Subscribe Us

header ads

History GK ॥ All competition exam ॥ Assam TET ॥ DHS Exam ॥

History GK ॥ All competition exam ॥ Assam TET ॥ DHS Exam ॥

                             HISTORY GK
Collected by Mr. Pusanta Pegu
1) ভাৰত আৰু পাশ্চাত্যয়ৰ মাজত সাগৰিয় পথ আবিষ্কাৰ কৰা প্ৰথম পতুগীজ নাৱিকজন কোন ?
উত্তৰ:- ভাস্ক' ডা গামা।
2)  ভাস্ক' ডা গামা কেতিয়া ভাৰতৰ উপস্থিত হৈছিল ?
উত্তৰ:- ১৪৯৮ খ্ৰীষ্টাব্দত ।
3) ভাস্ক' ডা গামা ভাৰতৰ কত পোন প্ৰথমে উপস্থিত হৈছিল ?
উত্তৰঃ ভাৰতৰ কালিকট বন্দৰত।
4) জলপথেৰে পৃথিৱী প্ৰদক্ষিন কৰিবলৈ সমৰ্থ হোৱা  ইংৰাজ নাৱিকজন কোন আছিল ?
উত্তৰঃ ফ্ৰান্সিছ ড্ৰেক।
5) ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল  ?
উত্তৰঃ জন মিলডেন হল (১৫৯৯ খ্ৰীষ্টাব্দত )। 
6) ইংলিছ  ইষ্ট ইণ্ডিয়া কোম্পানিৰ কেতিয়া কত গঠন হৈছিল  ?
উত্তৰঃ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি ১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰিছিল।
7) ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ কত কেতিয়া হৈছিল ?
উত্তৰঃ ভাৰতৰ মছলিপট্টমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল।
8) 'ফৰ্ট উইলিয়াম' কি ?
উত্তৰঃ ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম  `ফৰ্ট উইলিয়াম' ৰখা হৈছিল।
9) 'ভাৰত চৰকাৰ আইন' কোনে কেতিয়া  প্ৰণয়ন কৰিছিল  ? 
উত্তৰঃ ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে `'ভাৰত চৰকাৰ আইন' প্ৰণয়ন কৰিছিল।
10)ভাৰতীয় পৰিষদ আইন কেতিয়া  প্ৰণয়ন কৰা হৈছিল ?
উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে `ভাৰতীয় পৰিষদ আইন'  প্ৰণয়ন কৰিছিল।
11) পৰ্টুগীজ নাৱিকসকলে ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ কোনখন সমূদ্ৰত নৌ যাত্ৰা কৰিছিল?
উত্তৰ:- অজনা সমূদ্ৰ‍ত।
12) বাৰ্থ'ল মিউ ডিয়াজ কোন আছিল?
উত্তৰ:- পৰ্টুগীজ নাৱিক আছিল।
13) বাৰ্থ'ল মিউ ডিয়াজ কিমান চনত জন্ম হৈছিল?
উত্তৰ:- ১৪৫০ খ্ৰীষ্টাব্দত।
14) কিমান খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে লণ্ডনত এটা বাণিজ্যিক প্ৰতিষ্ঠা গঠন কৰিছিল?
উত্তৰ:- ১৬০০ খ্ৰীষ্টাব্দত।( ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী।)
15) ইংলেণ্ডৰ কোন ৰজাই‍ ভাৰতৰ সৈতে বেহা-বেপাৰৰ উদ্দেশ্য মোগল সম্ৰাট জাহাংগীৰলৈ আবেদন পত্ৰ প্ৰেৰণ কৰিছিল?
উত্তৰ:- ১৬০৮ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছ।
16) কোন ব্ৰিটিছ সদাগৰে সম্ৰাট জাহাংগীৰলৈ বেহা-বেপাৰৰ বাবে আবেদন পত্ৰ আনিছিল??
উত্তৰ:- কেপ্টইন উইলিয়াম হকিন্সে।
17) ইংলেণ্ডৰ কোন ৰজাই কাক বি‍য়া কৰাই বোম্বাই চহৰ যৌতুক হিচাপে লাভ কৰিছিল?
উত্তৰ:- ১৬৬১ খ্ৰীষ্ট‍াব্দত ইংলণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্টুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই  বোম্বাই চহৰ যৌতুক হিচাপে লাভ কৰিছিল।
18) জন-ছাৰমানে কোন মোগল সম্ৰাটক বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াই‍ছিল?
