্তুৰ নাম কি?
উত্তৰ:- ভেড়া আৰু ছাগলী।
3) সিন্ধু উপত্যকাৰ সভ্যতা কোনখন নদীৰ পাৰত অৱস্থিত?
উত্তৰ:- সিন্ধু নদীৰ।
4) মিছৰীয়া সভ্যতা কোনখন নদীৰ পাৰত অৱস্থিত?
উত্তৰ:- নীল নদী।
5) বেবিলনীয় সভ্যতা কোনখন নদীৰ পাৰত অৱস্থিত?
উত্তৰ:- ইউফ্ৰেটিচ আৰু ট্ৰাইগ্ৰীছ নদী।
6) হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰত কোন সভ্যতা অৱস্থিত?
উত্তৰ:- চীনা সভ্যতা।
7) সিন্ধু উপত্যকাৰ সভ্যতাক ইতিহাসত কি বুলি কোৱা হয়?
উত্তৰ:- হৰপ্পা সংস্কৃতি।
8) সিন্ধু নদী উপত্যকাৰ দুখন চহৰ মহেঞ্জোদাৰো আৰু হৰপ্পা কোণ চনত আৱিস্কাৰ হৈছিল?
উত্তৰ:- ১৯২২ চনত।
9) মহেঞ্জোদাৰোত আৱিষ্কৃত হোৱা ৰাজহুৱা স্নানাগাৰটো কি আকৃতিৰ ?
উত্তৰ:- চতুৰ্ভুজ আকৃতিৰ।
10) হৰপ্পা সংস্কৃতিৰ মানুহেই পোন প্ৰথমতে কি খেতি কৰিছিল?
উত্তৰ:- কপাহ খেতি।
11) সা-সামগ্ৰী আন দেশৰ পৰা নিজ দেশলৈ অনা কাৰ্যক কি বুলি কোৱা হয়?
উত্তৰ:- আমদানি।
12) সা-সামগ্ৰী বিক্ৰীৰ নিমিত্তে অন্য দেশলৈ পঠোৱা কাৰ্যক কি বুলি কোৱা হয়?
উত্তৰ:- ৰপ্তানি ।
13) মেছ'পটেমিয়া সভ্যতা কোন উপত্যকাৰ সভ্যতাৰ প্ৰায় সমসাময়িক আছিল?
উত্তৰ:- সিন্ধু উপত্যকা ।
14) মেছ'পটেমিয়াক বৰ্তমান কি হিচাপে জনা যায়?
উত্তৰ:- ইৰাক।
15) সিন্ধু উপত্যকাৰ সভ্যতাত কি ধাতুৰ ব্যৱহাৰ হোৱা নাছিল?
উত্তৰ:- লো ধাতুৰ।
16) লোথাল আৰু কালিবাংগান বৰ্তমান কোন কোন ৰাজ্যত অৱস্থিত?
উত্তৰ:- ৰাজস্থান ৰাজ্যত অন্তৰ্গত।
17) 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা-
'ক' - 'খ'
উত্তৰ:-
(১) সিন্ধু উপত্যকাৰ সভ্যতাৰ মানুহে - ইৰাকৰ লগত বেপাৰ-বাণিজ্য কৰিছিল।
(২) মোহৰবোৰ আছিল - চতুৰ্ভুজ, ঘুৰণীয়া আৰু চুঙা আকৃতিৰ
(৩) সিন্ধু উপত্যকাৰ মানুহে বস্তু কঢ়িয়াবলৈ - উট আৰু গাধ ৰাখিছিল।
(৪) সিন্ধু উপত্যকাৰ সভ্যতাৰ ভঁৰালবোৰ ব্য়ৱহাৰ কৰা হৈছিল - শস্য় ৰাখিবৰ বাবে।
(৫) সিন্ধু উপত্যকাৰ সমসাময়িক সভ্যতা - মেছ'পটেমিয়া সভ্যতা।
18) সিন্ধু নদী ভাৰতৰ কোন দিশত অৱস্থিত?
উত্তৰ:- পশ্চিম দিশত।
19) ঝিলাম বৰ্তমান কোনখন দেশত ?
উত্তৰ:- পাকিস্তান।
20) আৰ্যসকলে গঢ়ি তোলা সভ্যতাটোক ইতিহাসত কি বুলি কোৱা হয়?
উত্তৰ:- বৈদিক সভ্যতা বা বৈদিক যুগ।
21) বৈদিগ যুগক কেইটা ভাগত ভাগ কৰিব পাৰি?
উত্তৰ:- দুটা ভাগত।( ঋক্ বৈদিক যুগ আৰু পৰৱৰ্তী বৈদিক যুগ)
22) আৰ্যসকল কোনখন সাগৰৰ মাজত অধিবাসী আছিল?
উত্তৰ:- মধ্য এছিয়াৰ কৃষ্ণ সাগৰ আৰু কাস্পিয়ান সাগৰ।
23) আৰ্যসকল প্ৰধানত: কি আছিল?
উত্তৰ:- পহুপালক আছিল।
24) আৰ্য শব্দটো কি আছিল?
উত্তৰ:- এটা গোষ্ঠীৰ নাম আছিল।
25) আৰ্যসকলে নিজকে কি বুলি দাবী কৰিছিল?
উত্তৰ:- শ্ৰেষ্ঠ ।
26) ইৰাণ , ইৰাক , ইউৰোপৰ ভাষা আৰু ভাৰতীয় বৈদিক সংস্কৃত ভাষাবোৰক একেলগে কি বুলি কোৱা হয়?
উত্তৰ:- ইন্দো-ইউৰোপীয়ান ভাষা গোষ্ঠী।
27) আৰ্যসকলে দেৱ-দেৱীৰ ভিতৰত কাক শ্ৰেষ্ঠ বুলি ধৰিছিল?
উত্তৰ:- ইন্দ্ৰক ।
28) আৰ্যসকলে যাগ-যজ্ঞৰ সময়ত গোৱা মন্ত্ৰবোৰক কি নামেৰে জনা যায়?
উত্তৰ:- শ্ৰুতি।
29) বেদ কেইখন ?
উত্তৰ:- চাৰিখন।( ঋক্-বেদ, সামবেদ , যজাুৰ্বেদ আৰু অথৰ্ববেদ।
30) বেদৰ আন এটাৰ নাম কি?
উত্তৰ:- সংহিতা।
31) সিন্ধু নদীৰ উপত্যকা অঞ্চল প্ৰাচীন কালত কি নামেৰে জনাজাত?
উত্তৰ:- সপ্তসিন্ধু।
32) প্ৰাৰম্ভিক আৰ্য সমাজত নাৰীৰ স্থান কি আছিল?
উত্তৰ:- উচ্চ ।
33) চাৰিখন বেদৰ ভিতৰত কোনখন প্ৰাচীনতম বেদ?
উত্তৰঃ ঋকবেদ।
34) বৈদিক যুগৰ দুগৰাকী বিদূষী নাৰীৰ নাম লিখা?
উত্তৰঃ লুপামুদ্ৰা, বিশ্ববাৰা।
35) আৰ্যসকল কোন ভাষিক গোষ্ঠীৰ মানুহ আছিল?
উত্তৰঃ ইন্দো-ইউৰূপিয় ভাষিক গোষ্ঠীৰ মানুহ আছিল ।
(36) আৰ্যসকলে কিহক প্ৰধান সম্পদ হিছাপে গণ্য কৰিছিল?
উত্তৰঃ গৰু ।
(37) আৰ্যসকলে ভাৰতত কোনবিধ ঘৰচীয়া জন্তৰ প্ৰচলন কৰিছিল?
উত্তৰঃ গৰু।
38) আৰ্যসকলে একোখন সমাজক কি বুলি নামাকৰণ কৰিছিল?
উত্তৰ:- জন।
39) আৰ্যসকলে সাধাৰণ লোকসকলক কি বুলি কোৱা হৈছিল?
উত্তৰ:- বিশ।
40) ) তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল ?
১) মগধ, ২) লিচ্ছবী, ৩) অঙ্গ, ৪) অৱন্ত।
উত্তৰঃ মগধ।
41) মগধ ৰাজ্যৰ কাষতে থকা নদীখন হ'ল।
১) গংগা, ২) যমুনা, ৩) কোশী, ৪) মহানদী ।
উত্তৰঃ গংগা।
(42) তলৰ কোন খন ঠাই ষোল্লমহাজনপদৰ অন্তৰ্ভুক্ত নহয়?
১) কোশল, ২) বৎস, ৩) হস্তিনাপুৰ, ৪) অৱন্তী।
উত্তৰঃ হস্তিনাপুৰ।
(43) কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল?
১) বাঢ়ৈ, ২) কুমাৰ, ৩) শিপিনী, ৪) পেছাদাৰী স্থপতি।
উত্তৰঃ পেছাদাৰী স্থপতি।
(44) কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল?
১) বিম্বিসাৰ, ২) অজাতশত্ৰু, ৩) মহাপদ্মনন্দ, ৪) চন্দগুপ্ত মৌৰ্য।
উত্তৰঃ চন্দগুপ্ত মৌৰ্য।
45) ৰাজন পদৰ নিৰ্বাচন কোনে কৰিছিল?
উত্তৰঃ-আৰ্যসকলে কৰিছিল।
46) জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল?
উত্তৰ:- বৰ্দ্ধমান মহাবীৰ।
47) বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল?
উত্তৰ:- গৌতম বুদ্ধ।
48) বৰ্দ্ধমান মহাবীৰ কিমান বছৰ বয়সত ঘৰৰ পৰা ওলাই গৈ সন্ন্যাসী জীৱন-যাপন কৰিছিল?
উত্তৰ:- ৩০ বছৰ।
49) বৰ্দ্ধমান মহাবীৰ সুদীৰ্ঘ কিমান বছৰ কাল তেওঁ কঠোৰ তপস্যাত নিমগ্ন হৈছিল?
উত্তৰ:- ১২ বছৰ কাল।
50) বৰ্দ্ধমান মহাবীৰ তপস্যাৰ অন্তত কি লাভ কৰিছিল?
উত্তৰ:- কৈৱল্য বা আত্মজ্ঞান।
51) বৰ্দ্ধমান মহাবীৰক কি হিচাপে জ্ঞাত হৈছিল?
উত্তৰ:- সৰ্বজ্ঞ আৰু জিতেন্দ্ৰিয় ।
52) বৰ্দ্ধমান মহাবীৰ কি উপাধি পাইছিল?
উত্তৰ:- জিন।
53) বৰ্দ্ধমান মহাবীৰ কিমান বছৰ বয়সত ইহলীলা সম্বৰণ হল?
উত্তৰ:- ৭২ বছৰ।
54)বৰ্দ্ধমান মহাবীৰ মতে মানৱ জীৱনৰ মূল নীতি কি আছিল?
উত্তৰ:- অহিংসা।
55) গৌতম বুদ্ধৰ জন্ম কত হৈছিল?
উত্তৰ:- কপিলাবস্তু।
56) গৌতম বুদ্ধৰ ল'ৰালিকালৰ নাম কি আছিল?
উত্তৰ:- সিদ্ধাৰ্থ ।
57) গৌতম বুদ্ধৰ কিমান বছৰ বয়সত মাজৰাতি পুত্ৰ-পৰিবাৰক এৰি ঘৰৰ পৰা ওলাইছিল?
উত্তৰ:- ২৯ বছৰ।
58) গৌতম বুদ্ধই তপস্যা কৰি কি লাভ কৰিছিল?
উত্তৰ:- দিব্যজ্ঞান।
59) গৌতম বুদ্ধক কি বুলি খ্যাত হৈছিল?
