Subscribe Us

header ads

অসম বুৰঞ্জী , যুদ্ধ-বিগ্ৰহ, আন্দোলন-বিদ্ৰোহ , বহিৰাগতৰ আক্ৰমণ, সন্দি- চুক্তি।

                       

Assam-History-Gk,Apsc-Gk
Assam History Gk.
                            (অসম বুৰঞ্জী )

1) কেতিয়া মণিৰাম দেৱান আৰু পিয়ালী বৰুৱাক যোৰহাটত ইংৰাজসকলে ফাঁচী দিছিল?
উত্তৰ:- ১৮৫৮ চনত।
2) কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেনছাং কামৰূপলৈ আহিছিল?
উত্তৰ:- ভাস্কৰ বৰ্মন।
3) চি-ইউ-কি পুথিখম কোনে লিখিছিল?
উত্তৰ:- হিউৱেনছাং।
4) অসমত কেতিয়া সতী সাধনী দিৱস পালন কৰা হয়?
উত্তৰ:- প্ৰতিবছৰৰ ব'হাগৰ পূৰ্ণিমা তিথিত।
5) "জন্ম ৰহস্য" পুথি কোনে ৰচনা কৰিছিল?
উত্তৰ:- মাধৱদেৱ।
6) " ৰাম বিজয়" নাটক কোনে লিখিছিল?
উত্তৰ:- শংকৰদেৱ।
7) মধ্যযুগৰ আটাইতকৈ প্ৰখ্যাত , বৃহৎ আৰু সমৃদ্ধিশালী ৰাজ্যখনৰ নাম কি আছিল?
উত্তৰ:- আহোম ৰাজ্য।
8) আহোম ৰজাসকলে সুদীৰ্ঘ কিমান বছৰ ধৰি আহোম ৰাজ্য শাসন কৰিছিল?
উত্তৰ:- ছশ বছৰ।(৬০০ বছৰ।)
9) আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰ:- চুকাফা।
10) চুকাফা কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১২৬৮ চনত।
11) কাক " বামুণী কোঁৱৰ" নামেৰে প্ৰখ্যাত ?
উত্তৰ:-  আহোম স্বৰ্গদেউ চুদাংফা।
12) আহোম স্বৰ্গদেউ চুদাংফা কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৪০৭ চনত।
13) চুহুংমুং কাৰ পুত্ৰ আছিল?
উত্তৰ:- চুপিম্-ফাৰ।
14) চুহুংমুংৰ হিন্দু নাম কি আছিল?
উত্তৰ:- স্বৰ্গনাৰায়ণ।
15) "স্বৰ্গদেউ " শব্দটো উৎপত্তি হৈছিল?
উত্তৰ:- স্বৰ্গনাৰায়ণ।
16) কাক দিহিঙীয়া ৰজা বুলি কোৱা হয়?
উত্তৰ:- চুহুংমুং।
17) কাৰ দিনত আহোম ৰাজ্যত প্ৰথম লোকপিয়ল কৰা হৈছিল?
উত্তৰ:- চুহুংমুং।
18) কাৰ দিনত মুছলমানে তিনিবাৰ আহোম ৰাজ্য আক্ৰমণ কৰিছিল?
উত্তৰ:- চুহুংমুংৰ দিনত।
19) চুহুংমুঙৰ কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৫৩৯ চনত।
20) চুক্লেংমুং কাৰ পুত্ৰ আছিল?
উত্তৰ:- চুহুংমুঙৰ বৰপুত্ৰ পিতৃবধী।
21) কাক গড়গঞা ৰজা বুলি কোৱা হয়?
উত্তৰ:- চুক্লেংমুং।
22) চুক্লেংমুঙৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ:- ১৫৫২ চনত।
23) চুখামফা কাৰ পুত্ৰ আছিল?
উত্তৰ:- চুক্লেংমুং।
24) চুখামফা কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৬০৩ চনত।
25) চুচেংফা কাৰ পুত্ৰ আছিল?
উত্তৰ:- চুখামফা।
26) চুচেংফাৰ আন এটাৰ নাম কি?
উত্তৰ:- প্ৰতাপ সিংহ।
27) কাক বুঢ়া ৰজা বা বৃদ্ধ স্বৰ্গনাৰায়ণ বুলি কোৱা হয়?