উত্তৰ:- ১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতী দলে মোগল সম্ৰাট  ফাৰুখছি্য়াৰক সাক্ষাৎ কৰি পুনৰ বাণি‍জ্যিক ছুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল।
19) ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰথম আৰু প্ৰধান উদ্দেশ্য কি আছিল?
উত্তৰ:- বেহা-বেপাৰ।
20) কোন ইংৰাজ বিষয়াই বংগৰ‍ নবাবৰ লগত চুক্তি সম্পাদিত কৰিছিল?
উত্তৰ:- ১৬৯০ খ্ৰীষ্টাব্দত জব চাৰ্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ  নবাবৰ  লগত চুক্তি সম্পাদিত কৰিছিল।
21) পৰ্টুগীজসকলে ভাৰতত প্ৰথ‍ম ক'ত বেপাৰৰ কুটি পাতিছিল?
উত্তৰ:- কলিকটা আৰু কোচিনত।
22) ইংৰাজসকল ভাৰতলৈ কেতিয়া আহিছিল?
উত্তৰ:- ১৬০০ খ্ৰীষ্টাব্দত।
23) ইংৰাজসকল ভাৰতলৈ  অহাৰ সময়ত মোগল সম্ৰাট কোন আছিল?
উত্তৰ:- জাহাংগীৰ।
24) ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া গঠিত হৈছিল?
উত্তৰ:- ১৫৯৯ খ্ৰীষ্টাব্দত।
25) ব্ৰিটিছে ভাৰতৰ ক'ত প্ৰথম বাণিজ্যি কুঠি পাতিছিল?
উত্তৰ:- চুৰাটত।
26) ফৰ্ট উইলিয়াম দুৰ্গ ক'ত অৱস্থিত?
উত্তৰ:- কলিকতাত।
27) ফ'ৰ্ট উইলিয়াম দুৰ্গ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- জৱ চাৰ্ণকে।
28)  চেন্ট জৰ্জ দুৰ্গ কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ:- ফ্ৰান্সি ডে।
29) লোকসেৱা পদবী ( আই.চি.এছ) লাভ কৰা প্ৰথম ভাৰতীয় ব্যক্তি কোন আছিল?
উত্তৰ:- সত্যেন্দ্ৰ নাথ ঠাকুৰ।(১৮৬৪ খ্ৰীষ্টাব্দত।)
30) কোন চনত ভাৰতত প্ৰথমবাৰৰ বাবে ট‍েলিগ্ৰাফ লাইন স্থাপন কৰা হৈছিল?
উত্তৰ:- ১৮৫৩ চনত।
31) চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল?
উত্তৰ:- ছাহ আলম।
32) ৰবাৰ্ট ক্লাইৱে কোন মোগল সম্ৰাটৰ লগত চুক্তি সম্পন্ন কৰি বংগ, বিহাৰ আৰু উৰিষ্যাৰ দে‍ৱানী লাভ কৰিছিল?
উত্তৰ:- মোগল সম্ৰাট ছাহ আলম।
33) পিটৰ ভাৰত আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰ:-  ১৭৮৪ খ্ৰীষ্টাব্দত।
34) কোনখন আইনে পোন প্ৰথম ভাৰতত দুই খলপীয়া শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:- ১৭৮৪ খ্ৰীষ্টাব্দত পিটৰ ভাৰত আইনে।
35) মংগল পাণ্ডেৰ সৈতে শাস্তি পোৱা অন্য চিপাহীজন কোন?
উত্তৰ:- পহৰাদাৰ ঈশ্বৰ পাণ্ডে।
36) কোন চনত ইষ্ট-ইণ্ডিয়া কোম্পানিৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাট নামটো আঁতৰাই দিয়া হয়?
উত্তৰ:- ১৮৩৫ খ্ৰীষ্টাব্দত।
37) ভাৰত চৰকাৰ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰ:- ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে।
38) চিপাহী বিদ্ৰোহৰ পিছত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল জনক কি বোলা হৈছিল?
উত্তৰ:- ভাইচৰয়।
39) ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?
উত্তৰ:- লৰ্ড কেনিং।
40)  " ভাগ  কৰা আৰু শাসন কৰা " নীতি কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:- ইংৰাজ শাসকে।
41) ভাৰতবৰ্ষত স্বায়ত্ব শাসনৰ ভেটি কোনে নি‍ৰ্মাণ কৰিছিল?
উত্তৰ:- লৰ্ড ৰিপনে ( ১৮৮০ চনত)।
42) কাৰ কাৰ্যকালত ভাৰতীয় লোকসেৱাৰ পৰীক্ষাৰ বয়স ২১ বছৰৰ পৰা ১৯ বছৰলৈ হ্ৰাস  কৰা হৈছিল?