উত্তৰ:- সিদ্ধাৰ্থ বুদ্ধ অৰ্থাৎ পৰম-জ্ঞানী।
60) বৌদ্ধ মতবাদসমূহ অনুসৰণ কৰা লোকসকলক কি লোক হিচাপে জনা যায়?
উত্তৰ:- বৌদ্ধ ধৰ্মাৱলম্বী।
61) বুদ্ধদেৱৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰ:- পিতৃৰ নাম শুদ্ধোধন আৰু মাতৃৰ নাম মায়াদেৱী।
62) গৌতম বুদ্ধৰ পত্নীৰ নাম কি আছিল?
উত্তৰ:- গোপা বা যশোধৰা আছিল।
63) গৌতম বুদ্ধই দিব্যজ্ঞান লাভ কৰা গছজোপাটোৰ নাম কি আছিল?
উত্তৰ:- বোধিদ্ৰুম বৃক্ষ।
64) ব'হাগ মাহৰ পূৰ্ণিমাৰ দিনটো সমগ্ৰ বিশ্বই কি হিচাপে পালন কৰা হয়?
উত্তৰ:- বুদ্ধ পূৰ্ণিমা ।
65) বৌদ্ধধৰ্মৰ মূল ধৰ্মপুথিক কি বুলি কোৱা হয়?
উত্তৰ:- ত্ৰিপিটক ।
66) গৌতম বুদ্ধই তেওঁৰ মতবাদসমূহ প্ৰথমে কত প্ৰচাৰ হৈছিল?
উত্তৰ:- সাৰনাথত।
67) কি কি কাৰণত পৰৱৰ্তী বৈদিক কালত ভাৰতীয় মানুহৰ মনত নতুন ভাৱধাৰা গঢ়ি উঠিছিল?
উত্তৰঃ জাতিভেদ বা বৰ্ণ প্ৰথাই ।
(68) জৈন ধৰ্মৰ মূল নীতি শিক্ষা কি কি?
উত্তৰঃ অহিংসা, সত্যবাদিতা, চুৰি নকৰা, ত্যাগ আৰু ব্ৰক্ষ্মচাৰ্য।
(69) জৈন ধৰ্ম ভাৰতৰ কোন কোন ঠাইত বিস্তৃত পাইছিল?
উত্তৰঃ উত্তৰ ভাৰত, গুজৰাট, তামিলনাডু, কৰ্ণাটক আদি ঠাইত বিস্তৃতি পাইছিল।
(70) গৌতম বুদ্ধৰ ধমৰ প্ৰতি মন ঢাল খোৱাৰ মূলতে কি আছিল?
উত্তৰঃ সুখ-শান্তিৰ উপায় বিচাৰি।
(71) কিহৰ ওপৰত ভিত্তি কৰি বৌদ্ধ মতবাত গঢ়ি উঠিছিল?
উত্তৰঃ পাচঁটা শিক্ষাৰ ওপৰত ভিত্তি কৰি বৌদ্ধ নতুন মতবাদ গঢ়ি উঠিছিল ।
(72) বৌদ্ধ বিহাৰবোৰৰ কাম কি আছিল?
উত্তৰঃ হিংসা-বিদ্বষ, ব্যাভিচাৰ, মদ্যপ্ৰাণ আৰু মিছা কথা কোৱাৰ পৰা দূৰত থকা।
(73) পৰৱৰ্তী সময়ত ৰজাসকলে বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে কি কি ব্যৱস্থা হাতত লৈছিল?
উত্তৰঃ বিভিন্ন ঠাইত বৌদ্ধ মঠ-মন্দিৰ নিৰ্মাণ কৰাৰ উপৰি এইবোৰত বুদ্ধৰ বাণী আৰু বৌদ্ধ চিত্ৰ শিল্প অংকিত কৰিছিল।
74)মহাবীৰে কিয় 'জিন' উপাধি পাইছিল?
উত্তৰঃ মহাবীৰে ইন্দ্ৰিয় জয় কৰিছিল বাবে তেওঁ 'জিন' উপাধি পাইছিল।
(75) জৈন ধৰ্মৰ ভাগ দুটাৰ নাম কি কি?
উত্তৰঃ জৈন ধৰ্মৰ ভাগ দুটাৰ নাম হৈছে- শ্বেতাম্বৰ আৰু দিগম্বৰ।
(76) বুদ্ধদেৱে ক'ত ধৰ্ম প্ৰচাৰ কৰিছিল?
উত্তৰঃ বুদ্ধদেৱে সাৰনাথত ধৰ্ম প্ৰচাৰ কৰে।
77) ক' অংশৰ লগত 'খ' মিলোৱা-
'ক' - 'খ'
উত্তৰ:-
ক) ত্ৰিপিটক - বৌদ্ধ ধৰ্মগ্ৰন্থ।
খ) কুশীনাৰা - বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণৰ ঠাই।
গ)কৈৱল্য - তপস্য়াৰ অন্তত মহাবীৰে লাভ কৰিছিল।
ঘ) কুন্দপুৰ - মহবীৰৰ জন্মস্থান।
ঙ) পূৰ্ৱ - জৈন ধৰ্মগ্ৰন্থ।
চ) সাৰনাথ - বৌদ্ধ মতবাদ প্ৰথমে প্ৰচাৰ কৰা ঠাই।
ছ) কপিলাবস্তু - বুদ্ধদেৱৰ জন্মস্থান।
78) চন্দ্ৰগুপ্তৰ মাতৃৰ নাম কি আছিল?
উত্তৰ:- মুৰা আছিল।
79) চন্দ্ৰগুপ্ত মৌৰ্যক সাম্ৰাজ্য প্ৰতিষ্ঠা কৰা কাৰ্যত কোনজন পণ্ডিতে সহায় কৰিছিল?
উত্তৰ:- চাণক্য নামৰ ব্ৰাহ্মণ পণ্ডিত।
80) চাণক্যক কি নামেৰে জনাজাত?
উত্তৰ:- কৌটিল্য অথবা বিষ্ণুগুপ্ত।
81) অশোক কোনখন দেশৰ এজন প্ৰখ্যাত ৰজা আছিল?
উত্তৰ:- ভাৰতবৰ্ষ ।
82) আধুনিক কল্যাণকামী ৰাষ্ট্ৰ ধাৰণাৰ প্ৰৱৰ্তক কোন আছিল?
উত্তৰ:- সম্ৰাট অশোক।
83) অৰ্থশাস্ত্ৰ কোনে লিখিছিল?
উত্তৰ:- কৌটিল্য বা চাণক্য ।
84) ইণ্ডিকা পুথিখন কোনে লিখিছিল?
উত্তৰ:- মেগাস্থিনিচ।
85) সম্ৰাত অশোকে শিলালিপিসমূহ কি কি ভাষাত লিখাইছিল?
উত্তৰঃ পালি বা প্ৰাকৃত ভাষাত লিখিছিল।
86) মৌৰ্য শিল্পকলাৰ নিদৰ্শনসমূহ ক'ত ক'ত দেখিবলৈ পোৱা যায়?
উত্তৰঃ স্তুপসমূহপৰ ভিতৰত সাঁচীৰ স্তুপটোত পোৱা যায়।
87) কৌটিল্যৰ আন এটা নাম কি আছিল?
উত্তৰ:- চাণক্য ।
88) সম্ৰাট অশুকে নিজ সন্তানক ক'লৈ বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে পঠাই দিছিল?
উত্তৰঃ-বিদেশত।
89) সাতবাহনসকলক ইতিহাসত কি বুলি কোৱা হয়?
উত্তৰ:- অন্ধ্ৰ।
90) সাতবাহন ৰাজ্যত কেই ধৰণৰ শাসন-ব্যৱস্থা আছিল?
উত্তৰ:- দুই।
91) মৌৰ্যবংশৰ শেষ ৰজাজনৰ নাম কি?
উত্তৰ:- বৃহদ্ৰথক।
92) কাতন্ত্ৰ বিখ্যাত গ্ৰন্থখন কি ভাষাত লিখা হৈছিল?
উত্তৰ:- সংস্কৃত ভাষাত।
93) বিখ্যাত বৃহৎকথা গ্ৰন্থখন কি ভাষাত লিখা হৈছিল?
উত্তৰ:- প্ৰাকৃত ভাষাত।
94) সাতবাহনসকলে ক'ত ৰাজ্য স্থাপন কৰিছিল?
উত্তৰ:- বৰ্তমান অন্ধ্ৰ প্ৰদেশত।
95) কলিঙ্গ ৰাজ্য বৰ্তমান ক'ত অৱস্থিত?
উত্তৰ:- উৰিষ্যা।
96) ইন্দো-গ্ৰীকসকলৰ বিখ্যাত ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- মিনাণ্ডাৰ বা মিলিন্দ।
97) চৈত আৰু বৌদ্ধবিহাৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- মিনাণ্ডাৰ বা মিলিন্দ।
98) বৌদ্ধ কলাকৃষ্টিৰে সমৃদ্ধ গুহাসমূহক কি বোলা হৈছিল?
উত্তৰ:- চৈত।
99) বৌদ্ধ স্মাৰকসমূহৰ ওপৰত নিৰ্মাণ কৰা গাথঁনিসমূহক কি বোলা হৈছিল?
উত্তৰ:- স্তূপ।
100) গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু কি আছিল?
উত্তৰ:- বৌদ্ধধৰ্ম।
101) কুষাণ বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- কণিষ্ক।
102) অসমৰ কোনখন ঠাইক প্ৰাচ্যৰ মানচেষ্টাৰ বুলি কোৱা হয়?
উত্তৰ:- শুৱালকুছি।
103) শুঙ্গবংশৰ পিছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল?
উত্তৰঃ শুঙ্গবংশৰ পিছত কান্ব নামৰ এটা ৰাজবংশৰ ৰজাই উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল।
104) সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল?
উত্তৰঃ সাতবাহনসকলে ভাৰতৰ দক্ষিণ ভাৰতত ৰাজত্ব কৰিছিল।
105) ত্ৰিৰাজ্য' বুলিলে কোন কেইখন ৰাজ্যক বুজায়?
উত্তৰ চোল, চেৰা পাণ্ড্যসকলে, ৰাজত্ব কৰা তিনিওখন ৰাজ্যক ত্ৰিৰাজ্য বুলি জনা যায়।
106) কণিষ্কৰ শাসনকালত বৌদ্ধ ধম কেইটা ভাগত ভাগ হৈছিল? নাম দুটা উল্লেখ কৰা?
উত্তৰ কণিষ্কৰ শাসনকালত বৌদ্ধ ধৰ্ম ২ টা ভাগত ভাগ কৰা হৈছিল। আৰু ভাগকেইটা হৈছে - হীনযান আৰু মহাযান।
107) সংগম সাহিত্য কেইপ্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ সংগম সাহিত্য দুই প্ৰকাৰৰ আৰু সেইকেইটা হৈছে - নীতিশিক্ষামূলক আৰু বৰ্ণনাত্মাক।
108) কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম।
উত্তৰঃ কুষাণ যুগৰ দুটা শিল্পকলাৰ নাম- মথুৰা শিল্পকলাৰ আৰু অমৰাৱতী শিল্পকলা।
109) মৌৰ্যৰ পৰৱতী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম।
উত্তৰঃ মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম হ'ল পুখুৰী আৰু কৃত্ৰিম জলাশয় আদি।
110) মৌৰ্যসকলৰ পৰৱৰ্তী গাওঁবিলাকত কি কি বৃত্তিজীৱি লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা।
উত্তৰঃ মৃৎশিল্পি, কমাৰ, বাঢ়ৈ, শিপিনী আদি।
111) ক' অংশৰ লগত 'খ' অংশ মিলাই চোৱা -
উত্তৰ:-
(ক) মহামেঘ বাহন - (ঙ) কলিঙ্গ
(খ) অন্ধ্ৰৰ আন এটা নাম - (ঘ) সাতবাহন
(গ) ইন্দো-গীকসকলৰ বিখ্যাত ৰজা - (ক) মিনাণ্ডাৰ
(ঘ) কণিষ্কৰ দৃষ্টি আকষণ কৰিছিল - (খ) গান্ধাৰ শিল্পই
(ঙ) সংগম সাহিত্য - (গ) তামিল কবি সন্মিলনৰ সাহিত্য় আছিল।
112) সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল-
উত্তৰঃ সিমুকে।
113) যবন বুলি কোনসকলক কোৱা হৈছিল?