উত্তৰ:- চুচেংফা।
28) চুচেংফা কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৬৪১ চনত।
29) চুটিনফা কাৰ পুত্ৰ আছিল?
উত্তৰ:- স্বৰ্গদেউ প্ৰতাপ সিংহৰ পুত্ৰ।
30) কাক নৰীয়া ৰজা বুলি জনা যায়?
উত্তৰ:- চুটিনফা।
31) চুতামলা কাৰ পুত্ৰ আছিল?
উত্তৰ:- চুটিনফা।
32) কাক ভগনীয়া ৰজা বুলি কোৱা হয়?
উত্তৰ:- চুতামলা।
33) চুতামলাৰ আন এটাৰ নাম কি?
উত্তৰ:- জয়ধ্বজ সিংহক।
34) কেতিয়া জয়ধ্বজ সিংহৰ মৃত্যু হৈছিল?
উত্তৰ:- ১৬৬৩ চনত।
35) স্বৰ্গদেউ চুপুংমুং কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৬৬৯ চনত।
36) স্বৰ্গদেউ গদাধৰ সিংহ কি ধৰ্ম আছিল?
উত্তৰ:- শাক্ত ধৰ্ম।
37) স্বৰ্গদেউ গদাধৰ সিংহই কেতিয়া ব্ৰহ্মপুত্ৰ নদীৰ মাজত উমানন্দ দেৱালয় সজাইছিল?
উত্তৰ:- ১৬৯৪ চনত।
38) কেতিয়া চুপাতফাৰ মৃত্যু হৈছিল?
উত্তৰ:- ১৬৯৬ চনত।
39) চুখ্ৰামফা কাৰ পুত্ৰ আছিল?
উত্তৰ:- চুপাতফাৰ।
40) চুখ্ৰামফাৰ হিন্দু নাম কি আছিল?
উত্তৰ:- ৰুদ্ৰ সিংহ ।
41) চুখ্ৰামফা বা ৰুদ্ৰ সিংহ ক'ত ৰাজধানী পাতিছিল?
উত্তৰ:- ৰংপুৰত।
42) জয়দৌল , জয়সাগৰ পুখুৰী , ৰংপুৰত  ৰংঘৰ,কাৰেংঘৰ, নামদাঙৰ শিলৰ সাঁকো, খৰি-কটীয়া আলি,মেটেকাৰ আলি‍ ইত্যাদি কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- ৰুদ্ৰ সিংহ ।
43)  কোনে অসমীয়া বিহু-সংস্কৃতিক ৰাজকীয় মৰ্যাদা দিছিল?
উত্তৰ:- ৰুদ্ৰ সিংহ ।
44) কাক আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ নৃপতি বুলি স্বীকৃতি দিয়‍া হয়?
উত্তৰ:- ৰুদ্ৰ সিংহ ।
45) ৰুদ্ৰ সিংহ কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৭১৪ চনত গুৱাহাটীত।
46) চুতানফা কাৰ পুত্ৰ আছিল?
উত্তৰ:- ৰুদ্ৰ সিংহ ।
47) চুতানফাৰ হিন্দু নাম কি আছিল?
উত্তৰ:- শিৱ সিংহ ।
48) ফুলেশ্বৰী কুঁৱৰী কোন আছিল?
উত্তৰ:-শিৱসিংহৰ পত্নী ।
49) ফুলেশ্বৰী কুঁৱৰী কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৭৩১ চনত।
50) কাৰ দিনত শিৱসাগৰৰ শিৱ দৌল নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- মহাৰাণী অম্বিকাৰ।
51) মহাৰাণী অম্বিকা কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৭৪১ চনত।
52) কাৰ ৰাজত্ব কালত  শিৱসাগাৰৰ ধাই আলি নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- স্বৰ্গদেউ শিৱ সিংহ।(১৭১৪-১৭৪৪)।
53) কোনে গৌৰিসাগৰ  পুখুৰী খন্দাইছিেল?
উত্তৰ:- মহাৰাণী ফুলেশ্বৰী।(১৭১৫-১৭১৭)।
54) কোনে শিৱসাগৰ পুখুৰী খন্দাইছিল?
উত্তৰ:- অম্বিকা।
55) " হস্তীবিদ্যাৰ্ণৱ" পুথিখন সুকুমাৰ বৰকাথৰে কাৰ ৰাজত্ব কালত লিখিছিল?
