Geography Gk. |
(সৌৰজগতত আমাৰ পৃথিৱী)
1) তৰা কাক বোলে?
উত্তৰ:- কাঁচি জোনেৰে সৈতে কিছুমান থূপ খাই থকা আৰু কিছুমান সিঁচৰতি হৈ থকা জ্যোতিষ্কৰে গোটেই আকাশখন ভৰি আছে। এনে উজ্জ্বল জ্যোতিষ্ককে তৰা বুলি কোৱা হয়।
2) নক্ষত্ৰ কাক বোলে?
উত্তৰ:- তৰাবোৰৰ ভিতৰত যিবোৰক তিৰ্ বিৰাই থকা দেখা যায় সেইবোৰেই নক্ষত্ৰ।
3) নক্ষত্ৰৰ নিজা পোহৰ আছেনে?
উত্তৰ:- আছে।
4) সূৰ্যটো এটা কি?
উত্তৰ:- নক্ষত্ৰ ।
5) আমাৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৰ নাম কি?
উত্তৰ:- সূৰ্য।
6) সূৰ্যতকৈ বহুগুণে ডাঙৰ নক্ষত্ৰ আকাশত আছেনে?
উত্তৰ:- আছে।
7) অতি উত্তপ্ত নক্ষত্ৰটোৰ নাম কি?
উত্তৰ:- সূৰ্য।
8) সূৰ্যৰ ওপৰ অংশৰ উত্তাপ প্ৰায় কিমান ডিগ্ৰী চেলচিয়াছ?
উত্তৰ:- ৬০০০ ডিগ্ৰী।
9) সূৰ্যৰ বয়স কিমান?
উত্তৰ:- ৫০০ কোটি বছৰৰ ওচৰা-উচৰি।
10) পৃথিৱীত হোৱা দিন-ৰাতি , ঋতু পৰিৱৰ্তন, বতৰৰ সাল-সলনি , এই সকলোৰে প্ৰধান কাৰণ হৈছে___।
উত্তৰ:- সূৰ্য।
11) গ্ৰহবোৰৰ নিজা পােহৰ___।
উত্তৰ:- নাই।
12) সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীৰ সৈতে অন্যান্য গ্ৰহ , উপগ্ৰহ, ধূমকেতু , উল্কা আৰু গ্ৰহাণুপুঞ্জক লৈ সৃষ্ট হোৱা সূৰ্যৰ পৰিয়ালক কি বুলি কোৱা হয়?
উত্তৰ:- সৌৰজগত।
13) সৌৰজগতত কেইটা গ্ৰহ আছে?
উত্তৰ:- আঠটা।
14) পৃথিৱীৰ আনুমানিক বয়স কিমান?
উত্তৰ:- প্ৰায় ৪৫০০ নিযুত বছৰ।
15) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লয়?
উত্তৰ:- ৩৬৫ দিন, ৫ ঘণ্টা , ৪৮ মিনিট, ৪৫-৪৭ চেকেণ্ড সময় লয়।
16) পৃথিৱীৰ পৰা সূৰ্যৰ গড় দূৰত্ব কিমান?
উত্তৰ:- ১৪৯,৫৯৭,৯০০ কি:মি:।
17) পৃথিৱীয়ে সূৰ্যৰ চাৰিফালে ঘণ্টাত কিমান বেগেৰে ঘূৰে?
উত্তৰ:- ১৬৭০ কি:মি:।
18) সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?
উত্তৰ:- বুধ।
19) পৃথিৱী গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ১২,৭৪০ কি:মি।
20) পৃথিৱী গ্ৰহৰ উপগ্ৰহ কেইটা?
উত্তৰ:- ১ টা।
21) বুধ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- ৮৮ দিন।
22) বুধ গ্ৰহৰ ব্যাস কিমান?
উত্তৰ:- ৪,৯৮০ কি:মি:।
23) বুধ গ্ৰহৰ উপগ্ৰহ কিমান?
উত্তৰ:- নাই।
24) শুক্ৰ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- ২২৫ দিন।
25) শুক্ৰ গ্ৰহৰ ব্যাস দৈৰ্ঘ্য কিমান?
উত্তৰ:- ১২,৩৯০
26) শুক্ৰ গ্ৰহৰ উপগ্ৰহ কেইটা?
উত্তৰ:- নাই।
27) মঙ্গল গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- ৬৮৭ দিন।
28) মঙ্গল গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ৬,৭৫০।
29) মঙ্গল গ্ৰহৰ উপগ্ৰহ কেইটা?
উত্তৰ:- ২ টা।
30) বৃহস্পতি গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- ১১ বছৰ।
31) বৃহস্পতি গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ১৪২,৮০০ কি:মি:।
32) বৃহস্পতি গ্ৰহৰ উপগ্ৰহ কেইটা?
উত্তৰ:- ২৬ টা।
32) শনি গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- ২৯ বছৰ।
33) শনি গ্ৰহৰ ব্যাসৰ দৈ কিমান?
উত্তৰ:- ১২০,৫০০ কি:মি।
34) শনি গ্ৰহৰ উপগ্ৰহ কেইটা ?
উত্তৰ:- ৩০ টা।
35) ইউৰেনাছ গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- ৮৪ বছৰ।
36) ইউৰেনাছ গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ৪৯,৭০০ কি:মি:।
37) ইউৰেনাছ গ্ৰহৰ উপগ্ৰহ কেইটা?
উত্তৰ:- ১৫ টা।
38) নেপচুন গ্ৰহই সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- ১৬৪ বছৰ।
39) নেপচুন গ্ৰহৰ ব্যাসৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ৪৫,০০০ কি:মি:।
40) নেপচুন গ্ৰহৰ উপগ্ৰহ কেইটা?
উত্তৰ:- ৮ টা।
41) সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে সৌৰজগতৰ দ্বিতীয় গ্ৰহটোৰ নাম কি?