উত্তৰ:- ভাইচৰয় লৰ্ড লিটনৰ কাৰ্যকালত।
43) কিমান খ্ৰীষ্টাব্দত পাব্লিক ছাৰ্ভিচ কমিছন গঠন কৰা হৈছিল?
উত্তৰ:- ১৮৮৬ খ্ৰীষ্টাব্দত।
44) কিমান খ্ৰীষ্টাব্দত ৰয়েল কমিছন অন পাব্লিক ছাৰ্ভিচ গঠন কৰা হৈছিল?
উত্তৰ:-  ১৯২২ খ্ৰীষ্টাব্দৰ ব্ৰিটিছ চৰকাৰে লৰ্ড ইচলিংটনৰ নেতৃত্বত।
45) ইষ্ট ইণ্ডিয়া কােম্পানিয়ে ফাৰুকচিয়াৰ ফৰমান কেতিয়া লাভ কৰিছিল?
উত্তৰ:- ১৭১৭ চনত।
46) কোনখন আইনে ভাৰতৰ  এজন গৱৰ্ণৰ জেনেৰেল ব্যৱস্থা কৰে?
উত্তৰ:- ১৮৫৮ চনৰ ভাৰত চৰকাৰ আইনখনে।
47) প্ৰেছিডেন্টৰ তলতীয়া শাসনযন্ত্ৰটোক কি নামে জনাজাত হৈছিল?
উত্তৰ:- প্ৰেছিডেন্সি।
48) ১৭৭৩ খ্ৰীষ্টাব্দত ব্ৰিট্ৰিছ চৰকাৰে নিয়ন্ত্ৰণকাৰী  আইনৰ যোগেদি বংগৰ ‍প্ৰেছিডেন্সিৰ গৱৰ্ণৰজনক কি উপাধিৰে স্বী‍কৃতি প্ৰদান কৰিছিল?
উত্তৰ:- গৱৰ্ণৰ জেনেৰেল।
49) ভাস্ক-ডা-গামাই- ভাৰতত প্ৰথম উপস্থিত হোৱা বন্দৰটোৰ  নাম কি?
উত্তৰ:- কালিকট।
50) পলাচী যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- ১৭৫৭ খ্ৰীষ্টাব্দত, বিহাৰ আৰু উৰিষ্যাৰ নবাব ছিৰাজউদদৌলা আৰু ইংৰাজসকলৰ মাজত হৈছিল।
51) ভাৰতত  পৰ্টুগীজসকলৰ পতনৰ মূল কাৰণ কি আছিল?
উত্তৰ:- ১) দুৰ্নীতি ২) অসৎ ব্যৱহাৰ
52) ইউৰোপৰ বজাৰত ভাৰতৰ কি বস্তুৰ চাহিদা আটাইতকৈ বেছি আছিল?
উত্তৰ:- কপাহী কাপোৰ আৰু ভাৰতীয় মচলা।
53) ইউৰোপীয়সকল ভাৰতলৈ অহাৰ প্ৰধান কাৰণ কি আছিল?
উত্তৰ:- ১) নতুন ৰাজ্য জয়ৰ বাবে । ২) বাণিজ্য বিস্তাৰ বাবে। ৩) খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ বাবে।
54) কেতিয়া আৰু কোন চিপাহীয়ে ইংৰাজ বিষয়ালৈ গুলীবৰ্ষণ কৰি চিপাহী বিদ্ৰোহ সূচনা কৰিছিল?
উত্তৰ:- ১৮৫৭ খ্ৰীষ্টাব্দৰ ২৯ মাৰ্চ তাৰিখে ৩৪ নং পদাতিক বাহিনীৰ চিপাহী মংগল পাণ্ডেই বেৰেকপুৰ চিপাহী ছাউনীত ইংৰাজ বিষয়াৰ গালৈ গুলীবৰ্ষণ কৰি চিপাহী বিদ্ৰোহৰ সূচনা কৰিছিল।
55) ভাৰত সচিব কাক কোৱা হয়?
উত্তৰ:- ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক ভাৰত সচিব বোলা হয়।
56) ভাৰত সচিবক সহায় কৰিবৰ বাবে কেইজনীয়া সদস্যৰ এখন পৰিষদ গঠন কৰা হয়?