উত্তৰ:- স্বৰ্গদেউ শিৱ সিংহ ।
56) চুতানফা বা স্বৰ্গদেউ শিৱ সিংহ কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৭৪৪ চনত।
57) স্বৰ্গদেউ ৰুদ্ৰ সিংহই কিহেৰে ৰংঘৰ সাজিছিল?
উত্তৰ:- কাঠ-বাঁহেৰে।
58) বৰ্তমানৰ পকী ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- স্বৰ্গদেউ প্ৰমত্ত সিংহ ।
59) গড়গাঁৱৰ সিংহদুৱাৰ , গুৱাহাটীৰ শুক্ৰেশ্বৰ আৰু ৰুদ্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- চুনেনফা বা স্বৰ্গদেউ প্ৰমত্ত সিংহ ।(ৰুদ্ৰ সিংহৰ দ্বিতীয় পুত্ৰ)
60) চুনেনফা বা স্বৰ্গদেউ প্ৰমত্ত সিংহ কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৭৫১ চনত।
61) চুৰাম্-ফা বা ৰাজেশ্বৰ সিংহ কাৰ পুত্ৰ আছিল?
উত্তৰ:- ৰুদ্ৰ সিংহৰ চতুৰ্থ পুত্ৰ।
62) কাৰ দিনত গড়গাঁৱৰ কাৰেংঘৰ, বশিষ্ঠশ্ৰম মন্দিৰ,নৱগ্ৰহ মন্দিৰ, মণিকৰ্ণেশ্বৰ দেৱালয়,চিত্ৰাচল মন্দিৰ, হৰগৌৰী দেৱালয়,ৰংপুৰৰ তলাতল ঘৰ আদি নিৰ্মাণ কৰিছিল?
উত্তৰ:- ৰাজেশ্বৰ সিংহৰ দিনত।
63) কেতিয়া স্বৰ্গদেউ চুৰাম্-ফা বা ৰাজেশ্বৰ সিংহ মৃত্যু হৈছিল?
উত্তৰ:- ১৭৬৯ চনত।
64) কেতিয়া লক্ষ্মী সিংহৰ মৃত্যু হৈছিল?
উত্তৰ:- ১৭৮০  চনৰ ডিচেম্বৰ মাহত।
65) ৰুদ্ৰসাগৰ পুখুৰীটো কাৰ দিনত খন্দোৱা হৈছিল?
উত্তৰ:-স্বৰ্গদেউ  লক্ষ্মী সিংহৰ দিনত।
66) চুহিতফাংফা বা  গৌৰীনাথ সিংহ কাৰ পুত্ৰ আছিল?
উত্তৰ:- স্বৰ্গদেউ  লক্ষ্মী সিংহৰ পুত্ৰ।
67) কে‍তিয়া গৌৰিনাথ সিংহৰ মৃত্যু হৈছিল?
উত্তৰ:- ১৭৯৫ চনত।
68) কেতিয়া স্বৰ্গদেউ চুকলিংফা  বা কমলেশ্বৰ  মৃত্যু হৈছিল?
উত্তৰ:- ১৮১০ চনত।
69)  কাৰ  নেতৃত্বত  মানসকলে অসম  আক্ৰমণ কৰিছিল?
উত্তৰ:- বদন বৰফুকন ।
70)  কেত‍িয়া মানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- ১৮১৬ চনত।
71) মানসকলে কেতিয়া দ্বিতীয়বাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- ১৮১৯ চনত।
72) কেতিয়া মানসকলে তৃতীয়বাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- ১৮২১ চনত।
73) কেতিয়া মান আৰু ইংৰাজৰ যুদ্ধ হৈছিল?
উত্তৰ:- ১৮২৪ চনত।
74) কেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিল?
উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিত।
75) কেতিয়াৰ পৰা অসম ইংৰাজৰ অধীন হ'বলগীয়া হৈছিল?
উত্তৰ:- ১৮২৬ চনত।
76) অসমৰ প্ৰথমজন মুখ্য ইংৰাজ শাসক কোন আছিল?
উত্তৰ:- ডেভিড স্কট।
77) কিমান চনত ৰাজ্য চৰকাৰে কামৰূপ জিলাক দুভাগত ভাগ কৰিছিল?
উত্তৰ:- ২০০৩ চনত।
78) কেতিয়া পুৰন্দৰ সিংহৰ মৃত্যু হৈছিল?
উত্তৰ:- ১৮৪৫ চনত।