উত্তৰ:- শুক্ৰ।
42) কোনটো গ্ৰহৰ ঘূ্ৰণ অন্য গ্ৰহৰ ওলোটা, পূবৰ পৰা পশ্চিমলৈকেহে হয়?
উত্তৰ:- শুক্ৰ গ্ৰহ।
43) কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়?
উত্তৰ:- শুক্ৰ গ্ৰহ।
44) কোনটো গ্ৰহক পুৱতি ভোটা তৰা আৰু সাঁজ ভোটা তৰা বা সাঁজলী ভোটা তৰা বুলি জনা যায়?
উত্তৰ:- শুক্ৰ।
45) সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে চতুৰ্থ স্থানত থকা গ্ৰহটোৰ নাম কি?
উত্তৰ:- মঙ্গল গ্ৰহ।
46) কোনটো গ্ৰহৰ বৰণ ৰঙচুৱা?
উত্তৰ:- মঙ্গল গ্ৰহ।
47) সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি?
উত্তৰ:- বৃহস্পতি গ্ৰহ।
48) খালী চকুৰে কোনটো গ্ৰহক আকাশত দেখা যায়?
উত্তৰ:- বৃহস্পতি গ্ৰহ।
49) বৃহস্পতি গ্ৰহ আয়তন পৃথিৱীৰ আয়তনৰ প্ৰায় কিমান গুণ?
উত্তৰ:- ১৩১৭ গুণ।
50) সূৰ্যৰ পৰা দূৰত্ব হিচাপে ষষ্ঠ স্থানত থকা গ্ৰহটোৰ নাম কি?
উত্তৰ:- শনি গ্ৰহ।
51) সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহটোৰ নাম কি?
উত্তৰ:- শনি গ্ৰহ।
52) বৃহস্পতি , ইউৰেনাছ আৰু নেপচুনৰ আঙঠিতকৈ কোনটো গ্ৰহৰ আঙঠিৰ সৌন্দৰ্য বেছি?
উত্তৰ:- শনি গ্ৰহ।
53) আৱিস্কাৰ পৰা কিমান চনলৈকে প্লুটোক নৱম গ্ৰহ হিচাপে জনা গৈছিল?
উত্তৰ:- ২০০৬ চনৰ আগষ্ট মাহলৈকে।
54) কোনটো গ্ৰহক বাওনা গ্ৰহ বুলি কোৱা হয়?
উত্তৰ:- প্লুটো গ্ৰহ।
55) পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি?
উত্তৰ:- চন্দ্ৰ।
56) কোন চনত গেলিলিঅ' গেলিলিয়ে দূৰবীণেৰে প্ৰথম চন্দ্ৰ পৰ্যৱেক্ষণ কৰিছিল?
উত্তৰ:- ১৬০৯ চনত।
57) চন্দ্ৰত পদাপৰ্ণ কৰা প্ৰথম মানৱজনৰ নাম কি?
উত্তৰ:- নীল আৰ্মষ্ট্ৰং ১৯৬৯ চনৰ ২৯ জুলাই।
58) কোনচনত ভাৰতবৰ্ষই দক্ষিণ ভাৰতৰ শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰায়ন-১ নামৰ মানৱবিহীন মহাকাশযান প্ৰথমবাৰৰ বাবে চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল?
উত্তৰ:- ২০০৮ চনৰ ২২ অক্টোবৰ ।
59) সৌৰজগতত কিছুমান সৰু সৰু পদাৰ্থৰ সমষ্টিক কি বুলি কোৱা হয়?
উত্তৰ:- গ্ৰহাণুপুঞ্জ।
60) কোন দুটা গ্ৰহৰ মাজত গ্ৰহাণুপুঞ্জসমূহ দেখা যায়?
উত্তৰ:- মঙ্গল আৰু বৃহস্পতি গ্ৰহ।
61) বৰ্তমানলৈকে কিমানটা ধূমকেতুৰ বিষয়ে জনা গৈছে?
উত্তৰ:- ৭৫০ টা।
62) সৌৰজগতত অস্থায়ীভাৱে ভূমুকি মৰা উজ্জ্বল বাস্পপিণ্ডৰ নাম কি?
উত্তৰ:- ধূমকেতু ।
63) সূৰ্যৰ পৰা পৃথিৱীৰ অৱস্থান কেই নম্বৰ স্থানত?
উত্তৰ:- তৃতীয় স্থানত।
64) ইউৰেনাছ গ্ৰহটো কোন দুটা গ্ৰহৰ মাজত অৱস্থিত?
উত্তৰ:- শনি আৰু নেপচুনৰ মাজত।
65) নিজৰ পোহৰ থকা তৰাবোৰক কি বুলি কোৱা হয়?
উত্তৰ:- নক্ষত্ৰ ।
66) পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি?
উত্তৰ:- শুক্ৰ গ্ৰহ।
67) আমি তাপ আৰু পোহৰ পোৱা নক্ষত্ৰটোৰ নাম কি?
উত্তৰ:- সূৰ্য।
68) ৰাতিৰ আকাশত তীব্ৰভাবে গতি কৰি ধ্বংস হোৱা উজ্জ্বল পিণ্ডবোৰক কি বুলি কোৱা হয়?
উত্তৰ:- পপীয়া তৰা বা উল্কা।
69) সৌৰজগতৰ আটাতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি?
উত্তৰ:- নেপচুন।
ভূগোলৰ-সাধাৰণ-জ্ঞান.jpg |
(পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ)
70) স্থলমণ্ডল কাক বোলে?
উত্তৰ:- পৃথিৱীৰ উপৰিভাগ
ৰ কঠিন অংশ য'ত আমি বসবাস কৰো তাকে স্থলভাগ বা স্থলমণ্ডল বুলি কোৱা হয়।
71) জলমণ্ডল কাক বোলে?