উত্তৰঃ ইন্দো-গ্ৰীক।
114) গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল? উত্তৰ ঃ বৌদ্ধধৰ্ম।
115) গণ্ডোফণিছ কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল?
উত্তৰঃ পহ্লৱ।
116) জাতক হৈছে?
উত্তৰঃ গল্প।
117) কাতন্ত্ৰ আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্ৰন্থ।
উত্তৰঃ সত্য।
118) প্ৰাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল।
উত্তৰঃ সত্য।
119) গুপ্তসকলে ভাৰতবৰ্ষত প্ৰায় কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰ:- দুশ বছৰ।
120) গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- শ্ৰীগুপ্ত।
121) শ্ৰীগুপ্তই মগধত গুপ্তবংশ প্ৰতিষ্ঠা কৰি কি উপাধি লৈছিল?
উত্তৰ:- মহাৰাজ।
122) শ্ৰীগুপ্তৰ পিছত কোনে গুপ্ত সাম্ৰাজ্যৰ সিংহাসনত বহে?
উত্তৰ:- ঘটোৎকচ।
123) গুপ্ত ৰজাসকলে পৰ্যায়ক্ৰমে বৰ্তমানৰ কোনখন ৰাজ্যত কেন্দ্ৰ কৰি গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- উত্তৰ প্ৰদেশ আৰু বিহাৰত।
124) কোনযুগত গীল্ড বা নিগম ব্যৱস্থা প্ৰচলিত আছিল?
উত্তৰ:- গুপ্ত যুগত।
125) আৰ্যভট্টীয় নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ:- জ্যোৰ্তিবিদ আৰ্যভট্টই।
126) পৃথিৱীয়ে নিজ কক্ষপথত থাকি সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰে আৰু পৃথিৱীৰ ছাঁতো চন্দ্ৰৰ গাত পৰাৰ ফলত চন্দ্ৰগ্ৰহণ হয়-- এই দুটা বৈজ্ঞানিক ব্যাখ্যা আৰ্যভট্ট কোন যুগতে উদ্ভাৱন কৰিছিল?
উত্তৰ:- গুপ্ত যুগত।
127) বৈজ্ঞানিকসকলে দশমিক পদ্ধতি , শূণ্যৰ ব্যৱহাৰ আৰু স্থানীয় মানৰ ধাৰণা আদি তত্ত্বসমূহ কোন যুগত উদ্ভাৱন কৰিছিল?
উত্তৰ:- গুপ্তযুগত।
128) বৃহৎসংহিতা নামৰ পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ:- জ্যোৰ্তিশাস্ত্ৰবিদ বৰাহমিহিৰ।
129) 'চৰক' আৰু ' সুশ্ৰুত' কি শাস্ত্ৰবিদ আছিল?
উত্তৰ:- চিকিৎসা শাস্ত্ৰবিদ।
130) ইতিহাসবিদে কোনযুগক ' স্বৰ্ণযুগ' বুলি মানি ল'ব নোখোজে?
উত্তৰ:- গুপ্ত যূগক।
131) এলাহাবাদ প্রশস্তিৰ লেখকগৰাকীৰ নাম কি?
উত্তৰঃ এলাহাবাদ প্ৰশস্তিৰ লেখকগৰাকীৰ নাম হৈছে- হৰিসেন।
(132) গংগা-উপত্যকাত থকা বন্দৰটোৰ নাম কি?
উত্তৰঃ গংগা উপত্য়কাত থকা বন্দৰটোৰ নাম হ'ল- তাম্ৰলিপ্তি।
(133) সমুদ্রগুপ্তৰ সমসাময়িক কামৰূপৰ ৰাজনৰ নাম কি আছিল?
উত্তৰঃ সমুদ্ৰগুপ্তৰ সমসাময়িক কামৰূপৰ ৰজাজনৰ নাম হৈছে- পুষ্যবৰ্মণ।
134) গুপ্ত যুগত ভূমিসমূহক তিনিটা ভাগত ভাগ কৰা হৈছিল।
উত্তৰঃ শুদ্ধ।
135) 1971 চনত আমাৰ ভাৰতবৰ্ষৰ ওচৰত এখন নতুন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল? ৰাষ্ট্ৰখনৰ নাম কি?
উত্তৰ:- বাংলাদেশ।
136) হৰ্ষবৰ্ধনক কি নামেৰে জনা যায়?
উত্তৰ:- শিলাদিত্য।
137) হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী কি আছিল?
উত্তৰ:- কনৌজ।
138) হৰ্ষচৰিত আৰু কাদম্বৰী নামৰ দুখন পুথি কোনে ৰচনা কৰিছিল?
উত্তৰ:- বাণভট্ট।
139) নাগানন্দ, ৰত্নাৱলী আৰু প্ৰিয়দৰ্শিকা নামৰ তিনিখন পুথি কোনে ৰচনা কৰিছিল?
উত্তৰ:- হৰ্ষবৰ্ধন।
140) পল্লৱসকলৰ ৰাজধানী কি আছিল?
উত্তৰ:- কাঞ্চিপুৰম।
141) চোল সাম্ৰাজ্যৰ ৰাজধানী কি আছিল?
উত্তৰ:- তাঞ্জোৰ।
142) চোল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- ৰাজাৰাজ।
143) থানেশ্বৰ ৰাজ্যখন বৰ্তমান কোন প্ৰদেশৰ অন্তৰ্গত ?
উত্তৰ:- হাৰিয়ানা।
144) হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি গৰাকীৰ নাম কি?
উত্তৰঃ বাণভট্ট।
145) ইলোৰাৰ কৈলাশনাথ মন্দিৰ কোনে সজাইছিল?
উত্তৰঃ ৰাষ্ট্ৰকূট ৰজা প্ৰথম কৃষ্ণই সজাইছিল।
146) গংগাইকুণ্ডচোলপুৰম নগৰ কোনজন চোল ৰজাই নিৰ্মান কৰাইছিল?
উত্তৰঃ ৰাজাৰাজৰ পুত্ৰ ৰাজেন্দ্ৰই গংগাইকুণ্ডচোলপুৰম নগৰ নিৰ্মাণ কৰাছিল।
147) খালী ঠাই পূৰোৱা–
(ক) বমৰ্ণ বংশৰ শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰবৰ্মণ।
(খ)হৰ্ষবৰ্ধন ৰ আন এটি নাম আছিল শিলাদিত্য।
(গ) পল্লৱসকলে দ্ৰাবিড় শিল্প নামৰ এটি নতুন শিল্পকলাৰ সৃষ্টি কৰে।
(ঘ) এলিফেন্টা আৰু মালখেদৰ মন্দিৰসমূহত ৰাষ্ট্ৰকূট শিল্পৰ নিদৰ্শন পোৱা যায়।
(ঙ) চোল ৰজাসকলে ব্ৰাহ্মণসকলক দান দিয়া মাটিক ব্ৰহ্মদেয় বোলা হৈছিল।
148) শুদ্ধ উত্তৰ বাছি উলিওৱা–
(ক) গুপ্ত সাম্ৰাজ্যৰ পতন হৈছিল গ্ৰীকসকলৰ / হুণসকলৰ / তুৰ্কী-আফগানসকলৰ আক্ৰমণৰ ফলত।
উত্তৰঃ হুণসকলৰ।
(খ) হৰ্ষবৰ্ধনৰ খেতিৰ পৰা উৎপাদিত শস্যৰ ১/৬ / ১/৫ / ১/৪ অংশ কৰ হিচাপে আদায় কৰিছিল
উত্তৰঃ ১/৬।
(গ) হৰ্ষবৰ্ধনৰ ৰাজ্যৰ ৰাজধানী আছিল তাঞ্জোৰ/তক্ষশীলা /কনৌজ।
উত্তৰঃ কনৌজ।
(ঘ) কাঞ্চী/কাঞ্চীপুৰম/ মহাৱলীপুৰম পল্লৱ ৰাজ্যৰ ৰাজধানী আছিল।
উত্তৰঃ কাঞ্চীপুৰম।
(ঙ) ৰাজাৰাজ /প্ৰথমকৃষ্ণ/দান্তিদূৰ্গ/ ৰাষ্ট্ৰকূট ৰাজ্যৰ প্ৰতিষ্ঠাপক।
উত্তৰঃ দান্তিদূৰ্গ।
149) থানেশ্বৰ ৰাজ্য়ৰ লগত একত্ৰিত হোৱাৰাজ্যখনৰ নাম কি?
উত্তৰঃ কনৌজ।
150) ৰাষ্ট্ৰকূট সকলৰ শাসন কালত কি কি ভাষাৰ বিকাশ হৈছিল?
উত্তৰঃ সংস্কৃত আৰু প্ৰাকৃত ভাষা।
151)কোন ৰজাৰ শাসন কালত পঞ্চায়তীৰাজ ব্য়ৱস্থাৰ পথ মুকলি হৈছিল।
উত্তৰঃ প্ৰথম পৰান্তক ৰজাৰ দিনত ।
152) নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত?
উত্তৰ:- গুৱাহাটীৰ চিত্ৰাচল পাহাৰত।
153) দেৱ-দেৱীৰ মহিমাৰ কথা উল্লেখ থকা কাহিনীবোৰক কি বুলি কোৱা হয়?
উত্তৰ:- কিংবদন্তি ।
154) ভানুমতী কাৰ জীয়েক আছিল?
উত্তৰ:- ভগদত্ত ।
155) দীঘলীপুখুৰীতো কোনে খন্দোৱাইছিল?
উত্তৰ:- ভগদত্তই জীয়েক ভানুমতীৰ সয়ম্বৰৰ সময়ত খন্দোৱাইছিল।
156) প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল?
উত্তৰ:- মহীৰঙ্গ দানৱ।
157) দানৱ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰ:- মহীৰঙ্গ দানৱ।
158) চি-উ-কি নামৰ পুথিখন কোনে লিখিছিল?
উত্তৰ:- হিউৱেন চাঙ।
159) হিউৱেন চাং আৰু ইৎচিং কোন দেশৰ পৰিব্ৰাজক আছিল?
উত্তৰ:- চীন।
160) নালন্দা বিশ্ববিদ্যালয় বৰ্তমান কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰ:- বিহাৰ।
161) চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনখন বিশ্ববিদ্যালয়ত কি শাস্ত্ৰ অধ্যয়ন কৰিছিল?
উত্তৰ:- চীনা পৰিব্ৰাজক হিউৱেন চাঙ নালন্দা বিশ্ববিদ্যালয়ত বৌদ্ধ ধৰ্মৰ চৰ্চাৰ বাবে ভাৰত ভ্ৰমণলৈ আহোঁতে ৬৪২-৪৩ খ্ৰীষ্টাব্দত ৰজা ভাস্কৰ বৰ্মাৰ আমন্ত্ৰণত অসমক এবাৰ দেখা কৰি যায়।
162) নৰকাসুৰ কোন আছিল?
