Subscribe Us

header ads

অসমৰ সাধাৰণ জ্ঞান ।।

অসমৰ সাধাৰণ জ্ঞান
Assam GK

 ১) অসমৰ বৰ্ত্তমান নাৰ্ছি হোমৰ সংখ্যা কিমান?(২০২২ চনলৈ।

উত্তৰ:- ২৫৩ খন।

২) অসমৰ প্ৰথমখন নাৰ্ছিং হোম কেতিয়া স্থাপিত কৰা হৈছিল?

উত্তৰ:- ১৯৬৬ চনত।Assam Medical Corporation and policlinic নামৰে গুৱাহাটীত।

৩) এলোপেথিক চিকিৎসা শিক্ষাৰ বাবে অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে?

উত্তৰ:- ৬ খন।

৪) অসমৰ ডিব্ৰুগড়ত প্ৰথমখন চিকিৎসা শিক্ষা কোনে প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল?

উত্তৰ:- বেৰী হোৱাইট মেডিকেল স্কুল।( ১৯০০চনত।)

৫) কেতিয়া বেৰী হোৱাইট মেডিকেল স্কুলক মহাবিদ্যালয় পৰ্যায়লৈ উন্নীত কৰা হৈছিল?

উত্তৰ:- ১৯৪৭ চনত ৩ নৱেম্ভৰত।( অসম চিকিৎসা মহাবিদ্যালয় ।)

৬) কেতিয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল?

উত্তৰ:- ১৯৬০ চনত।

৭) কেতিয়া ভাৰতীয় চিকিৎসা প্ৰাধিকৰণ গঠন কৰা হৈছিল?

উত্তৰ:- ১৯৩৩ চনত।

৮) হোমিঅ'পেথি চিকিৎসা শিক্ষা প্ৰদানৰ প্ৰথমখন মহাবিদ্যালয়  অসমৰ নগাঁৱত কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰ:- ১৯৬৮ চনৰ ১৫ আগষ্টত।

৯) অসমৰ একমাত্ৰ আয়ুৰ্বেদিক চিকিৎসা শিক্ষা প্ৰতিষ্ঠান,চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় গুৱাহাটীৰ জালুকবাৰীত কেতিয়া স্থাপন কৰা হৈছিল?

উত্তৰ:- ১৯৪৮ চনৰ ২০ ডিচেম্বৰত।

১০) ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনৰ ' জননী সুৰক্ষা আঁচনি ' কেতিয়া মুকলি কৰা হৈছিল?

উত্তৰ:- ২০০৫ চনত।( অসমত ২০০৬ চনৰ পৰা আৰম্ভ কৰা হৈছিল।)

১১) ৰাষ্ট্ৰীয় স্বাস্থ্য বীমা যোজনা আঁচনি অসমত কেতিয়া মুকলি কৰা হৈছিল?

উত্তৰ:- ২০০৯ চনৰ অক্টোবৰ মাহত।

১২) অটল অমৃত স্বাস্থ্য বীমা আঁচনিখন অসম চৰকাৰে কেতিয়া শুভাৰম্ভ কৰা হৈছিল?

উত্তৰ:- ২০১৬ চনৰ ২০ ছেপ্টম্বৰত।

১৩) অসমত কেতিয়াৰ পৰা টেলিৰেডিঅ'লজি সেৱা আৰম্ভ কৰা হৈছিল?

উত্তৰ:- ২০১৪ চনত।

১৪) ৰাম-নৱমী নাটক কোনে ৰচনা কৰা হৈছিল?

উত্তৰ:- গুণাভিৰাম বৰুৱা। ১৮৫৭ চনত।

১৫) কানীয়া কীৰ্তন কোনে ৰচনা কৰা হৈছিল?

উত্তৰ:- হেমচন্দ্ৰ বৰুৱা।( ১৮৬১ চনত।)

১৬) বঙাল-বঙালনী নাটক কোনে ৰচনা কৰা হৈছিল?

উত্তৰ:- ৰুদ্ৰৰাম বৰদলৈ।( ১৮৭২ চনত।)

১৭) কোনে ' জয়দ্ৰথ বধ ' নামৰ গীত-নাট এখন অসমীয়াত ৰচনা কৰা হৈছিল?

উত্তৰ:- অম্বিকাগিৰী ৰায়চৌধুৰীয়ে।( ১৯০৯ চনত।)

১৮) অসমৰ বাহিৰত নাট প্ৰদৰ্শন কৰা প্ৰথম নাট্যদলৰ নাম কি?