উত্তৰ:- পৃথিৱীৰ উপৰিভাগৰ বিস্তীৰ্ণ দ অংশবোৰত পানী জমা হৈ থাকে । পানীৰে ভৰি থকা সেই অংশবোৰক জলভাগ বা জলমণ্ডল বুলি কোৱা হয়।
72) বায়ুমণ্ডল কাক বোলে?
উত্তৰ:- আমি বাস কৰা পৃথিৱীখনক আৱৰি থকা গেছীয় আৱৰণটোক বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডলত নাইট্ৰোজেন , অক্সিজেন , কাৰ্বন-ডাই-অক্সাইড আদি বিভিন্ন গেছ পোৱা যায়।
73) জীৱমণ্ডল কাক বোলে?
উত্তৰ:- মানুহকে ধৰি বিভিন্ন জীৱ-জন্তু বসবাস কৰা স্থলমণ্ডল, জলমণ্ডল আৰু বায়ুমণ্ডলক একেলগে সামৰি লৈ জীৱমণ্ডল বুলি কোৱা হয়।
74) মহাদেশ কাক বোলে?
উত্তৰ:- মাটিভাগৰ একো একোটা বৃহৎ খণ্ডক মহাদেশ বুলি কোৱা হয়।
75) মহাসাগৰ কাক বোলে?
76) পৃথিৱীৰ উচ্চতম পৰ্বত শৃংগটোৰ নাম কি?
উত্তৰ:- মাউণ্ট এভাৰেষ্ট।( উচ্চতা ৮,৮৪৮ মিটাৰ।)
77) প্ৰকান্ত মহাসাগৰৰ বুকুত থকা মেৰিয়ানা খাতৰ গভীৰতা কিমান?
উত্তৰ:- ১১,০২২ মিটাৰ।
78) পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন?
উত্তৰ:- সাতখন।(এছিয়া,ইউৰোপ,আফ্ৰিকা, উত্তৰ আমেৰিকা , দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ।)
79) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি ?
উত্তৰ:- এছিয়া মহাদেশ।
80) এছিয়াৰ উত্তৰ-পশ্চিম অংশত উত্তৰা-দক্ষিণাকৈ কি পৰ্বতমালা আছে?
উত্তৰ:- য়ুৰাল পৰ্বতমালা।
81) য়ুৰাল পৰ্বতমালাৰ পশ্চিমে যি বিশাল স্থলভাগ আছে তাক কি বুলি কোৱা হয়?
উত্তৰ:- ইউৰোপ মহাদেশ।
82) পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ মহাদেশখনৰ নাম কি?
উত্তৰ:- আফ্ৰিকা।
83) পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?
উত্তৰ:- নীল নদী।
84) নীল নদী কোন মহাদেশত অৱস্থিত?
উত্তৰ:- আফ্ৰিকা মহাদেশত।
85) পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশখনৰ নাম কি?
উত্তৰ:- উত্তৰ আমেৰিকা।
86) উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ ঠেক ভূখণ্ডক কি বুলি কোৱা হয়?
উত্তৰ:- পানামা যোজক বুলি কোৱা হয়।
87) উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পৰ্বতমালাটোৰ নাম কি?
উত্তৰ:- ৰকি পৰ্বতমালা।
88) দক্ষিণ আমেৰিকাৰ অধিক অংশই কোনটো গোলাৰ্ধত পৰিছে?
উত্তৰ:- দক্ষিণ গোলাৰ্ধত।
89) পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটোৰ নাম কি?
উত্তৰ:- এণ্ডিজ।
90) এণ্ডিজ পৰ্বতমালা কোনখন মহাদেশত অৱস্থিত?
উত্তৰ:- দক্ষিণ আমেৰিকা।
91) পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি ?
উত্তৰ:- আমাজান।
92) আমাজান নদী ক'ত অৱস্থিত?
উত্তৰ:- দক্ষিণ আমেৰিকা।
93) দুই বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগক কি বুলি কোৱা হয়?
উত্তৰ:- যোজক। যেনে:- পানামা যোজক।
94) দুই বহল জলভাগক লগ কৰা ঠেক জলভাগক কি বুলি কোৱা হয়?
উত্তৰ:- প্ৰণালী। যেনে:- পক প্ৰণালী।
95) পৃথিৱীৰ মহাদেশবোৰৰ ভিতৰত আটাইতকৈ সৰু মহাদেশখনৰ নাম কি?
উত্তৰ:- ওচেনিয়া মহাদেশ।
96) এণ্টাৰ্কটিকা মহাদেশত আমাৰ ভাৰতবৰ্ষৰ দুটা গৱেষণা কেন্দ্ৰৰ নাম লিখা?
উত্তৰ:- মৈত্ৰী আৰু দক্ষিণ গংগোত্ৰী।
97) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন?
উত্তৰ:- এণ্টাৰ্কটিক মৰুভূমি।
98) কাক নীলা গ্ৰহ বুলি কোৱা হয়?
উত্তৰ:- পৃথিৱী গ্ৰহক।
99) পৃথিৱীত মুঠ জলৰ কিমান শতাংশ ভাগ সাগৰ - মহাসাগৰত আছে?
উত্তৰ:- ৯৭%
100) প্ৰায় কিমান ভাগ পানীয়ে পৃথিৱীক আগুৰি আছে?
উত্তৰ:- তিনি-চতুৰ্থাংশ।
101) পৃথিৱীৰ মহাসাগৰ কেইখন আছে?
উত্তৰ:- পাঁচখন।(প্ৰকান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ।)
102) পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ নাম কি?
উত্তৰ:- প্ৰকান্ত মহাসাগৰ।
103) মেৰিয়ানা খাত কোনখন সাগৰত অৱস্থিত?
উত্তৰ:- প্ৰকান্ত মহাসাগৰত।
104) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ নাম কি?
উত্তৰ:- আটলান্টিক মহাসাগৰ।
105) কোনটো মহাসাগৰৰ আকৃতি প্ৰায় ইংৰাজী 'S' আখৰটোৰ দৰে হয়?