উত্তৰ:- ১৫ জনীয়া।
57) ভাৰতৰ কেন্দ্ৰীয় বিধানমণ্ডলত স্থান পোৱা ভাৰতীয় ব্যক্তি তিনিজনৰ নাম লিখা।
উত্তৰ:- ১) গোৱালিয়ৰ ৰাজ্যৰ মন্ত্ৰী ৰাজা বাহাদুৰ দিনাকৰ ৰাও।
২) পাতিয়ালাৰ ৰাজা বাহাদুৰ নৰিন্দ্ৰ সিং।
৩) উত্তৰ-পূব সীমান্ত প্ৰদেশৰ জমিদাৰ ৰাজ বাহাদূৰ দেউনাৰায়ণ।
58) ১৮৭১ খ্ৰীষ্টাব্দত ভাৰতীয়ই লোকসেৱা পদবী লাভ কৰা ভাৰতীয় ব্যক্তি তিনিজন কোন কোন আছিল?
উত্তৰ;- ১) সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায় ২) ৰমেশ চন্দ্ৰ দত্ত ৩) বিহাৰী লাল গুপ্ত।
59) অসমৰ প্ৰথম আৰু ভাৰতৰ ষষ্ঠ ভাৰতীয় লোকসেৱা ( আই.চি.এছ.) পদবী লাভ কৰা ব্যক্তিজনৰ নাম কি আৰু তেওঁ এই পদবীটো কোন খ্ৰীষ্টাব্দত লাভ কৰিছিল?
উত্তৰ:- আনন্দৰাম বৰুৱা, ১৮৭২ খ্ৰীষ্টাব্দত তেওঁ আই.চি.এছ পদবী লাভ কৰে।
60) কোনে লোকসেৱা আয়োগ গঠন কৰিছিল? এই আয়োগৰ ভাগ তিনিটা কি কি?
উত্তৰ:- পঞ্জাবৰ লেফটেনেণ্ট গৱৰ্ণ ছাৰ চাৰ্লছ আইচিছনে।
১) ইমপেৰিয়েল ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ২) প্ৰভিন্সিয়েল চিভিল ছাৰ্ভিচ ৩) ছাবৰডিনেট চিভিল ছাৰ্ভিচ।
61) অসমৰ প্ৰথম স্নাতক কোন ?
উত্তৰ:- আনন্দৰাম বৰুৱা।( তেওঁৰ জন্ম ১৮৫০ খ্ৰীষ্টাব্দত উত্তৰ গুৱাহাটীত হৈছিল।)
62) " ডেপুটি মেজিষ্ট্ৰেট " আৰু ডেপুটি কালেক্টৰ" নামৰ পদবী দুটা কেতিয়া সৃষ্টি হৈছিল?
উত্তৰ:- ১৮৩৩ খ্ৰীষ্টাব্দত " ডেপুটি মেজিষ্ট্ৰেট " অাৰু ১৮৪৩ খ্ৰীষ্টাব্দত " ডেপুটি কালেক্টৰ নামৰ পদবী দুটাৰ সৃষ্টি হৈছিল।
63) ভাৰত চৰকাৰ আইনখন কেতিয়া প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:- ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে ব্ৰিটিছ সংসদে " ভাৰত চৰকাৰ অাইন" প্ৰৱৰ্তন কৰিছিল।
64) " ৰেগুলেটিং এক্ট" কেতিয়া আৰু কি উদ্দেশ্য প্ৰণয়ন কৰা হৈছিল?
উত্তৰ:- ১৭৯৩ খ্ৰীষ্টাব্দৰ নিয়ন্ত্ৰণকাৰী আইন অনুসৰি ভাৰত প্ৰশাসনৰ উচ্চ পদবীসমূহ কোম্পানিৰ অংগীকাৰবদ্ধ কৰ্মচাৰীৰ বাবেহে সংৰক্ষিত কৰি ৰখাৰ নিয়ম বলৱৎ কৰা হৈছিল।
65) কোন ভাইচৰয়ে প্ৰতিটো মহকুমাত একোখনকৈ অাঞ্চলিক পৰিষদ গঠন কৰিছিল?
উত্তৰ:- লৰ্ড ৰিপনে ১৮৮২ খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মতে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল ব'ৰ্ড ( আঞ্চলিক পৰিষদ) গঠন কৰে।
66) লৰ্ড ডেলহাউচিৰ পিছত কোনে অাৰু কিমান চনত গৱৰ্ণৰ জেনেৰেল পদ লৈছিল?
উত্তৰ:- ১৮৫৬ চনত লৰ্ড ডেলহাউচিৰ পিছত লৰ্ড কেনিঙে ১৮৬২ খ্ৰীষ্টাব্দত গৱৰ্ণৰ জেনেৰেল পদ লৈছিল।
67) ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম ( প্ৰধান) কাৰকটো কি? সময় উল্লেখ কৰি লিখা।
উত্তৰ:- ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ। উনবিংশ শতিকাত।
68) আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন?