উত্তৰঃ নৰকাসুৰ কামৰূপৰ প্ৰথম ঐতিহাসিক ৰজা আছিল।
163)বর্মণ বংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰঃ বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা হৈছে- পুষ্য বৰ্মণ।
(164) হিউৱেন চাঙে কোন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল?
উত্তৰঃ হিউৱেন চাঙে নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিল।
(165) অভিনৱ গুপ্ত কোন আছিল?
উত্তৰঃ অভিনৱ গুপ্ত এজন পণ্ডিত আছিল।
(166) পুৰণি কামৰূপ ৰাজ্য কেইটা ভাগত বিভক্ত আছিল?
উত্তৰঃ পুৰণি কামৰূপৰ ৰাজ্য ৪ টা ভাগত বিভক্ত আছিল।
(167) দানৱ বংশীয় প্রথম ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ দানৱ বংশীয় প্ৰথম ৰজাজনৰ নাম আছিল- মহীৰঙ্গ দানৱ।
168) শুদ্ধ / অশুদ্ধ বিচাৰ কৰাঃ
(ক) ৰামায়ণ, মহাভাৰত হ’ল হিন্দু ধৰ্মৰ দুখন মহাকাব্য।
উত্তৰঃ শুদ্ধ।
(খ) নৰকাসুৰৰ বংশটোৰ নাম দানৱ বা অসুৰ বংশ।
উত্তৰঃ অশুদ্ধ।
(গ) বর্মণ বংশৰ আদি ৰজা হ’ল পুষ্য বর্মণ।
উত্তৰ- শুদ্ধ।
(ঘ) বাণ ৰজাৰ জীয়ৰীৰ নাম আছিল ঊষা।
উত্তৰঃ শুদ্ধ।
(ঙ) ইৎচিঙে চি - উ - কি পুথিখন ৰচনা কৰিছিল।
উত্তৰঃ অশুদ্ধ।
169। ক্রমানুসাৰে সজোৱা-
বর্মণ বংশ , দানৱ বংশ , পাল বংশ , শালস্তম্ভ বংশ , ভৌম বংশ
উত্তৰ:- দানৱ বংশ , ভৌম বংশ ,বর্মণ বংশ,শালস্তম্ভ বংশ,পাল বংশ ।
170) কোন, কাৰ সমসাময়িক আঁচ টানি মিলােৱা-
উত্তৰ:-
ক) কুমাৰ ভাস্কৰ বৰ্মণ- হৰ্ষবৰ্ধন
খ) সমুদ্রগুপ্ত - পুষ্যবৰ্ণ
গ) নৰকাসুৰ - বাণ ৰজা নৰকাসুৰ
ঘ) ভগদত্ত - দুৰ্যোধন
ঙ) শংকাৰাচার্য -অভিনৱগুপ্ত
171) ভাৰতবৰ্ষৰ ইতিহাস কেইটা যুগত ভাগ কৰা হৈছে?
উত্তৰ:- তিনিটা।( প্ৰাচীন যুগ, মধ্যযুগ আৰু আধুনিক যুগ)।
172) কোনে আফগানিস্তানৰ গজনীত ৰাজ্য প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- আলপ্তগীন নামৰ এজন তুৰ্কী।
173) কাক ইতিহাসত মহম্মদ ঘোৰী নামেৰে পৰিচিত?
উত্তৰ:- চাহাবুদ্দিন।
174) মহম্মদ ঘোৰীয়ে কেতিয়া পঞ্জাৱ দখল কৰিছিল?
উত্তৰ:- ১১৮৯ খ্ৰীষ্টাব্দত।
175) প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:- ১১৯১ খ্ৰীষ্টাব্দত।
176) প্ৰথম তৰাইনৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- মহম্মদ ঘোৰী আৰু চৌহান বংশীয় ৰাজপুত ৰজা পৃথ্বীৰাজৰ হাতত পৰাজয়।
178) চুলতান মামুদে কি কাৰণে বাৰে বাৰে ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰঃ চুলতান মামুদে সিংহাসনত বহিয়েই ভাৰতৰ প্ৰচুৰ ঐশ্বৰ্য-বিভূতিৰ কথা শুনি ভাৰত আক্ৰমণ কৰে।
179) তৰাইনৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ তৰাইনৰ দ্বিতীয় যুদ্ধ ১১৯২ খ্ৰীঃত হৈছিল।
180) গজনী ৰাজ্য ক'ত প্ৰতিষ্ঠিত হৈছিল?উত্তৰঃ গজনী ৰাজ্য আফগানিস্তানত প্ৰতিষ্ঠিত হৈছিল।
181) মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰঃ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল- বাবৰ।
182) মোগলসকলৰ শেষ বাদছাহজনৰ নাম কি আছিল?
উত্তৰঃ মোগলসকলৰ শেষ বাদছাহজনৰ নাম আছিল- বাহাদুৰ ছাহ।
183)শুদ্ধ \ অশুদ্ধ বাছি উলিওৱাঃ
ক) ভাৰতবৰ্ষত \ আৰৱদেশত ইছলাম ধৰ্মৰ অভূদ্যয় হৈছিল।
উত্তৰঃ আৰৱদেশত।
(খ) আলপ্তগীনে / চুলতান মামুদে আফগানিস্তানৰ গজনীত ৰাজ্য প্রতিষ্ঠা কৰিছিল।
উত্তৰঃ আলপ্তগীনে।
(গ) বাবৰ / আকবৰ মােগল সাম্রাজ্যৰ প্রতিষ্ঠাতা।
উত্তৰঃ বাবৰ।
(ঘ) লােডী বংশ / চৈয়দ বংশ চুলতানী আমােলৰ শেষ ৰাজবংশ।
উত্তৰঃ লোডী বংশ।
(ঙ ) কুতুবুদ্দিন আইবাকে দিল্লীৰ / লাহােৰৰ পৰা শাসনকার্য চলাইছিল।
উত্তৰঃ দিল্লীৰ পৰা।
184) খালী ঠাই পূৰ কৰাঃ
(ক) গিয়াছুদ্দিন বলবন দাস বংশৰ ৰজা আছিল।
খ) জালালুদ্দিন খিলিজি খিলিজি বংশৰ প্রতিষ্ঠাতা।
গ) ইবনবটুতা এগৰাকী পৰিব্ৰাজক আছিল।
ঘ) আলপ্তগীন নামৰ এজন তুর্কী ক্রীতদাসে গজনীত ৰাজ্য প্রতিষ্ঠা কৰিছিল।
ঙ) চাহাবুদ্দিন ইতিহাসত মহস্মদ ঘোৰী নামে জনাজাত।
185) কিমান খ্ৰীষ্টাব্দত গজনী ৰাজ্যৰ প্ৰতিষ্ঠা হয়?
উত্তৰঃ ৯৬২ খ্ৰীষ্টাব্দত গজনী ৰাজ্যৰ প্ৰতিষ্ঠা হয়।
186) ভাৰত আক্ৰমণ মামুদে কেইবাৰ কৰিছিল?
উত্তৰঃ ভাৰত আক্ৰমণ মামুদে সোতৰবাৰ কৰিছিল।
187) মামুদে কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান খ্ৰীষ্টাব্দৰ ভিতৰত ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰঃ ১০০০ খ্ৰীষ্টাব্দৰ পৰা ১০২৭ খ্ৰীষ্টাব্দৰ ভিতৰত ভাৰত আক্ৰমণ কৰিছিল।
188) দাসবংশ প্ৰতিষ্ঠা কোন আছিল?
উত্তৰঃ কতুবুদ্দিন।
189) খিলিজি বংশ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ খিলিজি বংশ প্ৰতিষ্ঠাতা হৈছে- জালালুদ্দিন খিলিজি।
190) তৰাইনৰ প্ৰথম যুদ্ধ কাৰ কাৰ লগত সংঘটিত হৈছিল আৰু কেতিয়া হৈছিল?
উত্তৰঃ মহস্মদ ঘোৰী আৰু চৌহান বংশীয় ৰাজপুত ৰজা পৃথ্বীৰাজৰ মাজত সংঘটিত হৈছিল আৰু এই যুদ্ধ ১৯৯১ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল।
191) দাসবংশৰ শেষ ৰজাজনৰ নাম কি?
উত্তৰঃ গিয়াচ্ছুদিন বলবন।
192) কিমান খ্ৰীষ্টাব্দত চুলতানী শাসনৰ সামৰণি হয়?
উত্তৰঃ ১২০৬ খ্ৰীষ্টাব্দত।
193) মধ্যযুগৰ কেইগৰাকীৰ মান উল্লেখযোগ্য লিখকৰ নাম লিখা।
উত্তৰঃ জীয়াউদ্দিন, বৰানী, গুলবদন বেগম, আমিৰ খশ্ৰু, বাবৰ, আব্দুল ফজল আদি।
194) মধ্যযুগৰ কেইগৰাকীমান বিদেশী পৰিব্ৰাজকৰ নাম লিখা।
উত্তৰঃ ইউৰোপৰ মাৰ্কো পলো, পাৰস্যৰ আব্দুৰ ৰজ্জাক, মৰক্কোৰ ইবনবটুতা, নিকলকণ্টি আদি।
195) তুৰ্কীসকলে ভাৰতবৰ্ষক কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰ:- তিনিশ বিশ।( ১২০৬ খ্ৰীষ্টাব্দৰ পৰা ১৫২৬ খ্ৰীষ্টাব্দলৈ।
196) দাশ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ:- কুতুবুদ্দিন আইবাক।
197) দিল্লীৰ প্ৰখ্যাত কুতুবমিনাৰ সজোৱাৰ কাম কোনে আৰম্ভ কৰিছিল?
উত্তৰ:- চুলতান কুতুবুদ্দিন আইবাক।
198) কোন শাসন কালত প্ৰখ্যাত পৰিব্ৰাজক মাৰ্কোপলোৱে ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল?
উত্তৰ:- দাস বংশৰ শাসন কালত।
199) খিলিজি বংশৰ প্ৰথম চুলতান কি আছিল?
উত্তৰ:- জালালুদ্দিন ফিৰোজছাহ।
200) খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতান কোন আছিল?
উত্তৰ:- আলাউদ্দিন খিলিজি।
201) প্ৰথম তুৰ্কী-আফগান চুলতান কোন আছিল?
উত্তৰ:- আলাউদ্দিন খিলিজিয়ে।
202) চুলতানী যুগৰ তৃতীয় বংশটো কি বংশ আছিল?
উত্তৰ:- টোগলক বংশ।
203) টোগলক বংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰ:- গিয়াছুদ্দিন টোগলক।
204) কাৰ পৃষ্ঠপোষকতাত দিল্লীৰ বেগমপুৰী মছজিদ নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- মহম্মদ বিন টোগলক।
205) চুলতানী আমোলৰ শেষ ৰাজবংশটোৰ নাম কি আছিল?
উত্তৰ:- লোডী বংশ।
206) লোডী বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- বাহালুল লোডীয়ে।
207) কোনে নিজকে সোণৰ মুদ্ৰা প্ৰচলন কৰি তাত নিজৰ নাম খোদিত কৰি দ্বিতীয় আলেকজেণ্ডাৰ বুলি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল?
উত্তৰ:- আলাউদ্দিন খিলিজিয়ে।
208) চুলতানী যুগত ৰাষ্ট্ৰৰ প্ৰধান মন্ত্ৰীজনক কি বুলি কোৱা হৈছিল?