উত্তৰ:- আটলান্টিক মহাসাগৰ।
106) কোনটো মহাসাগৰ আকৃতি ত্ৰিভুজৰ দৰে হয়?
উত্তৰ:- ভাৰত মহাসাগৰ।
107) বায়ুমণ্ডলক কেইটা স্তৰত ভাগ কৰা হৈছে?
উত্তৰ:- চাৰিটা স্তৰত।( ট্ৰপ'স্ফিয়েৰ, ষ্ট্ৰেট'স্ফিয়েৰ , মেছ'স্ফিয়েৰ আৰু থাৰ্ম'স্ফিয়েৰ।)
108) পৃথিৱীৰ উপৰিভাগৰ পৰা মোটামোটিভাৱে বায়ুমণ্ডল প্ৰায় কিমা কি'লমিটাৰ উচ্চতা পৰ্যন্ত প্ৰসাৰিত হৈ আছে?
উত্তৰ:- ১৬০০ কি'লমিটাৰ।
109) বায়ুমণ্ডল ঘাইকৈ কি কি গেছেৰে গঠিত?
উত্তৰ:- নাইট্ৰ'জেন আৰু অক্সিজেন।
110) বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰ'জেন গেছ আৱৰি আছে?
উত্তৰ:- ৭৮%।
111) বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন-ডাই-অক্সাইড , আৰ্গন আৰু আন আন গেছসমূহ গঠিত?
উত্তৰ:-১%।
112) বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন গেছ আৱৰি আছে?
উত্তৰ:- ২১%।
113) কোনটো পৃষ্ঠত বায়ুৰ ঘনত্ব আটাইতকৈ বেছি ?
উত্তৰ:- সাগৰ পৃষ্ঠত।
114) বায়ুমণ্ডলৰ কোনটো স্তৰত মেঘ, বৰষুণ , আৰু বতাহ সৃষ্টি হয়?
উত্তৰ:- ট্ৰপ'স্ফিয়াৰ।
115) গোলকীয় উষ্ণতা বৰ্ধন (Global warming ) কাক বোলে?
উত্তৰ:- কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমান বৃদ্ধিয়ে গোটেই গোটেই পৃথিৱীতে তাপ বৃদ্ধি কৰে। এনে কাৰ্যৰ ফলত ধৰাপৃষ্ঠত তাপ বৃদ্ধি হোৱাকে গোলকীয় উষ্ণতা বৰ্ধন বুলি কোৱা হয়।
All Competitive Exam Geography Gk |
116) মুখ্য দ্ৰাঘিমাৰেখাৰ মান কিমান?
উত্তৰ:- 0⁰।
117) কোনটো অঞ্চলক শীত মণ্ডলৰ অৱস্থান বুলি কোৱা হয়?
উত্তৰ:-মেৰু অঞ্চল ।
118) বিষুৱৰ পৰা কিমান ডিগ্ৰী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব?
উত্তৰ:-23 ¹/ 2⁰ দক্ষিণ অক্ষাংশ ।
119) ১⁰ ৰ অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা কিমান?
উত্তৰ:- ১৮০ ডাল ।
120) বিষুৱ ৰেখাৰ মান কিমান?
উত্তৰ:- 0⁰ অক্ষাংশ ।
121) বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত ?
উত্তৰ:- গ্ৰীষ্মমণ্ডলত অৱস্থিত।
(122) কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰে দুই মেৰুবিন্দুক সংযোগ কৰিছে ?
উত্তৰ:- মেৰুদণ্ডই।
(123) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে ?
উত্তৰ:- উত্তৰ দিশত অৰ্থাৎ ওপৰৰ ফালে।
(124) বিষুৱ ৰেখাৰ অক্ষাংশ কিমান ?
উত্তৰ:- 0˚ ।
(125) তুমি কোন গোলাৰ্ধৰ বাসিন্দা ?
উত্তৰ:- উত্তৰ গোলাৰ্ধৰ।
(126) বিষুৱৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তত হৈ থকা তাপমণ্ডলটোৰ নাম কি ?
উত্তৰ:- উত্তৰ নাতিশীতোষ্ণ মণ্ডল আৰু দক্ষিণ নাতীশীতোষ্ণ মণ্ডল।
(127) সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাবে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থান থাকে ?
উত্তৰ:- গোটা অৱস্থাত থাকে অৰ্থাৎ বৰফৰ ৰূপত থাকে ।
All geography gk any competitive exam. |
( পৃথিৱীৰ গতি)
128) " সূৰ্য স্থিৰ আৰু পৃথিৱীয়েহে সূৰ্যৰ চাৰিওফালে ঘূৰে " কোনে প্ৰথমে প্ৰমাণ কৰিছিল?
উত্তৰ:- ১৫১৪ খ্ৰীষ্টাব্দত কপাৰনিকাছ নামৰ জ্যোতিৰ্বিদজনে।
129) পৃথিৱীৰ নিজা পোহৰ আছেনে?
উত্তৰ:- নাই।
130) পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত ____ঘূৰে।
উত্তৰ:- পশ্চিমৰ পৰা পূবলৈ ঘূৰে।
131) কোন তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব আটাইতকৈ অধিক হয়?
উত্তৰ:- ৪ জুলাই তাৰিখে।
132) ৪ জুলাই তাৰিখে সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব প্ৰায় ১৫২ নিযুত কিল'মিটাৰ। এই দূৰত্বটোক কি বুলি কোৱা হয়?
উত্তৰ:- অপসূৰ।
133) কোন তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব আটাইতকৈ কম হয়?
উত্তৰ:- ৩ জানুৱাৰী তাৰিখে।
134) ৩ জানুৱাৰী তাৰিখে পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব প্ৰায় ১৪৭.৫ নিযুত কিল'মিটাৰ হয়। এই দূৰত্বক কি বুলি কোৱা হয়?
উত্তৰ:- অনুসূৰ।
135) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকোঁতে কোন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কট ক্ৰান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে?