উত্তৰ:- বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়।
69) " সাৰে জাহাছে আচ্ছা..." গীতৰ গীতিকাৰ কোন ?
উত্তৰ:- উৰ্দু কবি মহম্মদ ইকবাল।
70) ভাৰতত পোন প্ৰথম ৰে'ল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল?
উত্তৰ:- ১৮৫৩ চনত, বোম্বাই আৰু থানেৰ মাজত।
71) ভাৰতত পোন প্ৰথম ছপাশাল কেতিয়া ক'ত স্থাপন হৈছিল?
উত্তৰ:- ১৭৯৭ খ্ৰীষ্টাব্দত, শ্ৰীৰামপুৰত।
72) কলিকতাৰ প্ৰেছিডেন্সি কলেজ প্ৰথমে কি নামেৰে ক'ত প্ৰতিষ্ঠা হৈছিল?
উত্তৰ:- ১৮১৭ চনত, হিন্দু কলেজ নামেৰে।
73) লৰ্ড উইলিয়াম  বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰ:- লৰ্ড উইলিয়াম বেন্টিংকৰ দুটা উল্লেখযোগ্য সমাজ সংস্কৰক কাৰ্য হ'ল:- 
উত্তৰ:- ক) সতীদাহ প্ৰথা আইন প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটোৱা।
খ) স্ত্ৰী   শিক্ষাৰ বিস্ত‍াৰ সাধন কৰা।
74) ভাৰতীয় সংবাদ  পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি?
উত্তৰ:- বেংগল গেজেট।
75) কোনে পোন প্ৰথমে স্বদেশপ্ৰেমৰ কবিতা ৰচি দেশবাসীৰ অন্তৰত দেশপ্ৰেম জগাই তুলিছিল?
উত্তৰ:- ঈশ্বৰচন্দ্ৰ গুপ্তই।
76) " বন্দে মাতৰম' কোনখন উপন্যাস পৰা লোৱা হৈছে?
উত্তৰ:- " আনন্দ মঠ"।
77) কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ডট্ৰাংক ৰোড কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৮৩৯ খ্ৰীষ্টাব্দত।
78) কিমান খ্ৰীষ্টাব্দত মাদ্ৰাজত ৰেলপথ নিৰ্মাণ কাম আৰম্ভ কৰিছিল?
উত্তৰ:- ১৮৫৪ খ্ৰীষ্টাব্দত।
79) অসমত ৰে'ল যোগাযোগৰ ব্যৱস্থা কেতিয়াৰ পৰা হয়?
উত্তৰ:- ১৮৮৩ খ্ৰীষ্টাব্দত অসমত শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰে'ল যোগাযোগ আৰম্ভ হয়।
80) কিমান খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰবাৰৰ মাজত বেচৰকাৰী খণ্ডত প্ৰথমটো টেলিগ্ৰাফ ব্যৱস্থা বহুৱা হৈছিল?
উত্তৰ:- ১৮৩৯ খ্ৰীষ্টাব্দত।
81) কোনে আৰু কেতিয়া টেলিগ্ৰাফ ব্যৱস্থাক চৰকাৰী নিয়ন্ত্ৰণলৈ আনিছিল?
উত্তৰ:- লৰ্ড ডেলহাউচিয়ে ১৮৫১ খ্ৰীষ্টাব্দত।
82) ভাৰতীয় সমাজলৈ নৱচেতনা বোৱাই অনা প্ৰথম ব্যক্তিজন কোন?
উত্তৰ:- ৰাজা ৰামমোহন ৰায়।
83) ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰ:- ৰাজা ৰামমোহন ৰায়।
84) কিমান খ্ৰীষ্টাব্দত " ব্ৰাহ্ম সভা" নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল? এই সভাই পিছলৈ কি নামেৰে বিখ্যাত হৈ পৰে?
উত্তৰ:- ১৮২৮ ' ব্ৰাহ্ম সভা" নামৰ এটা অনুষ্ঠান ৰাজা ৰামমোহন ৰায়ে স্থাপন কৰিছিল। এই " ব্ৰাহ্ম সভাই' পিছলৈ ' ব্ৰাহ্ম সমাজ' নামেৰে বিখ্যাত হৈ পৰে।
85) সতীদাহ প্ৰথা কোনে নিষিদ্ধ ঘোষণা কৰিছিল?
উত্তৰ:- ৰাজা ৰামমোহন ৰায়ৰ সহযোগত গৱৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিংকে সতীদাহ প্ৰথা নিষিদ্ধ বুলি ঘোষণা কৰিছিল।
86) কিমান চনত আৰু ক'ত হিন্দু কলেজ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ১৮১৭ খ্ৰীষ্টাব্দত কলিকতাত।
87) প্ৰেছিডেন্সি কলেজৰ আগৰ নাম কি আছিল?