উত্তৰ:- উজীৰ।
209) চুলতানী যুগত ৰাষ্ট্ৰৰ দপ্তৰক কি বুলি কোৱা হৈছিল?
উত্তৰ:- দিৱান-ই-উজাৰত।
210) চুলতানী যুগত ধৰ্ম সম্বন্ধীয় আৰু ন্যায় বিভাগৰ মুৰব্বীজনক কি বুলি কোৱা হয়?
উত্তৰ:- চদৰ-উচ-চদুৰ।
211) চুলতানী যুগত সামৰিক বিভাগৰ নিয়ন্ত্ৰণকাৰীজনক কি বুলি কোৱা হৈছিল?
উত্তৰ:- আৰিজ-ই-মাবালিক।
212) চুলতানী যুগত ৰাজসভা আৰু ৰাজ প্ৰাসাদৰ দায়িত্ব কাৰ হাতত অৰ্পন কৰা হৈছিল?
উত্তৰ:- উকীল-ই-দাৰ আৰু আমিৰ-ই-হবিব।
213) চুলতানী ৰাজত্ব কালৰ প্ৰথম ৰাজবংশটোৰ নাম কি?
উত্তৰঃ দাস বংশ।
214) দিল্লীৰ সিংহাসনত বহা মহিলাগৰাকীৰ নাম কি?
উত্তৰঃ- ৰেজীয়া চুলতানা।
215) খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতানজনৰ নাম কি?
উত্তৰঃ-আলাউদ্দিন খিলিজি।
216) ইবনবটুতা কোন আছিল?
উত্তৰঃ-মহস্মদ মৰক্বোৰ পৰ্যটক।
217) চুলতানী আমােলত ৰাষ্ট্ৰৰ প্ৰধান মন্ত্রীজনক কি বুলি কোৱা হৈছিল?
উত্তৰঃ 'উজীৰ' বুলি কোৱা হৈছিল।
218) শুদ্ধ উত্তৰ বাছি উলিওৱা—
(ক) কুতুবুদ্দিনে / আলাউদ্দিন খিলিজিয়ে দ্বিতীয় আলেকজেণ্ডাৰ হােৱাৰ সপােন দেখিছিল।
উত্তৰঃ আলাউদ্দিন খিলিজিয়ে।
(খ) মহম্মদ বিন টোগলকে / চুলতানা ৰেজিয়াই ব্রোঞ্জৰ মুদ্রা প্রচলন কৰাইছিল।
উত্তৰঃ মহস্মদ বিন টোগলক।
(গ) গিয়াছুদিন বলবনে / আলাউদ্দিন খিলিজিয়ে বজাৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল।
উত্তৰঃ আলাউদ্দিন খিলিজিয়ে।
(ঘ) চুলতানী আমােলৰ উচ্চপদস্থ বিষয়াসকল ক্ষমতাশালী আছিল / নাছিল।
উত্তৰঃ ক্ষমতাশালী আছিল।
(ঙ) চুলতানসকলৰ কৰ ব্যৱস্থাত উৎপন্ন শস্যৰ এক - দ্বিতীয়াংশ / এক - চতুর্থাংশ কৰ হিচাপে দিব লাগিছিল।
উত্তৰঃ একদ্ব-দ্বিতীয়াংশ।
219) খালী ঠাই পূৰণ কৰা—
(ক) দাসবংশৰ প্রতিষ্ঠাতা আছিল কুতুবুদ্দিন আইবাক।
(খ) দক্ষিণাত্য জয় কৰা আলাউদ্দিন খিলিজিয়েই প্রথম চুলতান।
(গ) মহম্মদ বিন টোগলকে ৰাজ্যৰ ৰাজধানী দিল্লীৰ পৰা তুলি নি দৈলতাবাদত ত স্থাপন কৰিছিল।
(ঘ) পর্যটক ইবনবটুতা মৰক্কো পৰা ভাৰতলৈ আহিছিল।
(ঙ) দিল্লীৰ চুলতানসকলে পাৰস্য দেশৰ ৰাজসভাৰ আদব - কায়দা ভাৰতলৈ আমদানি কৰি আনিছিল।
220) চুলতানী শাসনকালৰ ৰাজ বংশকেইটাৰ নাম ক্রমানুসাৰে লিখা—
ছৈয়দ বংশ , খিলিজি বংশ , লােডী বংশ , দাস বংশ , টোগলক বংশ ।
উত্তৰ:-
দাস বংশ -(১২০৬-১২৯০ খ্ৰীঃ)
খিলিজি বংশ -(১২৯০-১৩২০ খ্ৰীঃ)
টোগলক বংশ -(১৩২০-১৪১৪ খ্ৰীঃ)
ছৈয়দ - (১৪১৪-১৪৫১ খ্ৰীঃ)
লোডী বংশ -(১৪৯১-১৫২৬ খ্ৰীঃ)।
221) ভাৰতবৰ্ষত মুছলমানসকলে শাসনকাৰ্য কোন চনৰ পৰা আৰম্ভ হৈছিল?
উত্তৰ:- ১২০৬ খ্ৰীষ্টাব্দ।(১২০৫ ৰ পৰা ১৮৬৭ লৈকে)
222) কেতিয়া ঔৰংজেৱ মৃত্যু হৈছিল?
উত্তৰ:- ১৭০৭ খ্ৰীষ্টাব্দ।
223) কেতিয়া মোগলসকল নামতহে ভাৰতবৰ্ষৰ শাসক আছিল?
উত্তৰ:- ১৭০৭ খ্ৰীষ্টাব্দৰ পৰা ১৮৫৭ খ্ৰীষ্টাব্দলৈ।
224) ভাৰতবৰ্ষত মোগলসকলে কিমান বছৰ শাসন কৰিছিল?
উত্তৰ:- ১৮১ বছৰ।
225) পাণিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:- ১৫২৬ খ্ৰীষ্টাব্দত।
226) পাণিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- বাবৰ আৰু ইব্ৰাহিম লোডী।
227) ছেৰছাহ কেতিয়া জন্ম হৈছিল?
উত্তৰ:- ১৪৭২ খ্ৰীষ্টাব্দত।
228) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনকার্য আৰম্ভ কৰিছিল?
উত্তৰঃ ভাৰতবৰ্ষত মুছলমানসকলে ১২০৬ খ্ৰীঃত শাসনকাৰ্য আৰম্ভ কৰিছিল।
229) পাণিপথৰ প্রথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল?
উত্তৰঃ পাণিপথৰ প্ৰথম যুদ্ধ ১৫২৬ চনত সংঘটিত হৈছিল।
230) ঔৰংগজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল?
উত্তৰঃ ঔৰংগজেৱে বংগৰ চুবেদাৰ মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল।
231) মােগলৰ শাসন ব্যৱস্থাত শাসনৰ সর্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল?
উত্তৰঃ মােগলৰ শাসন ব্যৱস্থাত শাসনৰ সর্বোচ্চ ক্ষমতা মোগল সম্ৰাটসকলৰ হাতত ন্যস্ত আছিল।
232) মনচবদাৰী প্রথা কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ মনচবদাৰী প্ৰথা মহামতি আকবৰে প্ৰৱৰ্তন কৰিছিল।
233) শুদ্ধ / অশুদ্ধ নির্ণয় কৰা—
(ক) বাবৰৰ ৰাজ্য বংগৰ পৰা গােৱালিয়ৰলৈকে বিস্তৃত আছিল।
উত্তৰঃ শুদ্ধ।
খ) মিৰজুলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ।
উত্তৰঃ শুদ্ধ।
234) খালী ঠাই পূৰণ কৰা—
(ক) আকবৰ মােগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট।
(খ) মােগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিলকোৰাণৰ নীতি নির্দেশনা মতে।
(গ) মােগলসকলে কৰ কাটলৰ বাবে মাটিক ৪ভাগত ভাগ কৰিছিল।
(ঘ) ১৫৭৭ খ্রীঃত মহামতি ‘আকবৰে’ মােগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।
(ঙ) আকবৰৰ শাসনকালত মনচবদাৰ আছিল ২৯ জন।
235) বাবৰৰ স্থাপত্য কৰ্মৰ ভিতৰত বিখ্যাত আছিল______।
উত্তৰ:- পাণিপথৰ ' কাবুলবাগ' আৰু চম্বলৰ ' জুমা মছজিদ'।
236) পৃথিৱীৰ বিখ্যাত ময়ূৰ সিংহাসন কাৰ দিনত সাজি উলিয়াইছিল?
উত্তৰ:- ছাহজাহানৰ দিনত।
237) বাবৰে তুৰ্কী ভাষাত লিখা বিখ্যাত আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰ:- তুজুক-ই-বাবৰী।
238) উৰ্দু কবিসকলৰ সন্মিলনক কি বুলি কোৱা হৈছিল?
উত্তৰ:- মুচায়েৰা।
239) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি কোৱা হয়?
উত্তৰ:- বৈষ্ণৱ আন্দোলন।
240) চাচাৰামৰ সমাধি কোনে নির্মাণ কৰিছিল?
উত্তৰঃ ছেৰছাহ।
241) আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল ?
উত্তৰঃ ৰঙা শিলৰ গুৰি।
242) তাজমহল কোন নদীৰ পাৰত অৱস্থিত?
উত্তৰঃ যমুনা নদী।
243) ময়ুৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি?
উত্তৰঃ বেবদন খাঁ।
244) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায়?
উত্তৰঃ বৈষ্ণৱ আন্দোলন।
245) শুদ্ধ উত্তৰ বাছি উলিওৱা-
(ক) ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নির্মাণ কৰিছিল জাহাংগীৰে / আকবৰে / বাবৰে।
উত্তৰঃ আকবৰ।
(খ) তাজমহল নির্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে / শুদ্ধ বগা মাৰ্বলেৰে / ইটা-চিমেণ্টেৰে।
উত্তৰঃ শুদ্ধ বগা মাৰ্বলেৰে।
(গ) অসমৰ ভক্তি আন্দোলনৰ হোতা আছিল ৰমানন্দ/গুৰু নানক / শংকৰদেৱ।
উত্তৰঃ শংকৰদেৱ।
(ঘ) মোগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল জাহাংগীৰৰ / ছাহজাহানৰ / ঔৰংগজেৱৰ শাসন কালত।
উত্তৰঃ জাহাংগীৰ।
(ঙ) তুর্কী ভাষাৰ ‘তুজুক-ইবাবৰী' নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ / আকবৰ / হুমায়ুন।
উত্তৰঃ বাবৰ।
246) খালী ঠাই পূৰ কৰা—
(ক) পাণিপথৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ বাবৰে নিৰ্মাণ কৰিছিল।
(খ) ছাহজাহান ৰ শাসন কালক মোগল স্থাপত্য শিল্পৰ স্বর্ণযুগ বুলি জনা যায়।
(গ) জাহাংগীৰৰ দিনত চিত্ৰ শিল্পৰ চৰম বিকাশ হৈছিল।
(ঘ) আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম পাৰ্ছী প্ৰকাশ ।
(ঙ) অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল শ্ৰীমন্ত শংকৰদেৱ।
246) চুফিবাদৰ মূল মন্ত্ৰ কি আছিল?
উত্তৰ:- এক ভগৱানকে উপাসনা কৰা।
247) উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰোতা চাৰিগৰাকী ব্যক্তিৰ নাম লিখা ǀ
উত্তৰ- নানক, তুলসীদাস, কবীৰ আৰু ৰামানন্দ ǀ
248) শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে ?