উত্তৰ:- ২১ জুন।
136) কোন তাৰিখে পৃথিৱীত পুনৰাই সূৰ্যৰ ৰশ্মি বিষুৱত লম্বভাৱে পৰে?
উত্তৰ:- ২৩ ছেপ্টেম্বৰ দিনা।
137) কোন দিনা গোটেই পৃথিৱীত দিন আৰু ৰাতি সমান হয়?
উত্তৰ:- ২৩ ছেপ্টম্বৰ আৰু ২১ মাৰ্চৰ দিনা।
138) পৃথিৱীৰ কোনটো গতিৰ ফলত ঋতু পৰিৱৰ্তন হয়?
উত্তৰ:- বাৰ্ষিক গতিৰ ফলত।
139) পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি?
উত্তৰ:- বাৰ্ষিক গতি।
(140) বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে?
উত্তৰ:- ২১ মাৰ্চ।
(141) পৃথিৱীৰ উপৰিভাগত ঋতু পৰিবৰ্তন হোৱাৰ কাৰণ--
উত্তৰ:- বাৰ্ষিক গতি।
(142) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ'ল--
উত্তৰ:- ৩৬৬ দিন।
(143) মকৰ সংক্ৰান্তি হোৱা দিনটো হ'ল--
উত্তৰ:- ২২ ডিচেম্বেৰ।
(144) পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে .......... বোলে।
উত্তৰ:- আহ্নিক গতি
(145) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক ........... বোলে।
উত্তৰ:- কক্ষপথ
(146) .......... ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয়।
উত্তৰ:- শীত।
(147) পৃথিৱীৰ সোঁমাজেৰে উত্তৰ মেৰু আঁৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম ..........।
উত্তৰ:- বিষুৱ ৰেখা
(148) মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ .......... গোলাৰ্ধত কল্পনা কৰা হৈছে।
উত্তৰ:- দক্ষিণ
(149) পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত .......... কোণ কৰি হেলনীয়া হৈ থাকে।
উত্তৰ:- ৬৬১/২⁰।
150) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্ৰী কোণ কৰি আছে?
উত্তৰ:- ৬৬১/২⁰।
151) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?
উত্তৰ:- ৩৬৫ দিন আৰু প্ৰায় ৬ ঘণ্টা ।
152) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে?
উত্তৰ:- ২১ জুন আৰু ২২ ডিচেম্বৰ তাৰিখে।
153) পৃথিৱীৰ বাৰ্ষিক গতিৰ সময় কিমান?
উত্তৰ:- ৩৬৫ দিন ৬ ঘণ্টা ।
154) পৃথিৱীৰ আৱৰ্তনৰ সময় কিমান?
উত্তৰ:- ২৪ ঘণ্টা অৰ্থাৎ এদিন।
155) পৃথিৱীৰ আৱৰ্তনৰ সময়ত কি হয়?
উত্তৰ:- দিন আৰু ৰাতি হয়।
(Geography Gk All Competitive Exam) |
(ভূগোল অধ্যয়নৰ আহিলা: মানচিত্ৰ) |
উত্তৰ:-গোলক,মানচিত্ৰ,ভূচিত্ৰাৱলী,আৰ্হিচিত্ৰ,কম্পাছ,নক্সা,লেখ,মডেল ইত্যাদি ।q
157) মানচিত্ৰ কাক বোলে?
উত্তৰ:- যেতিয়া পৃথিৱীৰ কোনো এটি অংশৰ বিষয়ে অৰ্থাৎ কোনো দেশ, ৰাজ্য,জিলা,চহৰ বা গাওঁ আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ; তেতিয়া আমি গোলকৰ সলনি মানচিত্ৰ সহায় ল'বলগীয়া হয়। গোটেই পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কাগছ বা তেনে কোনো সমতলত পৃষ্ঠাত দিশ আৰু দূৰত্ব অনুপাত ঠিক ৰাখি অংকন কৰা চিত্ৰই হ'ল - মানচিত্ৰ।
158) প্ৰাকৃতিক আৰু ৰাজনৈতিক মানচিত্ৰবোৰক কি বুলি কোৱা হয়?
উত্তৰ:- সাধাৰণ মানচিত্ৰ।
159) জনসংখ্যা বিতৰণ,যাতায়াত ব্যৱস্থা, জলবায়ু,বৃষ্ঠিপাত,অৰণ্য আদি বিশেষ বিষয় দেখুওৱাবলৈ অঁকা মানচিত্ৰবোৰক কি বুলি কোৱা হয় ?
উত্তৰ:- বিষয় ভিত্তিক মানচিত্ৰ ।
160) স্কেল বা মাপনী কাক বোলে?
উত্তৰ:- ভূ-পৃষ্ঠৰ ওপৰৰ দূৰত্বক মানচিত্ৰৰ দূৰত্বৰ লগত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনী বুলি কোৱা হয়।
161) মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰক কি চিহ্ন বুলি কোৱা হয়?
উত্তৰ:- স্বীকৃত বা প্ৰচলিত চিহ্ন।
162) পানী দেখুৱাবলৈ মানচিত্ৰত কি ৰং ব্যৱহাৰ কৰা হয়?
উত্তৰ:- নীলা ৰং।
163) পাহাৰ-পৰ্বত দেখুৱাবলৈ কি ৰং ব্যৱহাৰ কৰা হয়?
উত্তৰ:- ডাঠ মুগা ৰং।
164) মালভূমি দেখুৱাবলৈ কি ৰং ব্যৱহাৰ কৰা হয়?
উত্তৰ:- হালধীয়া ৰং।
165) নিম্ন সমভূমি দেখুৱাবলৈ কি ৰং ব্যৱহাৰ কৰা হয়?
উত্তৰ:- সেউজীয়া ৰং।
166) আৰ্হি চিত্ৰ বা স্কেচ্ কাক বোলে?
