Present perfect tense uses and examples.
Conjugation of the Verb to (play)
I have played football.
We have played football.
You have played football.
He/she/it has played football.
They have played football.
** Present Perfect Tense ৰ ব্যৱহাৰ:-
1) যিকোনো এটা কাম এইমাত্ৰ হোৱা বা শেষ হোৱা বা সমাধা হোৱা বুজালে Present Perfect Tense ব্যৱহাৰ কৰা হয়।(Present Perfect Tense is used to understand that any work has just been done or completed.)
যেনে:- 1) তেওঁ এইমাত্ৰ ওলাই গ'ল।
=> He has gone out just now.
2) মই কিতাপখন পঢ়িলো।
=> I have read the book.
3) ৰেলগাড়ীখন এইমাত্ৰ গ'ল।
=> The train has just departed.
4) লগুৱাজনে গিলাছটো ভাঙিলে।
=> The attendant( servant) has broken the glass.
5) মই ইতিমধ্যে ভাত খাই উঠিলো।
=> I have already taken my meal.
6) চিঠিখন লিখিলানে?
=> Have you written the letter?
7) মই লৰাকালতে অংক শিকিলো।
=> I have learnt mathematics in my boyhood.
8) গাড়ীখন এইমাত্ৰ এৰিলে।
=> The train has left just now.
9) ৰেলগাড়ীখন এইমাত্ৰ আহি পালো।
=> The train has arrived justnow.
10) সি কিতাপখন পঢ়া নাই।
=> He has not read the book.
** অতীতত হৈ যোৱা কাম এটা এতিয়াই হৈ যোৱাৰ দৰে ফটফটীয়াকৈ মনত থাকিলে তেনেক্ষেত্ৰত Present perfect tense ব্যৱহাৰ কৰা হয়। ( Present perfect tense is used when one remembers a thing that has happened in the past as it is now.)
যেনে:- মই তাজমহল দেখিছো।
=> I have seen the Tajmahal.
2) মই আৰব সাগৰ দেখিছো।
=> I have seen the Arabian sea.
3) গান্ধীজীয়ে দেশৰ বাবে বহু কাম কৰিছে।
=> Gandhiji has done a lot of work for the country.
4) এই ছবিখন ৰামে আকিছে।
=> Ram has drawn this picture.
5) তেওঁ এটা নতুন অট্টালিকা সাঁজিছে।
=> He has built a new building.
6) তুমি সাগৰ দেখিছানে?
=> Have you seen the sea?
7) লৰাকালতে মই কোৰান শ্বৰীফ পঢ়িছো।
=> I have read the Holy Quaran when I was a boy.
8) পঢ়াশালিত থাকোতে ব্যাকৰনৰ নিয়মবোৰ শিকিছিলোঁ।
=> I have learnt the rules of grammar when I was at the school.
9) তুমি ভাত খালানে?
=> Have you had your meal?
10) সি নাহিল।
=> He has not come.
11) আমি সকলোৱে গান্ধীজীৰ নাম শুনিছোঁহক।
=> We have all heard the name of Gandhiji.
12) মই হাতী দেখিছো।
=> I have seen an elephant.
13) সি এখন গাড়ী কিনিছে/ কিনিলে।
=> He has bought a car.
14) মই তাক এশ টকা দিলো/দিছো।
=> I have given him one hundred rupees.
*** Present perfect tense in continuative:-
কিছুদূৰ অতীতৰ পৰা বৰ্ত্তমানলৈকে চলি থকা কাম এটা বুজাবলৈ Perfect tense ৰ continuative use হয়। (The Perfect tense is a continuative use to explain a work that lasts from some distance past to the present.)
যেনে:-
1) সিহঁতে যোৱা প্ৰত্যেক 5 বছৰ পৰা জানি আছে।
=> They have known each other for the the past five years.
2) সিহঁতে 1980 চনৰ পৰা এইখন ঘৰত বাস কৰে।
They have lived in this house since 1980.
3) তেওঁ কেতিয়াও সুৰাজনিত মদ নাখায়।
=> He has never drunk alcoholic liquor.
4) আমি প্ৰত্যেক 10 বছৰৰ পৰা জানি আছো।
=> We have Known each other for ten years.
5) আমি 1952 চনৰ পৰা এইখন ঘৰত বাস কৰি আছো।
=> We have lived in this house since 1952.