উত্তৰ:- নটৰাজ থিয়েটাৰ ।

১৯) অসমীয়া ভাষাত নাট অভিনয় কৰা প্ৰথম নাট্যদলৰ নাম কি?

উত্তৰ:- পাঠশালা থিয়েটাৰ।

২০)  ভ্ৰাম্যমাণ থিয়েটাৰত তিনিখন মঞ্চ ব্যৱহাৰ কৰা প্ৰথম নাট্যদলৰ নাম কি?

উত্তৰ:- সুৰদেৱী থিয়েটাৰ।(ধৰণী বৰ্মন)

২২) এটা মাত্ৰ গীতৰ আলমত নাটক ৰচনা আৰু মঞ্চস্থ হোৱা গীতিকাৰ কোন আছিল?

উত্তৰ:- ভূপেন হাজৰিকা। ( শৈশৱতে ধেমালিতে....., নাট ৰচনা: সেৱাব্ৰত বৰুৱা।)

২৩) ঘূৰ্ণীয়মান মঞ্চত অভিনীত প্ৰথম অসমীয়া নাটকখনৰ নাম কি?

উত্তৰ:- মাটিৰ মানুহ। নাট্যকাৰ: জগদীশ ফুকন। ১৯৪৬ চনত এইখন নাটক কলকাতাত মঞ্চস্থ হয়।

২৪) প্ৰথম ভ্ৰাম্যমাণ থিয়টাৰখনৰ নাম কি?

উত্তৰ:- নটৰাজ থিয়েটাৰ( ১৯৬৩-৬৪ চনত।)

২৫) ভ্ৰাম্যমাণ থিয়েটাৰক বিষয়বস্তুৰূপে লৈ নিৰ্মিত চলচ্চিত্ৰখনৰ নাম কি?

উত্তৰ:- আৱৰ্তন(১৯৯৩ চনত)। পৰিচালক: ভবেন্দ্ৰ নাথ শইকীয়া ।

২৬) ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰথম দুখন মঞ্চ ব্যৱহাৰ কৰা প্ৰথম নাট্যদলৰ নাম কি?

উত্তৰ:- মঞ্চৰূপা থিয়েটাৰ।

২৭) ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰথম দ্বৈত চৰিত্ৰত অভিনয় কৰোতাজনৰ নাম কি?

উত্তৰ:- মহানন্দ শৰ্মা, নাটক : পাহাৰৰ জুই ( কহিনুৰ থিয়েটাৰ।)

২৮) ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ হোৱা প্ৰথম নাটকখনৰ নাম কি?

উত্তৰ:- জেৰেঙাৰ সতী, ভোগজৰা, টিকেন্দ্ৰজিত।( নটৰাজ থিয়েটাৰ, ১৯৬৩ চনত।)

২৯) ভ্ৰাম্যমাণ থিয়েটাৰত মঞ্চস্থ হোৱা প্ৰথম বিদেশী নাটকখনৰ নাম কি?

উত্তৰ:- ক্লিঅ'পেট্ৰা, নাট্যৰূপ: পদ্ম বৰকটকী ( কহিনুৰ থিয়েটাৰ)।

৩০) ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ প্ৰথম গীতৰ কেছেটখনৰ নাম কি?

উত্তৰ:- হিটছ অব্ আৱাহন ( আৱাহন থিয়েটাৰ ।)

৩১) ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত একেলগে চিনেমা আৰু অভিনয়ৰ সংযোজনটোৰ নাম কি?

উত্তৰ:- নটৰাজ চিনে থিয়েটাৰ ( ১৯৬৭-৬৮।)

৩২) ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম মহিলা প্ৰযোজক কোন আছিল?

উত্তৰ:- অবলা বৰ্মন, মুন থিয়েটাৰ।

৩৩) যাত্ৰাভিনয় প্ৰথম অসমীয়া নাটখনৰ নাম কি?

উত্তৰ:- জয়দ্ৰথবধ(১৯০৯) , নাট্যকাৰ অম্বিকাগিৰী ৰায়চৌধুৰী।

Read more....https://realtigerconcept.blogspot.com/2022/11/Assam-GK-Assam-TET-Apdcl-Pnrd-Apsc-DHS-Upsc-and-others-competitive-exam..html


Post a Comment

0 Comments