উত্তৰ:- মাপনীৰ সহায় নোলোৱাকৈ কেৱল পৰ্যৱেক্ষণ কৰি বা মনৰ ধাৰণা বা স্মৃতিৰ ওপৰত ভিত্তি কৰি অংকন কৰা চিত্ৰ হ'ল আৰ্হি চিত্ৰ বা স্কেচ্।
167) আৰ্হি চিত্ৰ কাক বোলে?
উত্তৰ:- স্কেল বা মাপনীৰ সহায় নোলোৱাকৈ অঁকা আনুমানিক চিত্ৰকে আৰ্হি চিত্ৰ বোলা হয়। অথবা কোনো এখন ঠাইৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ থূলমূল অৱস্থান দেখুৱাই প্ৰস্তুত কৰা চিত্ৰই আৰ্হিচিত্ৰ।
168) নক্সা কাক বোলে?
উত্তৰ:- ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা বা প্লেন।
169) স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক কেইটা ভাগত ভাগ কৰিব পাৰি?
উত্তৰ:- দুই প্ৰকাৰৰ।( সৰু মাপনীৰ মানচিত্ৰ আৰু ডাঙৰ মাপনীৰ মানচিত্ৰ।)
170) মানচিত্ৰৰ প্ৰধান উপাদান কেইটা ?
উত্তৰ:- তিনিটা।( দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন।)
171) সাংকেতিক চিহ্ন কাক বোলে?
উত্তৰ:- মানচিত্ৰত বিভিন্ন ভৌগোলিক তথ্য বুজাবলৈ ব্যৱহাৰ কৰা বিশেষ চিনবোৰক সাংকেতিক চিহ্ন বোলা হয়।
172) মানচিত্ৰ বিভিন্ন প্ৰকাৰৰ আছে? কি কি লিখা?
উত্তৰ:- প্ৰাকৃতিক মানচিত্ৰ,ৰাজনৈতিক মানচিত্ৰ,বতৰ মানচিত্ৰ, জনসংখ্যা মানচিত্ৰ,যাতায়াত আৰু পৰিৱহণ মানচিত্ৰ , কৃষি মানচিত্ৰ,উদ্যোগ মানচিত্ৰ ইত্যাদি ।
173) উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰ বিধৰ নাম কি?
উত্তৰ:- বিষয় ভিত্তিক মানচিত্ৰ।
174) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?
উত্তৰ:- কম্পাছ ।
175) মানচিত্ৰ অংকন কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?
উত্তৰ:- মাপনী ব্যৱহাৰ কৰা হয়।
( পৃথিৱীৰ প্ৰধান ভূ-অৱয়ব)
176) একেলগে শাৰী শাৰীকৈ থকা পৰ্বতৰ সমষ্টিক কি বুলি কোৱা হয়?
উত্তৰ:- পৰ্বতমালা বুলি কোৱা হয়।
178) পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমিৰ নাম কি?
উত্তৰ:- ভাৰতৰ উত্তৰে থকা তিব্বত মালভূমি ।
179) আগ্নেয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত দাক্ষিণাত্য মালভূমিৰ ক'লা মাটি অঞ্চলটো কি খেতিৰ বাবে বিখ্যাত ?
উত্তৰ:- কপাহ খেতিৰ বাবে বিখ্যাত ।
180) কম উচ্চতাৰ শিখৰযুক্ত উচ্চ ভূমিক কি বুলি কোৱা হয়?
উত্তৰ:- পাহাৰ।
181) অতি উচ্চ পৰ্বতৰ উপৰিভাগত বৰফেৰে ঢাক খাই থকা খণ্ডক কি বুলি কোৱা হয়?
উত্তৰ:- হিমবাহ।
182) পৰ্বত পাহাৰৰ এটা অংশ সাগৰ-মহাসাগৰ পানীৰ ওপৰলৈ ওলাই থাকে,তাক কি বুলি কোৱা হয়?
উত্তৰ:- দ্বীপ বুলি কোৱা হয়।
183) কিছুমান পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাই দেখা যায়। এই ঠাইটোক কি বুলি কোৱা হয়?
উত্তৰ:- মালভূমি ।
184) হুনদ্ৰু জলপ্ৰপাত ক'ত অৱস্থিত?
উত্তৰ:- চোটনাগপুৰ মালভূমি ।
185) জগ জলপ্ৰপাত ক'ত অৱস্থিত?
উত্তৰ:- কৰ্ণাটক।
186) বিদন আৰু বিছপ নামৰ দুটি জলপ্ৰপাত ক'ত অৱস্থিত?
উত্তৰ:- মেঘালয়।
187) পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ হ'ল-
উত্তৰঃ উচ্চতা।
(188) হিমবাহ থকা স্থান হ'ল-
উত্তৰঃ পৰ্বত।
(189) দাক্ষিণাত্য মালভূমিৰ অৱস্থান-
উত্তৰঃ ভাৰতবৰ্ষত।
(190) হিমালয় আৰু আল্পচ একোখন -
উত্তৰ:- ভংগিল পৰ্বত।
( অসম: জলবায়ু,প্ৰাকৃতিক উদ্ভিদ ,বন্যপ্ৰাণী আৰু কৃষি)
191) ভাৰতৰ কোনখন ঠাইত বেছি ঠাণ্ডাও নহয় , বেছি গৰমো নহয়?
উত্তৰ:- মুম্বাই আৰু কলকাতা।
192) থৰ মৰুভূমি ক'ত অৱস্থিত?
উত্তৰ:- ৰাজাস্থান।
193) বাণিজ্যিক ভিত্তিক কৃষিক কি বুলি কোৱা হয়?
উত্তৰ:- ৰোপণ খেতি।
194) কি বৃত্তিৰ ওপৰত অসমৰ অধিকাংশ মানুহ নিৰ্ভৰশীল?
উত্তৰ:- কৃষি।
195) মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত?
উত্তৰ:- বাক্সা আৰু ছিৰাং জিলাত।
196) ভাৰতবৰ্ষৰ চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰ স্থান?