উত্তৰ:- হিন্দু কলেজ।
88) আধুনিক ভাৰতৰ জন্মদাতা কোন?
উত্তৰ:- ৰাজা ৰামমোহন ৰায়।
89) কাক প্ৰথমগৰাকী জাতীয়তাবাদী বুলি কোৱা হয়?
উত্তৰ:- হেনৰি ভিভিয়ান ডেৰজিয়ক।
90) আৰ্য সমাজৰ ধৰ্মান্তৰকৰণ ব্যৱস্থাটোৰ নাম কি?
উত্তৰ:- ' শুদ্ধি কৰণ'।
91) কোনে ' শুদ্ধিকৰণ' ব্যৱস্থাটো প্ৰচলন কৰিছিল?
উত্তৰ:- স্বামী দয়ানন্দ সৰস্বতীয়ে।
92) প্ৰাৰ্থনা সমাজৰ নেতৃত্ব কোনে বহন কৰিছিল?
উত্তৰ:- জাষ্টিছ মহাদেব গোবিন্দ ৰাণাডে।
93) কি কাৰণে " নৈশ বিদ্যালয় " স্থাপন কৰা হৈছিল?
উত্তৰ:- নিৰক্ষৰ আৰু অনন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰা হৈছিল।
94) কাৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল?
উত্তৰ:- ৰামকৃষ্ণ পৰমহংসৰ মতবাদক।
95) ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰ:- স্বামী বিবেকানন্দ।
96) স্বামী বিবেকানন্দৰ প্ৰকৃত নাম কি আছিল?
উত্তৰ:- নৰেন্দ্ৰ নাথ বিশ্বনাথ দত্ত।
85) কিমান চনত আৰু ক'ত স্বামী বিবেকানন্দৰ জন্ম হৈছিল?
উত্তৰ:- ১৮৬৩ চনৰ ১২ জানুৱাৰীত তাৰিখে কলিকতা চহৰত।
86) স্বামী বিবেকানন্দৰ মৃত্যু চনটো লিখা।
উত্তৰ:- ৪ জুলাই ১৯০২, কলিকতাত।
87) আমেৰিকাৰ চিকাগো চহৰত অনুষ্ঠিত বিশ্ব ধৰ্মসমাজত কোনে তেজস্বী ভাষণ দিছিল?
উত্তৰ:- ১৮৯৩ খ্ৰীষ্টাব্দত স্বামী বিবেকানন্দই।
88) এনি বেছান্ট কোন দেশৰ মহিলা অাছিল?
উত্তৰ:- আয়াৰলেণ্ডৰ।
89) এনি বেছাণ্টে প্ৰতিষ্ঠা কৰা স্কুলখনৰ নাম কি?
উত্তৰ:- ১৮১৮ খ্ৰীষ্টাব্দত বাৰানসীত এনি বেছান্টে প্ৰতিষ্ঠা কৰা স্কুলখনৰ নাম হ'ল চেণ্ট্ৰেল হিন্দু স্কুল।
90) চেণ্ট্ৰল হিন্দু কলেজখন পিছলৈ কি নামেৰে পৰিচিত হয়?
উত্তৰ:- ১৯১৬ খ্ৰীষ্টাব্দত মদন  মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰচত হিন্দু বিশ্ববিদ্যালয় নামে পৰিচিত হয়।
91) " হোম ৰুল লীগ " কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ১৯১৬ খ্ৰীষ্টাব্দত এনি বেছাণ্টে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰিছিল।
92) ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি কোন আছিল?
উত্তৰ:- এনি বেছাণ্ট, ১৯১৭ চনত।
93) আলিগড় মহমেদান এংলো ইণ্ডিয়ান কলেজ কোনে আৰু কেতিয়া প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- ১৮৭৫ খ্ৰীষ্টাব্দত ছাৰ ছৈয়দ আহমদ খানে আলিগড় মহম্মদ এংলো ইণ্ডিয়ান কলেজখন প্ৰতিষ্ঠা কৰিছিল।
94) " আলিগড় মহম্মদান এংলো ইণ্ডিয়ান কলেজখন পিছলৈ  কি নামেৰে পৰিচিত হয়?
উত্তৰ:- ১৯২০ খ্ৰীষ্টাব্দত এই কলেজখন " আলিগড় মুছলিম বিশ্ববিদ্যালয় " নামেৰে পৰিচিত হয়।
95)  ' বেংগল গেজেট' কাৰ প্ৰচেষ্টাত প্ৰকাশিত হৈছিল?