79) কাৰ দিনত অসমৰ চাহ বাগিচাসমূহলৈ শ্ৰমিকৰ আমদানি বহুগুণে বৃদ্ধি হৈছিল?
উত্তৰ:- কৰ্ণেল হেনৰী হপকিনছন।
80) অসমৰ প্ৰথম চীফ কমিছনাৰ কোন আছিল?
উত্তৰ:- কৰ্ণেল আৰ এইচ কিটিং।
81) কেতিয়া কটন কলেজ স্থাপন কৰিছিল?
উত্তৰ:- ১৯০১ চনত।
82) গুৱাহাটীৰ কাৰ্জন হলত স্থাপন কৰা কটনৰ মাৰ্বলৰ প্ৰতিমূৰ্তি কেতিয়া নিৰ্মাণ কৰিছিল?
উত্তৰ:- ১৯০৫ চনত।
83) কেতিয়া অসম প্ৰাদেশিক কংগ্ৰেছ সমিতি গঠন কৰিছিল?
উত্তৰ:- ১৯২১ চনত গুৱাহাটীত।
84) স্বৰাজ দল কেতিয়া গঠন হৈছিল?
উত্তৰ:- ১৯২২ চনত।
85) কেতিয়াৰ পৰা মহাত্মাগান্ধীয়ে আইন অমান্য আন্দোলন কৰিছিল?
উত্তৰ:- ১৯৩০ চনৰ ১২ মাৰ্চত।
86) অসমৰ প্ৰথম প্ৰধান মন্ত্ৰী কোন আছিল?
উত্তৰ:- ছৈয়দ মহম্মদ ছাদুল্লা।(১৯৩৭ চনৰ ১ এপ্ৰিলত)।
87) অসমত কাৰ দিনৰ পৰা প্ৰধান মন্ত্ৰীক মুখ্যমন্ত্ৰীৰূপে অভিহিত কৰিছিল?
উত্তৰ:- বিষ্ণুৰাম মেধিৰ।(১৯৫০-৫৭)।
88) কেতিয়া ছৈয়দ মহম্মদ ছাদুল্লা মন্ত্ৰীসভা পদত্যাগ কৰিছিল?
উত্তৰ:- ১৯৩৮ চনৰ ১৩ ছেপ্টেম্বৰ।
89) কেতিয়াৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ:- ১৯৪২ চনৰ পৰা।
90) কোনটো শব্দৰ দ্বাৰা  ভাৰতবাসীয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ:- মহাত্মাগান্ধীৰ " Do or die " মন্ত্ৰ।
91) ভাইচৰয় লৰ্ড মাউণ্টবেটেনৰ আঁচনি অনুযায়ী কেতিয়াৰ পৰা ইংৰাজ চৰকাৰে ভাৰত ত্যাগ কৰাৰ কথা প্ৰকাশ কৰিছিল?
উত্তৰ:- ১৯৪৭ চনৰ ৩ জুনত।
92) স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ:- ছাৰ আকবৰ হাইদৰী।
93) স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ:- গোপীনাথ বৰদলৈ।
94) কাৰ দিনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল?
উত্তৰ:- গোপীনাথ বৰদলৈ।
95) গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ২৬ জানুবাৰী ১৯৪৮ চনত।
96) কেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয় উদ্ধোধন কৰা হৈছিল?
উত্তৰ:- ১৯৪৮ চনৰ ৫ এপ্ৰিলত।
97) কেতিয়া গোপীনাথ বৰদলৈ মৃত্যু হৈছিল?
উত্তৰ:- ১৯৫০ চনৰ ৫ আগষ্ট।
98) কোনচনত ৰাজ্যৰ বিত্ত আৰু ৰাজহ মন্ত্ৰী বিষ্ণুৰাম মেধিয়ে অসমৰ মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল?
উত্তৰ:- ৯ আগষ্ট ১৯৫০ চনত।
99) অসমৰ কোনজন মন্ত্ৰীৰ দিনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কাম আৰম্ভ হৈছিল?
উত্তৰ:- বিষ্ণুৰাম মেধি।
100) স্বাধীন অসমৰ প্ৰথম বিধান-সভা কেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল?
উত্তৰ:- ৮ ফেব্ৰুৱাৰি ১৯৫২ চনত।