উত্তৰ:- প্ৰথম।
197) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত ?
উত্তৰ:- এশিঙীয়া গঁড়ৰ ।
198) পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখনৰ নাম কি?
উত্তৰ:- মৌচিনৰাম।
199) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘাইকৈ অসমৰ কোন জিলাত অৱস্থিত?
উত্তৰ:- গোলাঘাট।
200) এবছৰত একোবাৰকৈ নিজৰ পাত সলোৱা উদ্ভিদ বিধৰ নাম কি?
উত্তৰ:- পৰ্ণপাতী।
201) উদ্ভিদে এৰি দিয়া গেছ বিধৰ নাম কি?
উত্তৰ:- অক্সিজেন।
202) পৃথিৱীৰ সৰ্বোচ্চ শৃঙ্গটোৰ নাম কি?
উত্তৰ:- মাউণ্ট এভাৰেষ্ট।(নেপালৰ অন্তৰ্গত বৃহৎ হিমালয় অৱস্থিত)
203) মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান?
উত্তৰ:- ৮,৮৪৮ মিটাৰ।
204) কোনচনত এড্'মাণ্ড হিলাৰী আৰু টেনজিং নৰ্গেই পোন প্ৰথমে এভাৰেষ্ট শৃঙ্গ আৰোহণ কৰিছিল?
উত্তৰ:- ১৯৫৩ চনত।
205) গংগা আৰু ব্ৰহ্মপুত্ৰ নদীৰ মুখত সৃষ্টি হোৱা পৃথিৱীৰ বৃহত্তম ব-দ্বীপৰ নাম কি?
উত্তৰ:- সুন্দৰবন।
206) লুণী আৰু সম্বৰ হ্ৰদ ক'ত অৱস্থিত?
উত্তৰ:- ৰাজস্থান।
206) বৃহৎ লুণীয়া পানীৰ হ্ৰদটোৰ নাম কি?
উত্তৰ:- সম্বৰ।
207) ভাৰতৰ কোনখন ৰাজ্যৰ অংশটো ক'লা মাটিৰে গঠিত?
উত্তৰ:- মহাৰাষ্ট্ৰ।
208) নৰ্মদা আৰু তাপ্তী পশ্চিমৰ কোন সাগৰত উল্লেখযোগ্য নদী?
উত্তৰ:- আৰব সাগৰ।
209) লাক্ষাদ্বীপ, আমিনদিবি, মিনিকয় কোন সাগৰত অৱস্থিত?
উত্তৰ:- আৰব সাগৰত।
210) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ কোন সাগৰত অৱস্থিত?
উত্তৰ:- বংগোপসাগৰ।
211) ভাৰতবৰ্ষত চৰকাৰী কাম-কাজত কেইটা ভাষা ব্যৱহাৰ কৰাৰ বাবে স্বীকৃতি লাভ কৰিছে?
উত্তৰ:- ২২ টা ভাষা।
212) কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা ৰক্ষা কৰে?
উত্তৰ:- অ’জন
213) হিমবাহৰ অৱক্ষেপ বোৰৰ নাম হ'ল
উত্তৰঃ গ্রাৱ;
214) পানীৰ ৰূপত পৃথিৱীত পৰা অর্ধক্ষেপণৰ নাম—
উত্তৰঃ বৰষুণ।
215) কাঠফুলা আকৃতিৰ শিলা পোৱা ঠাই –
উত্তৰঃ মৰুভূমি।
216) মানুহৰ বাবে বায়ুমণ্ডলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্তৰটো হল-
উত্তৰঃ ট্ৰপস্ফিয়েৰ।
217) অশ্বখুৰাকৃতিৰ হ্রদ সৃষ্টি হোৱা ঠাই -
উত্তৰঃ নদী উপত্যকা।
218) পৃথিৱীক আৱৰি ৰখা বায়ুৰ পাতল আৱৰণটোক কি বুলি কোৱা হয়?
উত্তৰ:- বায়ুমণ্ডল।
219) ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ জনসংখ্যাৰ ঘনত্ব কিমান?
উত্তৰ:- প্ৰতি বৰ্গ কিল'মিটাৰত ৩৮২ জন।
220) ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি?
উত্তৰ:- উত্তৰ প্ৰদেশ।
221) ভাৰতবৰ্ষৰ আটাইতকৈ কম জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি?
উত্তৰ:-ছিকিম।
222) বৰ্তমান অসমৰ জনসংখ্যা কিমান?
উত্তৰ:-৩,১১,৬৯,২৭২.(২০১১ চনৰ লোকপিয়ল মতে)।
223) ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীৰ বৰ্তমান জনসংখ্যা কিমান?
উত্তৰ:- ১,২৮,৭৭,৪৭০(২০০১ চনৰ লেকপিয়ল অনুসৰি)।
224) ভাৰতবৰ্ষ জনসংখ্যাৰ ফালৰ পৰা পৃথিৱীৰ কিমাতম?
উত্তৰ:- দ্বিতীয় বৃহত্তম।
225) জনসংখ্যাৰ ভিত্তিত মহাদেশসমূহৰ ভিতৰত কোনটো মহাদেশ স্থান প্ৰথম?
উত্তৰ:- এছিয়া মহাদেশ ।(২০১১ চনৰ হিচাপ মতে ৪,১৪০ নিযুত )
226) মহাদেশসমূৰ ভিতৰত জনসংখ্যা হিচাপত দ্বিতীয় স্থানত সক্ষম হোৱা মহাদেশখনৰ নাম কি?
উত্তৰ:- আফ্ৰিকা মহাদেশ।(২০১১ চনৰ মতে জনসংখ্যা ৯৯৪ নিযুত)
227) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসম ৰাজ্যখনৰ মাটিকালি কিমান?
উত্তৰ:- ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।
228) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত কিমান?
উত্তৰ:- ৩৮২ জন।
229) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি?