উত্তৰ:- ১৭৮০ খ্ৰীষ্টাব্দত জেমছ আগষ্টাচ হিক্কিৰ দ্বাৰা প্ৰথমখন ইংৰাজী ভাষাত সংবাদ পত্ৰ ' বেংগল গেজেট ' প্ৰকাশিত হৈছিল।
96) কোনখন আইনৰ যোগেদি বাতৰি কাকতৰ  ওপৰত বাধা নিষেধ আৰোপ  কৰা হৈছিল?
উত্তৰ:- ১৭৯৯ খ্ৰীষ্টাব্দত প্ৰেছ  ৰ‍েগুলেচন ' প্ৰয়োগৰ যোগেদি লৰ্ড ৱেলছলিয়ে ভাৰতীয় বাতৰি কাকত‍ৰ ওপৰত বাধা নি‍ষেধ আৰোপ কৰিছিল।
97) কিমান চনত আৰু কোনে কুখ্যাত " প্ৰেছ আইন" জাৰি কৰিছিল?
উত্তৰ:- লৰ্ড লিটনে ১৮৭৮ খ্ৰীষ্টাব্দত।
98) কোনে কেতিয়া ' অস্ত্ৰ  আইন ' বলবৎ কৰিছিল?
উত্তৰ:- গৱৰ্ণৰ জেনেৰেল লৰ্ড লিটনে ১৮৭৮ খ্ৰীষ্টাব্দত।
99) " ইণ্ডয়ান এছ'চিয়েচন" কোনে প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- বংগীয় নেতা সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়ে।
100) কাৰ কাৰ্যকালত আই চি এছ পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ উচ্চতম সীমা ২১ ৰ পৰা ১৯ বছৰলৈ হ্ৰাস কৰিছিল?
উত্তৰ:-  লৰ্ড লিটনৰ।
101) এলেন অক্টোভিয়ান হিউম কোন আছিল?
উত্তৰ:- অসামৰিক বিষয়া।
102) কাৰ কাৰ্যকালত ভাৰতীয়‍ জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হয়?
উত্তৰ:- গৱৰ্ণৰ  জেনেৰেল লৰ্ড ডাফৰিণৰ(১৮৮৪-৮৮) কাৰ্যকালত।
103) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মদাতা  কোন?
উত্তৰ:- এলেন অক্টোভিয়ান হিউম।
104) ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা হয়?
উত্তৰ:- ১৮৮৫ খ্ৰীষ্টাব্দৰ ২৮ ডিচেম্বৰত।
105) ১৯০৫ চনত বাৰাণসীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছ সভাত কোনে সভাপতিত্ত্ব কৰিছিল?
উত্তৰ:- গোপাল কৃষ্ণ গোখলে।
106) ১৯০৬ খ্ৰীষ্টাব্দত অনুষ্ঠিত হোৱা কলিকতা জাতীয় কংগ্ৰেছ অধিবেশনত কোনে সভাপতিত্ত্ব কৰ‍িছিল?
উত্তৰ:- দাদাভাই নৌৰজী।
107) কিমান খ্ৰীষ্টাব্দত চৰ‍মপন্থী নে‍তাসকলে মূল জাতীয় কংগ্ৰেছ দলৰ পৰা আঁতৰি আহিছিল?
উত্তৰ:- ১৯১৬ চনত।
108) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰ:- কলিকতাৰ বেৰিষ্টাৰ উমেশচন্দ্ৰ বন্দোপাধ্যায়।
109) ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচন জয়লাভ কৰা প্ৰথমজন ভাৰতীয়ৰ নাম কি আছিল?
উত্তৰ:- দাদাভাই নৌৰজী।
110) নৌৰজীৰ দৃষ্টিত স্বৰাজ মানে কি আছিল?
উত্তৰ:- স্বায়ত্ত-শাসনৰ এটা ৰূপ।
111) নৌৰজীয়ে কোন সমষ্টৰ পৰা জয়লাভ কৰি ব্ৰিটিছ কমন্স সভাৰ সদস্য হৈছিল?
উত্তৰ:- মধ্য " ফিন্সবাৰি" ।
112) লণ্ডনত থকা সময়ত নৌৰজীৰ পেছা  কি আছিল?
উত্তৰ:- ওকালতি।
113) পলাচী যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:- ১৭৫৭ চনত।
114) কংগ্ৰেছৰ প্ৰথম অধিবেশনত কিমানজন লোক উপস্থিত হৈছিল?