101) অসমৰ প্ৰথমখন অন্ধ বিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ২৭ ছেপ্টেম্বৰ ১৯৫৫ চনত।
102) অসমৰ প্ৰথমখন অভিযান্ত্ৰিক মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৫৫ চনত।
103) কোনচনত বিষ্ণুৰাম মেধিয়ে স্বাধীনতাৰ পাছত দ্বিতীয়খন অসম মন্ত্ৰীসভা গঠনৰ কৃতিত্ব লাভ কৰিছিল?
উত্তৰ:- ২২ এপ্ৰিল ১৯৫৭ চনত।
104) কেতিয়া বিমলাপ্ৰসাদ চলিহা অসমৰ মুখ্যমন্ত্ৰী হৈছিল?
উত্তৰ:- ২৮ ডিচেম্বৰ ১৯৫৭ চনত।
105) কাৰ দিনত গুৱাহাটীৰ জালুকবাৰীত কংগ্ৰেছ মহাসভাৰ ৬৬তম অধিবেশন বহিছিল?
উত্তৰ:- বিমলাপ্ৰসাদ চলিহাৰ দিনত ১৯৫৮ চনৰ ১৫ জানুৱাৰীত।
106) কেতিয়া শৰাইঘাটৰ দলং নিৰ্মাণ কৰিছিল?
উত্তৰ:- ১৯৬২ চনত।
107) কেতিয়া অসমৰ প্ৰথমটো ৰেচম সূতাকল জাগীৰোডত মুকলি কৰা হৈছিল?
উত্তৰ:- ১৮ ডিচেম্বৰ, ১৯৬০ চনত।
108) কেতিয়া গুৱাহাটীৰ নুনমাটিত তেল শোধনাগাৰ স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৯৬২ চনত।
109) ভাৰত-চীনৰ যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:- ১৯৬২ চনত।
110) কেতিয়া নামৰূপৰ সাৰ কাৰখানা প্ৰতিষ্ঠা হৈছিল?
উত্তৰ:- ১৯৬২ চনত।
111) কেতিয়া অসমৰ নগা পাহাৰ জিলা নতুন ৰাজ্যৰূপে গঠন হৈছিল?
উত্তৰ:- ১ ডিচেম্বৰ ১৯৬৩ চনত।
112) কেতিয়া প্ৰাথমিক পৰ্যায়ত বড়ো ভাষাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বড়ো ভাষাক শিক্ষাৰ মাধ্যমৰূপে স্বীকৃত দিয়া হৈছিল?
উত্তৰ:- ১৯৬৩ চনত।
113) গুৱাহাটীত অসমৰ প্ৰথমটো ফিল্ম ষ্টু'ডিঅ' জ্যোতি চিত্ৰবন কেতিয়া মুকলি কৰা হৈছিল?
উত্তৰ:- ১৭ জানুৱাৰী ১৯৬৮ চনত।
114) কেতিয়া অসমত গণ আন্দোলন সংঘটিত হৈছিল?
উত্তৰ:- ১৯৬৭-৬৮ চনত।
115) কেতিয়া আকাশবাণীৰ ডিব্ৰুগড় কেন্দ্ৰ মুকলি কৰা হৈছিল?
উত্তৰ:- ১৫ ফেব্ৰুৱাৰি ১৯৬৯ চনত।
116) উত্তৰ কাছাৰ পাহাৰ জিলা আনুষ্ঠানিকভাৱে কেতিয়া গঠন হৈছিল?
উত্তৰ:- ২ ফেব্ৰুৱাৰি ১৯৭০ চনত।
117) কাৰ দিনত অসমত ভাষা আন্দোলন তীব্ৰ ৰূপ ধাৰণ কৰিছিল?
উত্তৰ:- চলিহা মন্ত্ৰীসভাৰ দিনত ১৯৫৯-৬০ চনত।
118) কেতিয়াৰ পৰা অসমত অসমীয়া ভাষা ৰাজ্যিক ভাষা হিচাপে গৃহীত হৈছিল?
উত্তৰ:- ১৯৬১ চনৰ পৰা।
119) কেতিয়াৰ পৰা বৰাক উপত্যকাৰ কাছাৰ জিলাত জিলা পৰ্যায়ত বাংলা ভাষাই স্বীকৃতি লাভ কৰিছিল?
উত্তৰ:- ১৯৬১ চনত।
120) ভাষা আন্দোলন উল্লিখিত সময়ছোৱাত কেতিয়া অসমত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল?
উত্তৰ:- ১৯৬২ আৰু ১৯৬৭ চনত।
121) কেতিয়া মেঘালয়ে পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ কৰিছিল?
উত্তৰ:- ১৯৭২ চনত।