উত্তৰ:- পূব এছিয়া।
230) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় —
উত্তৰ-নিৰক্ষীয় অঞ্চলত
231) দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা - নমা কৰাকে —
উত্তৰ-জোৱাৰ - ভাটা
232) ছুনামি শব্দৰ অৰ্থ হ'ল — |
উত্তৰ- পোতাশ্ৰয়ৰ ঢৌ।
(233) সাঁতুৰিব পৰা সাগৰীয় প্রাণীবোৰ
উত্তৰ- নেকটন।
234) ভাৰতবৰ্ষত প্ৰথম কপাহী বয়ন কল ক'ত স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৮১৮ চনত কলকাতাৰ ওচৰৰ ফোৰ্ট গ্লাষ্টাৰত।
235) বৰ্তমান ভাৰতবৰ্ষই কপাহ উৎপাদনত পৃথিবীৰ ভিতৰত স্থান?
উত্তৰ:- তৃতীয় স্থান।
236) বৰ্তমান ভাৰতবৰ্ষই পাটসূতা উৎপাদনত পৃথিবীৰ ভিতৰত স্থান?
উত্তৰ:- দ্বিতীয় স্থান।
236) বৰ্তমান ভাৰতবৰ্ষই কৃত্ৰিম সূতা উৎপাদনত পৃথিবীৰ ভিতৰত স্থান?
উত্তৰ:- পঞ্চম স্থান।
237) ভাৰতৰ প্ৰথমে ৰে'ল কোন চনত চলিছিল?
উত্তৰ:- ১৮৫৩ চনৰ ১৬ এপ্ৰিল তাৰিখে মুম্বাইৰ পৰা থানেলৈ। এই দুইৰ মাজৰ দূৰত্ব ৩৪ কি:মি:।
238) বৰ্তমান ভাৰতৰ ৰে'ল সেৱা এছিয়াৰ ভিতৰত কিমান বৃহত্তম?
উত্তৰ:- দ্বিতীয় ।
239) বৰ্তমান ভাৰতৰ ৰে'ল সেৱা পৃথিৱীৰ ভিতৰত কিমান বৃহত্তম?
উত্তৰ:- চতুৰ্থ স্থানত আছে।
240) ভাৰতত থকা ৰে'লপথৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ৬৪,০১৫ কিল'মিটাৰ।
241) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি?
উত্তৰ:- ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।( ইয়াৰ দৈৰ্ঘ্য ২,৩৬৯ কি:মি:।)
242) ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সকলো ৰাজ্যতকৈ কম?
উত্তৰ:- জম্মু আৰু কাশ্মীৰ ৰাজ্য।
243) কোন চনত ভাৰতৰ প্ৰথম বায়ু ডাক সেৱা পৰিবহণ আৰম্ভ কৰিছিল?
উত্তৰ:- ১৯১১ চনত এলাহাবাদৰ পৰা নাইনিলৈ ১০ কিল'মিটাৰ দূৰত্বত আৰম্ভ ।
244) ভাৰতত প্ৰায় কেইটা বিমান বন্দৰ আছে?
উত্তৰ:- ৪৪৯ টা।
245) ভাৰতবৰ্ষত মুঠতে জলপথৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ১৪,৫০০ কিলোমিটাৰ।
246) ব্ৰহ্মপুত্ৰ নদীৰ কিমান সুচল জলপথ আছে?
উত্তৰ:- ১,৩৮৪ কিলোমিটাৰ।
247) শদিয়াৰ পৰা ধুবুৰীলৈ জলপথছোৱা কিমান দৈৰ্ঘ্যৰ আভ্যন্তৰীণ ৰাষ্ট্ৰীয় জলপথ?
উত্তৰ:- ৮৯১ কিল'মিটাৰ।
248) অভ্ৰ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত স্থান কিমান?
উত্তৰ:- প্ৰথম।
249) কয়লা উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত স্থান কিমান?
উত্তৰ:- তৃতীয় স্থান।
250) আকৰিক লো উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত স্থান কিমান?
উত্তৰ:- চতুৰ্থ স্থান।
251) ভাৰতৰ কোনখন অঞ্চলত প্ৰধানকৈ বস্ত্ৰ উদ্যােগসমূহ অৱস্থিত?
উত্তৰ:- মুম্বাই আৰু আহমেদাবাদ।
252) ৰেল'সেৱাৰ বাবে সুপৰিচালনাৰ বাবে ভাৰতবৰ্ষক কেইটা মণ্ডলত ভাগ কৰা হৈছে?
উত্তৰ:- ১৬ টা।
253) ব্ৰহ্মপুত্ৰৰ উৎসৰ পৰা মোহনালৈকে দৈৰ্ঘ্য কিমান?
উত্তৰ:- ২,৯০৬ কিল'মিটাৰ।
254) মাজুলী পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপৰ বৰ্তমান মাটিকালি কিমান?
উত্তৰ:- ৫১৪ বৰ্গ কিল'মিটাৰ।
255) বাংলাদেশত ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ৪৫০ কিল'মিটাৰ।
256) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ২৯০৬ কিল'মিটাৰ।
257) বৰাক নৈ কিমান দীঘল?
উত্তৰ:- ৯০০ কিল'মিটাৰ।
258) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি?
উত্তৰ:- চেমা-য়ু-দুং।
259) ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে ? উত্তৰ:- ব্ৰহ্মপুত্ৰৰ উৎস কৈলাশ পৰ্বতৰ তিব্বতত আছে ।
260) দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছল-
উত্তৰ:- ট’লেমিয়ে।
261) ১/১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল-
উত্তৰ- নিৰূপক ভগ্নাংশ।
262)আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে-
উত্তৰ- মেছ’প’টেনিয়ামত।
Please Click here:- https://realtigerconcept.blogspot.com/2021/05/In-passive-voice-sometimes-preposition-to-with-or-at-is-used-in-place-of-by..html
0 Comments
Comment only if you don't understand.Request you not to give bad comments.