উত্তৰ- ঈশ্বৰৰ ওচৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে ǀ
249) পাঠৰ আলমত উপযুক্ত শব্দেৰে তলৰ খালী ঠাইবোৰ পূৰ কৰা
ক) শংকৰাচাৰ্য আছিল অদ্বৈতবাদত বিশ্বাসী ǀ
খ) খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ অৰ্বিভাৱ ঘটিছিল ǀ
গ) ৰামানন্দৰ মূল উপাস্য দেৱতা আছিল বিষ্ণুৰ অৱতাৰ ৰাম ǀ
ঘ) তুলসীদাসক বাল্মিকীৰ অৱতাৰ বুলি গণ্য কৰিছিল ǀ
ঙ)গীত গোবিন্দত শ্ৰীকৃষ্ণৰ লীলাৰ প্ৰশংসা আৰু গৰিমা প্ৰচাৰ কৰা হৈছে ǀ
250) আহোমসকলে অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাক অসম বুৰঞ্জীত কি বুলি কোৱা হয়?
উত্তৰ:- মধ্যযুগ।
251) আহোমসকলে অসম কিমান বছৰ ৰাজত্ব কৰিছিল?
উত্তৰ:- ৬০০ বছৰ।
252) আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰ:- চুকাফা।
253) কেতিয়া চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল?
উত্তৰ:- ১২২৮ খ্ৰীষ্টাব্দত।
254) কাৰ পৰামৰ্শ লৈ চুকাফা অসমত ৰাজ্য শাসন কৰিছিল?
উত্তৰ:- বুঢ়াগোঁহাই আৰু বৰগোঁহাই।
255) স্বৰ্গদেউ চুকাফা কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১২৬৮ খ্ৰীষ্টাব্দত।
256) স্বৰ্গদেউ চুকাফা কিমান বছৰ অসম আক্ৰমন কৰিছিল?
উত্তৰ:- ৩৬ বছৰ।
257) স্বৰ্গ নাৰায়ণ কাৰ হিন্দু নাম ?
উত্তৰ:- চুহুংমুঙ।
258) শৰাইঘাট যুদ্ধ কাৰ নেতৃত্বত হৈছিল?
উত্তৰ:- বীৰ লাচিত বৰফুকন।
259) শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:- ১৬৭১ খ্ৰীষ্টাব্দত।
260) শৰাইঘাট দলংখন সংযোগী হৈছে_
উত্তৰ:- পাণ্ডু আৰু আমিনগাওঁ।
261) কেতিয়া আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন হৈছিল?
উত্তৰ:- ১৬৮২ খ্ৰীষ্টাব্দত।
262) কাৰ ৰাজত্বকালত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধ হৈছিল?
উত্তৰ:- গদাধৰ সিংহ।
263) কেতিয়া গদাধৰ সিংহই আহোম সিংহাসনত বহি আহোম ৰাজ্যত শান্তি প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ১৬৮১ খ্ৰীষ্টাব্দত।
264) আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধখন ক'ত হৈছিল?
উত্তৰ:- ইটাখুলিত।
265) স্বৰ্গদেউ ৰুদ্ৰসিংহ কাৰ পুত্ৰ আছিল?
উত্তৰ:- গদাধৰ সিংহৰ।
266) কাক আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয়?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰসিংহক।
267) স্বৰ্গদেউ ৰুদ্ৰসিংহ কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৭১৪ খ্ৰীষ্টাব্দত।
268) স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পিছত হোৱা আহোম ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- স্বৰ্গদেউ শিৱসিংহ।
269) কেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিল?
উত্তৰ:- ১৮২৬ খ্ৰীষ্টাব্দত।
270) স্বৰ্গদেউ চুকাফা ক'ত ৰাজধানী পাতিছিল?
উত্তৰ:- চৰাইদেউ।
271) স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰে ক'ত ৰাজধানী পাতিছিল?
উত্তৰ:- চৰগুৱা।
272) স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাই ক'ত ৰাজধানী পাতিছিল?
উত্তৰ:- বকতা।
273) স্বৰ্গদেউ চুক্লেনমুং বা গড়গঞা ৰজাই ক'ত ৰাজধানী পাতিছিল?
উত্তৰ:- গড়গাঁও।
274) স্বৰ্গদেউ ৰুদ্ৰসিংহই ক'ত ৰাজধানী পাতিছিল?
উত্তৰ:- ৰংপুৰ।
275) স্বৰ্গদেউ গৌৰীনাথ সিংহই ক'ত ৰাজধানী পাতিছিল?
উত্তৰ:- যোৰহাট।
276) পুৰণি কামৰূপ শাসন কৰা পালবংশৰ শেষ ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- জয়পাল।
277) কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰ:- বিশ্বসিংহ।
278) কোচ ৰাজ্যৰ ৰাজধানী ক'ত পাতিছিল?
উত্তৰ:- কোচবিহাৰত।
279) কোচসকলৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- নৰনাৰায়ণ।
280) নৰনাৰায়ণৰ সুদক্ষ সেনাপতি কোন আছিল?
উত্তৰ:- চিলাৰায়।
281) বিশ্বসিংহৰ কিমানজন পুতেক আছিল?
উত্তৰ:-ওঠৰজন।
282) বিশ্বসিংহৰ মৃত্যুৰ পিছত কোনে নৰনাৰায়ণ নাম লৈ কোচ ৰাজ্যৰ ৰজা হৈছিল?
উত্তৰ:- বৰপুত্ৰ মল্লদেৱে।( ভায়েক শুক্লধ্বজক সেনাপতি পাতে।)
283) কাক চিলাৰায় বুলি কোৱা হয়?
উত্তৰ:- শুক্লধ্বজ।
284) কোচ ৰজা নৰনাৰায়ণে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল?
উত্তৰ:- ১৫৬২ খ্ৰীষ্টাব্দত।
285) কোচ ৰজা নৰনাৰায়ণ ৰাজত্বকালত কোচ ৰাজ্য ভ্ৰমণ কৰা ইংৰাজ ব্যক্তিজনৰ নাম কি আছিল?
উত্তৰ:- ৰালফ ফিট্'চে।
286) চুটিয়া ৰাজ্যৰ প্ৰথম ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- বীৰপাল।
287) চুটিয়া ৰাজ্যৰ আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ।
288) কেতিয়া আহোমসকলে চুটিয়া ৰাজ্য দখল কৰিছিল?
উত্তৰ:- ১৫২৩ খ্ৰীষ্টাব্দত।( শদিয়াখোৱা গোঁহাই নামৰ এজন বিষয়াক এই অঞ্চল শাসন কৰাৰ দায়িত্ব দিছিল)।
289) কোন বংশত শ্ৰীমন্ত শংকৰদেৱক জন্ম হৈছিল?
উত্তৰ:- চণ্ডীবৰ বংশত।
290) ' ভূঞা ' শব্দৰ অৰ্থ কি?
উত্তৰ:- মাটিৰ মালিক।
291) অসমৰ ভূঞাসকলক কি নামে জনা যায়?
উত্তৰ:- বাৰভূঞা ।
292) কছাৰীসকলে কিমান বছৰ অসম ৰাজত্ব কৰিছিল?
উত্তৰ:- 200 বছৰ।
293) কছাৰীসকলে ক'ত ৰাজধানী পাতিছিল?
উত্তৰ:- ডিমাপুৰত।
294) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ:- ১৮৩২ খ্ৰীষ্টাব্দত।
295) কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল ?
উত্তৰ- ত্ৰয়োদশ শতিকা
296) চুকাফা অসমলৈ আহোতে লগত অহা মন্ত্ৰী দুজন কোন কোন আছিল ?
উত্তৰ-বুঢ়াগোঁহাই আৰু বৰগোঁহাই
297) মূলাগাভৰু কোন আছিল ?
উত্তৰ- ফ্ৰাচেংমুং বৰগোহাইৰ পত্নী ǀ স্বামীৰ হত্যাৰ প্ৰতিশোধ লবলৈ তুৰ্বকৰ লগত যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল ǀ
298) কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে ?
উত্তৰ- ১৮৬১ খ্ৰীষ্টাব্দত ǀ
299) কোচ ৰজা নৰনাৰায়ণে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্যআক্ৰমণ কৰিছিল ǀ
উত্তৰ- ১৫৬২ খ্ৰীষ্টাব্দত।
300) শুদ্ধ অশুদ্ধ বিচাৰ কৰা-
ক) আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ ǀ
উত্তৰ- শুদ্ধ
খ) মিৰজুমলাৰ অসম আক্ৰমণৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল ǀ
উত্তৰ-শুদ্ধ
গ) কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য ব্ৰিটিছৰ অধীনস্থ হয় ǀ
উত্তৰ-শুদ্ধ
301) খালী ঠাই পূৰোৱা-
ক) আহোমসকল অসমলৈ অহা পিছৰে পৰা কামৰূপ ৰাজ্যখন অসম নামেৰে পৰিচিত হয় ǀ
খ) আহোম সকলে চোমদেউ নামৰ দেৱতাক পূজা সেৱা কৰিছিল ǀ
গ) স্বৰ্গ নাৰায়ণ স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গিয়া ৰজাৰ হিন্দু নাম ǀ
ঘ) সন্ধ্যাই কামৰূপ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰাকমতাপুৰলৈ স্নানান্তৰিত কৰে ǀ
ঙ) ৰত্নধ্বজপাল বা গৌৰীনাৰায়ণ চুটিয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল ǀ
চ) ভূঞা শব্দৰ অৰ্থ হ’ল মাটিৰ মালিক ǀ
302) পচা প্ৰথা কোনে উদ্ভাৱন কৰিছিল?
উত্তৰ:- আহোম স্বৰ্গদেউসকলে।
303) নগাবোৰক দান কৰা মাটিক কি বোলা হৈছিল?
উত্তৰ:- নগাখাট।
304) ' হস্তী বিদ্যাৰ্ণৱ ' পুথি কোনে ৰচনা কৰিছিল?
উত্তৰ:- সুকুমাৰ বৰকাইথে।
305) অসমীয়াত কোনে পদ্মপুৰাণ ৰচনা কৰিছিল?
উত্তৰ:- সুকবি নাৰায়ণদেৱে।
306) কাৰ ৰাজত্ব কালত ৰাম সৰস্বতীয়ে মহাভাৰত অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ:- কোচসকলৰ শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত।
307) কোনে সংস্কৃত ভাষাত ৰত্নমালা ব্যাকৰণ লিখিছিল?
উত্তৰ:- পুৰোষোত্তম বিদ্যাবাগীশে ।
308) ভাগৱত পুথিখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?
উত্তৰ:- অনন্ত কন্দলি।
309) ভাৰতৰ প্ৰথম গদ্য সাহিত্যৰ ৰচক কোন?
উত্তৰ:- ভট্টদেব ।
310) কোনে 'কথা-ভাগৱত ', কথা-গীতা' ৰচনা কৰিছিল?
উত্তৰ:- ভট্টদেৱ।
311) অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল?
উত্তৰ- কামৰূপ-কমতা, চুটিয়া, বাৰভূঞা, কছাৰী আৰু আহোম ǀ
312) দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে ?
উত্তৰ- বড়ো মহিলা ǀ
313) আহোমসকলৰ ৰাজত্বকালত ভূ-সম্পত্তিৰ গৰাকী কোন আছিল ?
উত্তৰ-ৰজা ǀ
314) মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল ?
উত্তৰ-বিনিময় প্রথা ǀ
315) কপিলীৰ পাৰত আলীপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল ?