  (যুদ্ধ-বিগ্ৰহ, আন্দোলন-বিদ্ৰোহ , বহিৰাগতৰ আক্ৰমণ)

122) গিয়াছুদ্দিন ইৱাজ খিলজিয়ে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল?
উত্তৰ:- ১২২৬ চনত।
123) কেতিয়া মুছলমানৰ দ্বিতীয়বাৰ কামৰূপ আক্ৰমণ কৰিছিল?
উত্তৰ:- ১২২৬ চনত।
124) গিয়াছুদ্দিন ইৱাজ খিলজি কামৰূপ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল?
উত্তৰ:- পৃথু।
125) কেতিয়া মুছলমানসকলে প্ৰথম কামৰূপ আক্ৰমণ কৰিছিল?
উত্তৰ:- ১২০৬ চনত।
126) কেতিয়া তুৰ্বক অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- ১৫২৭ চনত।
127) কেতিয়া মিৰজুমলাই আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰিছিল?
উত্তৰ:- ১৬৬২ চনৰ ১৭ মাৰ্চত।
128) শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:- ১৬৭১ চনত।
129) ইটাখুলিৰ ৰণ কেতিয়া হৈছিল?
উত্তৰ:- ১৬৮৩ চনত।
130) কাৰ নিৰ্দেশত বংগৰ চুবেদাৰ মিৰজুমলাই অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- মোগল সম্ৰাট ঔৰংজেৱ।
131) লতাকটা ৰণ কেতিয়া হৈছিল?
উত্তৰ:- ১৭৫১ চনত।
132) মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ:- ১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈকে।
133) কেতিয়া ৰাঘ মৰাণক হত্যা কৰিছিল?
উত্তৰ:- ১৭৭০চনত।
134) দন্দুৱা দ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ:- ১৭৯৫ চনত।( স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।)
135) কেতিয়া মানসকলে প্ৰথম অসম আক্ৰম কৰিছিল?
উত্তৰ:- ১৮১৬ চনত।( বদন বৰফুকন নেতৃত্বত)।
136) কেতিয়া মানসকলে দ্বিতীয় বাৰ অসম আক্ৰম কৰিছিল?
উত্তৰ:- ১৮১৯ চনত।
137) কেতিয়া মানসকলে তৃতীয় বাৰ অসম আক্ৰম কৰিছিল?
উত্তৰ:- ১৮২১ চনত।
138) কেতিয়া ইংৰাজ আৰু মানৰ মাজত প্ৰথম যুদ্ধ হৈছিল?
উত্তৰ:- ১৮২৪ চনত।
139) ম'হগড় ৰণ কেতিয়া হৈছিল?
উত্তৰ:- ১৮২২ চনৰ ১৯ এপ্ৰিলত।
140) কেতিয়া পিয়লি আৰু জীউৰাম দুলীয়া বৰুৱাক ডেভিড স্কটৰ সিদ্ধান্ত মৰ্মে শিৱসাগৰ পুখুৰী পাৰত ফাঁচী দিয়া হৈছিল?
উত্তৰ:- ১৮৩০ চনত।
141) খাছিয়া বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৮২৮-৩৩ চনৰ সময়ছোৱাত।
142) কেতিয়া অসমত চিপাহী বিদ্ৰোহ হৈছিল?
উত্তৰ:- ১৮৫৭ চনত।
143) ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম কৃষক বিদ্ৰোহৰ নাম কি?
উত্তৰ:- ১৮৬১ চনৰ ফুলগুৰি ধেৱা।
144) ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল?
উত্তৰ:- ১৮৯৩ চনৰ ডিচেম্বৰ আৰু ১৮৯৪ চনৰ।
145) পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল?
উত্তৰ:- ১৮৯৪ চনৰ ২৮ জানুৱাৰীত।
146) আবৰ ৰণ কেতিয়া হৈছিল?
উত্তৰ:- ১৮৪৮ - ১৯১১ চনলৈ।
147) কেতিয়া NEFA গঠন কৰা হৈছিল?
উত্তৰ:- ১৯১৪ চনত।
148) ইংৰাজ বিৰুদ্ধে অসমৰ স্বাধীনত‍া সংগ্ৰাম প্ৰথম কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:-  ১৮২৮ চন।
149) কেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল?
উত্তৰ:- ১৮৫৮ চনত।
150) কেতিয়া জোনাকী প্ৰকাশ কৰিছিল?
উত্তৰ:- ১৮৮৯ চনত।
151) কেতিয়া অসম এছোচিয়েচন জন্ম হৈছিল?
উত্তৰ:- ১৯০৩ চনত।
152) কেতিয়া অসম ছাত্ৰ সন্মিলন জন্ম হৈছিল?
উত্তৰ:- ১৯১৬ চনত।
153) কেতিয়া অসম প্ৰদেশিক কংগ্ৰেছ গঠন হৈছিল?
উত্তৰ:- ১৯২১ চনত।
154) কেতিয়াৰ পৰা ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল?
উত্তৰ:- ১৯৪২ চনৰ ৮ আগষ্টৰ পৰা।
155) কেতিয়া ডিগবৈত শোধনাগাৰ প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৯০১ চনত।
156) অসমৰ দ্বিতীয়টো শোধানাগাৰ কেতিয়া মুকলি কৰা হৈছিল?
উত্তৰ:- ১৯৬২ চনৰ ১ জানুৱাৰীত গুৱাহাটীৰ নুনমাটিত।
157) কেতিয়া অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে স্বীকৃত দিছিল?
উত্তৰ:- ১৯৬০ চনৰ ১০  অক্টোবৰত।
158) কেতিয়া ভাৰত-চীন যুদ্ধ হৈছিল?
উত্তৰ:- ১৯৬২ চনৰ ২০ অক্টোবৰত।
159) কেতিয়া অসমত শিক্ষাৰ মাধ্যম অসমীয়া  সম্পৰ্কে বিধামসভাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
উত্তৰ:- ১৯৭২ চনৰ ২৩ ছেপ্টম্বৰত।
160) কেতিয়া অসম আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ:- ১৯৭৯ চনত।
161) অসম আন্দোলনত শ্বহীদ হোৱা প্ৰথম ব্যক্তিজনৰ নাম কি?
উত্তৰ:- খৰ্গেশ্বৰ তালুকদাৰ।
162) ইন্দিৰা গান্ধীৰ হত্যা কেতিয়া হৈছিল?
উত্তৰ:- ১৯৮৪ চনত।
 