6) মই কেতিয়াওঁ চাহ নাখাও।
=> I have never drunk tea.
( অৰ্থাৎ আগৰ পৰা চলি থকা কামটো এতিয়াওঁ চলি আছে।That is, the work that has been going on since before is still going on).
*** The Inclusive use:- অতীত কালত
আৰম্ভ হৈ বৰ্তমানত সমাধা হোৱা কামৰ ক্ষেত্ৰত Inclusive use হয়। ( In the past
There is an inclusive use in the work that is currently being done.)
যেনে:-
1) বৰ্তমান শতকত বিভিন্ন ধৰনৰ উচ্চযুদ্ধ ঘটিলে।
=> There have been several major was durings the present century.
2) তেওঁৰ দেউতাক কাজিৰঙা হাবিখন দেখিলে।
=> His father has seen the kaziranga forest.
3) মই এই মানুহজনক কিছুদিনৰ আগৰ পৰা দেখিলো।
=> I have seen this man some where before.
4) মই তোমাক বহুদিন লগ পোৱা নাই।
=> I have not met you for ages.
** Resultative use:- সামান্য অতীতত হৈ যোৱা কাম এটা বৰ্ননা কৰিবলৈ Resultative use হয়। (A resultive use is to avoid a task that has been done in the slightest past.)
যেনে:-
1) তেওঁ তেওঁৰ দুপৰীয়াৰ আহাৰ খালে।
=> He has had his lunch.
2) মই তোমাক ইতিমধ্যে কৈছো।
=> I have told you that already.
3) তেওঁ Tv কিনিলে।
=> He has bought a television set.
4) বৰষুন ৰাতিত দিলে।
=> It has rained during the night.
** কাৰ্য এটাৰ ফলাফলৰ ওপৰত গুৰুত্ব প্ৰকাশ কৰিবলৈয়ো Present perfect tense ব্যৱহাৰ কৰা হয়। ( Present perfact tense is also used to focus on the results of an action.)
যেনে:-
1) মই ওৰে জীৱন পৰিশ্ৰম কৰিছো।
=> I have laboured for whole life.
2) কোনোবাই মোৰ কলমটো নিলে।
=> Someone has taken away my pen.
3) পঢ়াশালিত থাকোতে অংক শিকিছিলোঁ।
=> I have learnt mathematics while I was at the school.
4) কোঠাটোত কোনোবাই সােমাইছিল।
=> Somebody has entered the room.
5) দেউতাই নিজৰ কৰ্তব্য ঠিকমতে কৰি থৈ গৈছে।
=> Father has left doing his own duty rightly.
6) মই তেওঁক ভালেমান দিন আগৰ পৰা জানো।
=> He has been known to me since long.
** Lately, recently অাৰু yet অৰ লগত present perfect ব্যৱহাৰ কৰিব পাৰি ( বিশেষকৈ negative আৰু Interrogative বাক্যত).( Lately,recently & yet present perfect can be used with these (especially in negative and interrogative sentences.)
1) তুমি তেওঁক যোৱা কেইদিনমানৰ ভিতৰত লগ পাইছানে?
=> Have you seen him lately/ recently?
2) তেওঁলোক এতিয়াওঁ উপস্থিত হোৱা নাই।
=> They have not turned up yet.
** Today, this week, this month আদিৰ ক্ষেত্ৰত উল্লেখ কৰা সময়টো অতীত হৈ নগলেও Present perfect হব পাৰে। ( Present may be represented even if the time mentioned in today, this week, this month etc. is not past.)
যেনে:-1) এই সপ্তাহটোত তেওঁক তুমি লগ পাইছানে?
=> Have you met him this week?
2) তুমি আজি একোকে কৰা নাই।
=> you have not done anything today.
** Negative আৰু interrogative বাক্যৰ উপৰিও affirmative বাক্যৰ উপৰিও affirmative বাক্যটো এনে ব্যৱহাৰ হব পাৰে।
যেনে:- 1) তাৰ বহুত টকা আছে।
=> He has a lot of money.
or He has got of money.
2) তুমি আজি বহুত কাম কৰিলে।
=> You have done a lot of work today.
3) তেওঁ অলপতে বহুত ব্যস্ত।
=> He has been very busy lately.
- More Read:- Present perfect continuous tense uses
0 Comments
Comment only if you don't understand.Request you not to give bad comments.