উত্তৰ- মহেন্দ্ৰ কন্দলি ǀ
316)'খালী ঠাই পূৰ কৰা-
ক) নৰনাৰায়ণে হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰিছিল
খ) মধ্যযুগত মহিলাৰ উচ্চ স্থান আছিল ǀ
গ) জনজাতীয় লোকসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল ǀ
ঘ) অনন্ত কন্দলীয়ে ভাগৱত অসমীয়ালৈ অনুবাদ কৰিছিল ǀ
ঙ) আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল
317) শুদ্ধ উত্তৰটোত √চিন দিয়া-
ক) মধ্য যুগৰ শাসন আছিল গণতান্ত্ৰিক/ৰাজতান্ত্ৰিক উত্তৰ-ৰাজতান্ত্ৰিক।
খ) পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে/কোচসকলে ǀ
উত্তৰ- আহোমসকলে।
গ) টঙালি,হাঁচতি বড়োসকলৰ /বাৰভূঞাসকলৰ অৱদান আছিল ǀ
উত্তৰ-বাৰভূঞাসকলৰ
ঘ) কছাৰীসকল/কোচসকল নলা-নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল ǀ
উত্তৰ-কছাৰীসকল।
ঙ) স্বৰ্গদেউ ৰুদ্ৰসিংহ/স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোমৰ স্থাপত্যত মোগল,পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে ǀ
উত্তৰ-ৰুদ্ৰসিংহ।
318) ৰামায়ণ কোনে লিখিছিল?
উত্তৰ:- মাধৱ কন্দলি।
319) হস্তীবিৰ্দ্যানৱ পুথিখন কোনে লিখিছিল?
উত্তৰ:- সুকুমাৰ বৰকাইথ।
320) ৰত্নমালা পুথিখন কোনে ৰচনা কৰিছিল?
উত্তৰ:- পুৰুষোত্তম বিদ্যাবাগীশ।
321) দৰং ৰাজবংশাৱলী কোনে লিখিছিল?
উত্তৰ:- বলদেৱ সূৰ্যখৰি দৈৱজ্ঞ।
322) ঔৰংজেৱ কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৭০৭ খ্ৰীষ্টাব্দত।
323) কোনে ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰিছিল?
উত্তৰ:- ভাস্কো-ডা-গামা নামৰ এজন পৰ্তুগীজ নাৱিকে ১৪৯৮ খ্ৰীষ্টাব্দত।
324) কেতিয়া তুৰ্কীসকলে কনষ্টাণ্টিনোপল(ইস্তানবুল) দখল কৰাত সমস্যাৰ সৃষ্টি হৈছিল?
উত্তৰ:- ১৪৫৩ খ্ৰীষ্টাব্দত।
325) কেতিয়া আমেৰিকা আৱিষ্কাৰ হৈছিল?
উত্তৰ:- কলম্বাচৰ দ্বাৰা ১৪৯২ খ্ৰীষ্টাব্দত।
326) ওলণ্ডাজসকলে কেতিয়া ভাৰতৰ পুলিকটত প্ৰথম দুৰ্গটো সাজিছিল?
উত্তৰ:- ১৬০৯ খ্ৰীষ্টাব্দত।
327) কেতিয়া ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল?
উত্তৰ:- ১৬৬৪ খ্ৰীষ্টাব্দত।
328) ভাৰতৰ প্ৰথম ফৰাচী ফেক্টৰীটো চুৰাটত কেতিয়া প্ৰতিষ্ঠা হৈছিল?
উত্তৰ:- ১৬৬৭ খ্ৰীষ্টাব্দত।
329) কেতিয়া মছলিপট্টনমত আন এটা ফৰাচী ফেক্টৰী স্থাপিত হৈছিল?
উত্তৰ:- ১৬৬৯ খ্ৰীষ্টাব্দত।
330) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্রীষ্টাব্দত প্রতিষ্ঠা হৈছিল ?
উত্তৰ-১৫৯৯ খ্ৰীষ্টাব্দত ǀ
331) ভাৰতলৈ অহা জলপথ পোনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে?
উত্তৰ-ভাস্কো-ডা-গামা ǀ
332) ওলণ্ডাজসকলে ভাৰতৰ কোন ঠাইত প্রথম দুর্গটো সাজে?
উত্তৰ- পুলিকট ǀ
333) দ্বিতীয় চালৰ্ছে বোম্বাই (মুম্বাই) কাক লীজত দিছিল?
উত্তৰ- ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী
334) পঞ্জাৱ, মহীশূৰ আৰু মাৰাঠা ৰাজ্য ইংৰাজৰ কি নীতিৰ চিকাৰ হৈছিল ?
উত্তৰ- বিভাজন আৰু শাসন ǀ
335) ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা
উত্তৰ-
ক) কলম্বাছ-আমেৰিকা
খ) উইলিয়াম হকিন্স-ইংৰাজ কটকী
গ) ভাস্কো-ডা-গামা-পর্তুগীজ নাৱিক
ঘ) দ্বিতীয় চালৰ্ছ-পর্তুগীজ ৰাজকুমাৰী
ঙ) পুলিকট-ওলণ্ডাজ
336) খালী ঠাই পূৰ কৰা-
ক) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬০০ খ্রীষ্টাব্দত ৰাণী প্রথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায়- বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল ।
খ) বাণিজ্যবাদৰ দ্বাৰা দেশৰ অর্থনৈতিক কাম-কাজ চৰকাৰৰ নিয়ন্ত্রণাধীন কৰা হয় ।
গ) ১৬৬১ খ্রীষ্টাব্দত দ্বিতীয় চার্লছে বোম্বাই ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে ।
ঘ) ১৭১৫ খ্রীষ্টাব্দত মোগল সম্রাট ফাৰুখছিয়াৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান/অনুমতি প্রদান কৰে ।
ঙ) ইংৰাজ সকল সাগৰীয় নৌবাহিনীৰে শক্তিশালী আছিল ।
337) সত্য/অসত্য বিচাৰ কৰা
ক) ভাৰতীয় কৃষকসকলৰ পৰা জোৰ-জুলুমকৈ ৰাজহ সংগ্ৰহ কৰা পদ্ধতি প্রৱর্তনৰ ফলত ভাৰতীয় কৃষকসকল ঋণগ্রস্ততাত ভুগিছিল ।
উত্তৰ- শুদ্ধ
খ) বাণিজ্যবাদে উপনিৱেশবাদক উদগনি যোগাইছিল ।
উত্তৰ- শুদ্ধ
338) ৱান্দিৱাচৰ যুদ্ধত ইংৰাজ আৰু ফৰাচীৰ কোন কোন সেনাপতি আছিল?
উত্তৰ:- ইংৰাজ সেনাপতি ছাৰ আয়াৰ কূটৰ হাতত ফৰাচী সেনাধ্যক্ষ লালি অাৰু বুচীয়।
339) কেতিয়া বংগৰ নৱাব আলিবৰ্দি খাঁৰ মৃত্যু হৈছিল?
উত্তৰ:- ১৭৫৬ খ্ৰীষ্টাব্দত।
340) আলিবৰ্দি খাঁৰ মৃত্যুৰ পিছত বংগৰ নবাব কোন হৈছিল?
উত্তৰ:- ছিৰাজউদ্দৌলা বংগৰ নৱাব।
341) কেতিয়া ৰেগুলেটিং এক্ট নামে এখন বিধি জাৰি কৰিছিল?
উত্তৰ:- ১৭৭৩ খ্ৰীষ্টাব্দত।
342) ইংৰাজ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল ?
উত্তৰ- সাম্ৰাজ্য স্হাপনৰ বাবে প্ৰতিদ্বন্দিতা হৈছিল ǀ
343) প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ কোন আছিল ?
উত্তৰ- ফ্ৰান্সিছ ডুপ্লে ǀ
344) চিৰাজউদ্দৌল্লাৰ প্রধান সেনাপতি কোন আছিল?
উত্তৰ- মীৰজাফৰ ǀ
345) বংগৰ প্রথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ- ৱাৰেণ হেষ্টিং
346) কোনে স্বত্ত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল ?
উত্তৰ- লৰ্ড ডেলহাউচি
347) শুদ্ধ উত্তৰ বাচি উলিওৱা—
(ক) পলাশী নামৰ ঠাইখন ভাগিৰথী নদীৰ পাৰত অৱস্থিত আছিল ।
উত্তৰ- শুদ্ধ
খ) ৰেগুলেটিং এক্টে বংগৰ গৱৰ্ণৰ গৰাকীক গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে ।
উত্তৰ- শুদ্ধ
348) ক্রমানুসাৰে সজোৱা—
চিৰাজউদ্দৌল্লা, মিজাফৰ, আলিবর্দি খাঁ, মীৰকাছিম ।
উত্তৰ- আলিবর্দি খাঁ, চিৰাজউদ্দৌল্লা,মিজাফৰ,মীৰকাছিম ।
349) কেতিয়া ৱাৰেন হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল?
উত্তৰ:- ১৭৮১ খ্ৰীষ্টাব্দত।
350) জনাথন ডানকান নামৰ এজন ইংৰাজ বিষয়াই বাৰাণসীত কেতিয়া সংস্কৃত কলেজ স্থাপন কৰিছিল?
উত্তৰ:- ১৭৯২ খ্ৰীষ্টাব্দত।
351) কোনে সতীদাহ প্ৰথা নিৰ্মূল কৰিছিল?
উত্তৰ:- লৰ্ড উইলিয়াম বেণ্টংক ১৮২৯ খ্ৰীষ্টাব্দত ১৭ নম্বৰ বিধান জাৰি কৰি সতীদাহ প্ৰথা সম্পূৰ্ণকৈ নিৰ্মূল কৰিছিল?
352) ব্ৰাহ্ম সমাজ কোনে পাতিছিল?
উত্তৰ:- ১৮৩০ খ্ৰীষ্টাব্দত ৰাজা ৰামমোহন ৰায়।
353) প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- মহাৰাষ্ট্ৰত মহাদেৱ গোবিন্দ ৰাণাডেই ১৮৬৭ খ্ৰীষ্টাব্দত।
354) আৰ্য সমাজ কেতিয়া প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ১৮৭৫ খ্ৰীষ্টাব্দত পঞ্জাৱত। ইয়াৰ প্ৰতিষ্ঠাপক স্বামী দয়ানন্দ সৰস্বতী ।
355) ৰামকৃষ্ণ মিছন সংগঠন কেতিয়া প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ১৮৯৭ খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই। তেওঁ কলিকতাৰ দক্ষিণেশ্বৰত থকা কালী মন্দিৰৰ এজন পূজাৰী আছিল।
356) ' এংলো অৰিয়েণ্টেল কলেজ' কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ১৮৭৭ চনত ছাৰ ছৈয়দ আহমদ খান।
355) ' আমাৰ জীৱন' নামৰ বঙলা ভাষাত এখন আত্মজীৱনীমূলক পুথি কোনে লিখিছিল?
উত্তৰ:- ৰাজসুন্দৰী দেৱীয়ে লিখিছিল।
366) প্ৰথম ভাৰতীয় মহিলাৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰ:- আমাৰ জীৱন।
367) কোনে ভাৰতত ভূমিৰ চিৰস্থায়ী বন্দবস্তৰ পাতনি মেলিছিল?
উত্তৰ:- লৰ্ড কৰ্ণৱালিছ।
368) কাৰ দিনত ভাৰতত সৰ্বপ্ৰথম মাটিৰ পট্টা দিয়া কাম আৰম্ভ হৈছিল?
উত্তৰ:- লৰ্ড হেষ্টিংছ।
369) কোনে ভাৰতত প্ৰাথমিক , উচ্চ ইংৰাজী বিদ্যালয় আৰু মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- লৰ্ড ডেলহাউচি।
370) কাৰ দিনত ভাৰতত সংস্কৃত সাহিত্যৰ পুনৰুত্থান হৈছিল?