                         (সন্দি- চুক্তি)
163) মাজুলীৰ সন্ধি কেতিয়া হৈছিল?
উত্তৰ:- ১৫৬৩ চনত আহোম স্বৰ্গদেউ চুখামপা বা খোৰা ৰজা আৰু কোঁচ সেনাপতি চিলাৰায়ৰ মাজত হোৱা এক সন্ধি।
164) ঘিলাঝাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল?
উত্তৰ:- ১৬৬৩ চনৰ ৯ জানুৱাৰীত আহোম আৰু মোগলৰ মাজত এক সন্ধি হয়।
165) ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল?
উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিত ব্ৰহ্মদেশৰ(ম্যানমাৰ) ইয়াণ্ডাবুত ইংৰাজ আৰু মানসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল।
166) ইয়াণ্ডাবু সন্ধিত মুঠতে কেইটা দফা আছিল?
উত্তৰ:- ১১ টা।
167) ব্ৰহ্মদেশৰ পশ্চিম অঞ্চলটোৰ নাম কি আছিল?
উত্তৰ:- মাণ্ডালয়।(প্ৰাচীন নাম আছিল ৰত্নপুৰ।)
168) অসম চুক্তি কেতিয়া হৈছিল?
উত্তৰ:-  ১৯৭৯-১৯৮৫ চনৰ ১৫ আগষ্টত।
169) বড়ো চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ:- ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰিত হৈছিল।
170) BTC কেতিয়া গঠন হৈছিল?
উত্তৰ:- ২০০৩ চনৰ ৭ ডিচেম্বৰত।