উত্তৰ:- লৰ্ড ডেলহাউচি।
371) লর্ড কর্ণাৱালিছৰ কার্যবিধিখনক কি বুলি জনা যায় ?
উত্তৰ- কর্ণাৱালিছ সংহিতা ǀ
372) ভাৰতত চিৰস্থায়ী বন্দবস্তু কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ-লর্ড কর্ণাৱালিছ ǀ
373) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ-লর্ড হেষ্টিংছ ǀ
374) শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্রেৰণ পত্র কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল ?
উত্তৰ- লর্ড ডেলহাউচি ǀ
375) ভাৰতত প্রথম মহিলাৰ আত্মজীবনীখন কোনে লিখিছিল ?
উত্তৰ- ৰাজসুন্দৰী দেৱী ǀ
376) শুদ্ধ/অশুদ্ধ বিচাৰ কৰা —
ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্রতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্রাট গৰাকী আছিলফাখছিয়াৰ/বাহাদুৰ ছাহ দ্বিতীয়।
উত্তৰ- ফাৰুখছিয়াৰ
খ) ১৭৮১ খ্রীষ্টাব্দত ৱাৰেণ হেষ্টিংছে/লর্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছা এখন খুলিছিল।
উত্তৰ- ৱাৰেণ হেষ্টিংছে
গ) কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/নতুন ৰাজ্য অধিগ্রহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনীগঠন কৰিছিল
উত্তৰ- কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/
(ঘ) ছাৰ ছৈয়দ আহমেদ খান/নবাব আব্দুল লতিফে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল।
উত্তৰ- ছাৰ ছৈয়দ আহমেদ খান
ঙ) সত্যৰথ প্রকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী/ৰাজা ৰামমােহন ৰায়।
উত্তৰ- দয়ানন্দ সৰস্বতী।
377) 'ক' অংশৰ লগত 'খ' অংশ মিলোৱা---
উত্তৰ:-
ক) ৰাজা ৰামমোহন ৰায়----- ব্ৰাহ্ম সমাজ
খ) ৰামকৃষ্ণ পৰমহংসদেৱ-----ৰামকৃষ্ণ
গ) ছাৰ ছৈয়দ আহমদ খান----আলিগড় আন্দোলন
ঘ) গোবিন্দ ৰাণাডে-------------প্ৰাৰ্থনা সমাজ
ঙ) দয়ানন্দ সৰস্বতী --------------- আৰ্য সমাজ
378) কোন আহোম বিষয়াই ৰংপুৰৰ পৰা ৰাজধানী যোৰহাটলৈ তুলি নিছিল?
উত্তৰ:- গৌৰিনাথ।
379) কোন স্বৰ্গদেউ লৰ্ড কৰ্ণৱালিছৰ সহায় ভিক্ষা কৰিছিল?
উত্তৰ:- গৌৰীনাথ সিংহ।
380) কেতিয়া স্বৰ্গদেউ লক্ষ্মীসিংহৰ মৃত্যু হৈছিল?
উত্তৰ:- মোৱামৰীয়া প্ৰথম বিদ্ৰোহ।
381) গৌৰিনাথ সিংহ কাৰ পুত্ৰ আছিল?
উত্তৰ:- লক্ষ্মী সিংহৰ।
382) কৃষ্ণনাৰায়ন কোন আছিল?
উত্তৰ:- দৰঙী ৰজা।
383) নগৰবেৰা বৰ্তমান কোনজিলাত অৱস্থিত?
উত্তৰ:- কামৰূপ।
384) মানসকল কোন দেশৰ লোক আছিল?
উত্তৰ:- ব্ৰাহ্মদেশৰ।
385) ব্ৰাহ্মদেশখনক বৰ্তমান কি নামেৰে জনা যায়?
উত্তৰ:- ম্যানমাৰ।
386) ব্ৰাহ্মদেশৰ প্ৰকৃত নাম কি?
উত্তৰ:- বাম্বা বা বৰ্মা।
387) মানৰ প্ৰথম অদম আক্ৰমণৰ সময়ত ব্ৰহ্মদেশত কোনে ৰাজত্ব কৰিছিল?
উত্তৰ:- বডৌপায়া।
388) আলুমিঙ্গি কোন আছিল?
উত্তৰ:- ব্ৰহ্মদেশৰ এজন সেনাপতি আছিল।
389) মানসকলে চন্দ্ৰকান্ত সিংসক কত বন্দী কৰি থৈছিল?
উত্তৰ:- ৰংপুৰত।
390) মানৰ তৃতীয় আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?
উত্তৰ:- চন্দ্ৰকান্ত সিংহ।
391) মানসকলে অসমক কেইবাৰ আক্ৰমন কৰিছিল?
উত্তৰ:- তিনিবাৰ।
392) কেতিয়া মানসকলে প্ৰথম অসম আক্ৰমন কৰিছিল?
উত্তৰ:- ১৮১৭ খ্ৰীষ্টাব্দত।
393) কেতিয়া মানসকলে দ্বিতীয় বাৰ অসম আক্ৰমন কৰিছিল?
উত্তৰ:- ১৮১৯ খ্ৰীষ্টাব্দত।
394) কেতিয়া মানসকলে তৃতীয় বাৰ অসম আক্ৰমন কৰিছিল?
উত্তৰ:- ১৮২১ খ্ৰীষ্টাব্দত।
495) ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰ:- ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীত।
496) ব্ৰহ্মদেশৰ বা ম্যানমাৰ কেন্দ্ৰীয় ৰাজধানী ক'ত?
উত্তৰ:- আভা।
497) আভাৰ বৰ্তমান নাম কি?
উত্তৰ:- ইনৱা।
498) ব্ৰহ্মদেশত ইংৰাজ সৈন্যদলৰ সেনাপতি কোন আছিল?
উত্তৰ:- চাৰ আৰ্চিবেল কেম্বল চাহাব।
499) কেতিয়াৰ পৰা অসম দেশ ইংৰাজ অধীনত আছিল?
উত্তৰ:- ১৮২৬ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দৰ ১৫ আগষ্টলৈ।
500) কেতিয়া কেপ্তেইন ৱেলছ অসমলৈ আহিছিল?
উত্তৰ:- ১৭৯২ খ্ৰীষ্টাব্দত ।
501) অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল ?
উত্তৰ- আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ ৰাজত্বকালৰ পৰা ǀ
502) স্বৰ্গদেউ লক্ষ্মী সিংহৰ পিছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল ?
উত্তৰ- গৌৰীনাথ সিংহ ǀ
503) কেপ্তেইন ৱেলছৰ অসম আগমনৰ সময়ত ইংৰাজ গৱৰ্ণৰ জেনেৰেল কোন আছিল ?
উত্তৰ- লৰ্ড কৰ্ণৱালিছ ǀ
504) আহোমসকলৰ শেষ ৰজাজন কোন আছিল ?
উত্তৰ- পুৰন্দৰ সিংহ ǀ
505) কিমান খ্রীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ?
উত্তৰ- ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফ্ৰেব্ৰুৱাৰী
506) ক্রমানুসাৰে সজোৱা—
ক) মোৱামৰীয়া প্রথম বিদ্রোহ।
খ) মানৰ দ্বিতীয় আক্রমণ।
গ) কেপ্তেইন ৱেলছৰ অসম আগমন।
ঘ) ইয়াণ্ডাবু সন্ধি।
ঙ) মানৰ তৃতীয় আক্রমণ।
উত্তৰ- ক) মোৱামৰীয়া প্রথম বিদ্রোহ।
গ) কেপ্তেইন ৱেলছৰ অসম আগমন।
খ) মানৰ দ্বিতীয় আক্রমণ।
ঙ) মানৰ তৃতীয় আক্রমণ।
ঘ) ইয়াণ্ডাবু সন্ধি।
507) শুদ্ধ/অশুদ্ধ বাছি উলিওৱা।
ক) মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বডৌপায়া ।
উত্তৰ- শুদ্ধ ।
খ) ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে ইংৰাজে আৰাকান, টেনাচেৰিম আৰু য়েহ লাভ কৰিছিল ।
উত্তৰ- শুদ্ধ।
508) চিপাহী শব্দটো ইংৰাজসকলে কিহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছিল?
উত্তৰ:- সৈন্যসকলৰ ক্ষেত্ৰত।
509) কাক ভাৰতৰ সম্ৰাট বুলি ঘোষণা কৰিছিল?
উত্তৰ:- মোগল সম্ৰাট বাহাদুৰ ছাহ দ্বিতীয়।
510) চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল?
উত্তৰ:- মঙ্গল পাণ্ড।
511) ১৮৫৭ বিদ্ৰোহৰ কোনে অসমত নেতৃত্ব দিছিল?
উত্তৰ:- মনিৰাম দেৱান।
512) অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল?
উত্তৰ:- মণিৰাম দেৱান।
513) মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ইংৰাজসকলে ফাঁচি দিছিল?
উত্তৰ:- ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰি ।
514) ইংৰাজ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া কোন?
উত্তৰ:- মণিৰাম দেৱান ।
515) অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ কোনচনত হৈছিল?
উত্তৰ:- ১৮৬১ চনত ফুলগুৰিত।
516) চিপাহী বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ:- ১৮৫৭ চনত।
517) ১৮৫৭ চনৰ বিদ্ৰোহক কি বুলি আখ্যা দিয়া হৈছিল?
উত্তৰ:- ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম।
518) কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূর্ণৰূপে ইংৰাজ উপনিবেশত পৰিণত হ'ল ?
উত্তৰ- অষ্টাদশ শতিকাৰ দ্বিতীয়াৰ্ধত ǀ
519)কোন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয়মর্যাদা , উপাধি , পেন্সন আদি কাঢ়ি লোৱা হৈছিল ?
উত্তৰ- লৰ্ড ডেলহাউচি ǀ
520) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্রথম ছহিদ কোন আছিল ?
উত্তৰ- মংগল পাণ্ডে ǀ
521) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল?
উত্তৰ- পিয়লি বৰুৱা ǀ
522) অসমৰ কৃষক বিদ্রোহসমূহ কোনে পৰিচালনা কৰিছিল ?
উত্তৰ- ৰাইজ মেলসমূহে ǀ
523) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা
উত্তৰ-
ক) ১৮৫৬ চনৰ আইন- সাগৰ যাত্ৰা বাধ্যতামূলক কৰা
খ) ১৮৫৭ চনৰ ২৯ মার্চ- মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্রমণ
গ) ১৮৫৮ চন- ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন।
ঘ) ১৮২৮ চন-গোমধৰ কোঁৱৰৰ বিদ্রোহ
ঙ) ১৮৬১ চন-ফুলগুৰি ধেৱা
524) শুদ্ধ/অশুদ্ধ নির্ণয় কৰা
(ক) অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধর্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্রপাত হৈছিল।
উত্তৰ- শুদ্ধ
(খ) ১৮৫৭ চনৰ বিদ্রোহত বাহাদুৰ ছাহ দ্বিতীয় ভাৰতবৰ্ষৰ সম্রাট বুলি ঘোষণা কৰিছিল।
উত্তৰ- শুদ্ধ
গ) ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্রোহ কৰিছিল।
উত্তৰ- শুদ্ধ।
Geography GK Click here:- https://realtigerconcept.blogspot.com/2022/04/all-competitive-exam-question-with.html
0 Comments
Comment only if you don't understand.Request you not to give bad comments.