  ( বিদেশী পৰিব্ৰাজকৰ টোকা)
171) কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন-ছাং কামৰূপলৈ আহিছিল?
উত্তৰ:- বৰ্মন বংশৰ ৰজা ভাস্কৰ বৰ্মন।(৫৯৪-৬৫০)
172) কেতিয়া চীনা পৰিব্ৰাজক হিউৱেন-ছাং কামৰূপলৈ আহিছিল?
উত্তৰ:- ৬৪০ খ্ৰীষ্টাব্দত।
173) কাৰ ৰাজত্ব কালত পৰ্টুগীজ ভ্ৰমণকাৰী ৰালফ ফিটছে কামৰূপলৈ আহিছিল?
উত্তৰ:- কোঁচ ৰজা নৰনাৰায়ণৰ ৰাজত্ব কালত।(১৫৪০-৮৪)।
174) কেতিয়া ৰালফ ফিটছে কামৰূপলৈ আহিছিল?
উত্তৰ:- ১৫৫০-১৬১১ খ্ৰীষ্টাব্দত।
175) কাৰ অসম আক্ৰমণ সময়ত চিহাবুদ্দিন তালিছ নামৰ এজন পাৰ্ছী পণ্ডিত অসমলৈ আহিছিল?
উত্তৰ:- মিৰজুমলাৰ ।( ১৬৬২ )
176) ফৰাচী জন বেপ্টিষ্ট ট্ৰেভেনিয়াৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰ:-( ১৬০৫-১৬৮৯)।
177) ফৰাচী ভ্ৰমণকাৰী জন বেপ্টিষ্ট ট্ৰেভেনিয়াৰ লিখা ভ্ৰমণমূলক গ্ৰন্থ " Travels in India "  ত এছিয়া মহাদেশৰ ভিতৰত কোনটো ৰাজ্যক উন্নত দেশ বুলি উল্লেখ কৰিছে?
উত্তৰ:- অসমক।
178) কেতিয়া আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আমন্ত্ৰণক্ৰমে কেপ্টেইন টমাছ ৱেলছৰ অসম অভিযান সংঘটিত হৈছিল?
উত্তৰ:- ১৭৯২-৯৪ চনত।
179) কাৰ অসম অভিযানৰ সময়ত তেওঁৰ লগত সহকাৰীৰূপে শল্য চিকিৎসক ডা:জন পিটাৰ ৱেড অসমলৈ আহিছিল?
উত্তৰ:- ১৭৯২-৯৪ চনত কেপ্টেইন ৱেলছৰ অসম অভিযানৰ সময়ত।
180) উইলিয়াম ৰবিনছনে কেতিয়া " A Descriptive Account of Assam" গ্ৰন্তখন লিখিছিল?
উত্তৰ:- ১৮৪১ চনত।

181) প্ৰথম অসমীয়া চলচ্চিত্ৰ ৰ নাম কি?

উত্তৰ:- জয়মতী।

182) প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী' ৰ মূল চৰিত্ৰত কোনে অভিনয় কৰিছিল?

উত্তৰ:- আইদেউ সন্দিকৈ ।

Political Science & Economic GK:-Click Here:- https://realtigerconcept.blogspot.com/2022/04/Political-science-Gk-and-Economic-gk.html


                     


Post a Comment

0 Comments