উত্তৰ:- ৭২ জন।
115) কংগ্ৰেছৰ প্ৰথম অধিবেশনত উপস্থিত থকা এজন চৰকাৰী বিষয়াৰ নাম লিখা?
উত্তৰ:- ৰমেশ চন্দ্ৰ দত্ত।
116) বাল গংগাধৰ ত‍িলকে প্ৰকাশ কৰা সংবাদ পত্ৰ এখনৰ নাম কি?
উত্তৰ:- ১৮৮১ চনত প্ৰকাশ পোৱা " কেশৰী"।
117) ' বেদলৈ ঘূ‍ৰ‍ি যোৱা ' কাৰ বাণী আছিল?
উত্তৰ:- স্বামী বিবেকানন্দ।
118) ' বন্দে মাতৰম' গীতটি কোনে ৰচনা কৰিছিল?
উত্তৰ:- বংকিম চন্দ্ৰ চেটাৰ্জীয়ে।
119) " স্যাৰে জাহাছে আচ্ছা " গীতটো কবিতা হিচাপে প্ৰথমতে কোনখন আলোচনীত কিমান সংখ্যাত প্ৰকাশ পাইছিল?
উত্তৰ:- ইত্তেহাড নামৰ সাপ্তাহিক আলোচনীখনত । সংখ্যাটো হ'ল ১৬ আগষ্ট , ১৯০৪ সংখ্যাত।
120) কোন দুখন বাৰ্তালোচনীয়ে হিন্দু ধৰ্মৰ প্ৰতি নি‍ন্দাসূচক মন্তব্য প্ৰচাৰ কৰিছিল আৰু কোনে এই দুখন প্ৰকাশ কৰিছিল?
উত্তৰ:- ১) দিগদৰ্শন ২) সমাচাৰ দৰ্পণ। এই বাৰ্তালোচনীত দুখন শ্ৰীৰামপুৰ মিছন ছপাখানাই বঙলা ভাষাত প্ৰকাশ কৰিছিল।
121) ৰামমোহন ৰায়ে হাতে লিখা পুস্তিকা দুখনৰ নাম কি?
উত্তৰ:- ক) ব্ৰাহ্মণ সেবধি খ) ব্ৰাহ্মণ মিছনেৰি সংবাদ।
122) কোনে কেতিয়া আৰু কি উদ্দেশ্যৰে ' আত্মীয় সভা' নামৰ অনুষ্ঠানটো স্থাপন কৰিছিল?
উত্তৰ:- ৰাজা ৰামমোহন ৰায়ে হিন্দু ধৰ্মৰ নিকা ভাবমূ্ৰ্তি প্ৰকাশৰ উদ্দেশ্য ১৮১৫ খ্ৰীষ্টাব্দত কলিকতাত ' আত্মীয় সভা' নামৰ এটা অনুষ্ঠান স্থাপন কৰিছিল।
123) প্ৰেছিডেন্সি কলেজৰ ৪ জন বিখ্যাত প্ৰাক্তন ছাত্ৰৰ নাম লিখা।
উত্তৰ:- ১) অমৰ্ত্য সেন ২) সুভাষ চন্দ্ৰ বসু ৩) সত্যেন্দ্ৰনাথ বসু ৪) জগদীশ চন্দ্ৰ বসু।
124) কোনে আৰু কেতিয়া আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- সংস্কৃত ভাষাৰ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে ১৮৭৫ খ্ৰীষ্টাব্দত পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল।
125) কোনে ক'ত আৰু কেতিয়া প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- কেশৱ চন্দ্ৰ সেনে মহাৰাষ্ট্ৰত ১৮৬৭ খ্ৰীষ্টাব্দত " প্ৰাৰ্থনা সমাজ " প্ৰতিষ্ঠা কৰিছিল।
126) স্বামী বিবেকানন্দৰ গুৰু কোন আছিল? তেওঁ গুৰুৰ নামত প্ৰতিষ্ঠা কৰিছিল?
উত্তৰ:- স্বামী বিবেকানন্দৰ গুৰু হ'ল ৰামকৃষ্ণ পৰমহংস। তেওঁ গুৰুৰ নামত ১৮৮৭ খ্ৰীষ্টাব্দত এটা মঠ প্ৰতিষ্ঠা কৰিছিল।
127) ক'ত আৰু কেতিয়া " থিয়' ছফিকেল ছ'চাইটি" নামৰ অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰ:- ১৮৭৫ খ্ৰীষ্টাব্দত আমেৰিকাৰ নিউয়ৰ্ক চহৰত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হয়।
128) বংগদেশত প্ৰকাশিত কেইখনমান ভাৰতীয় বাতৰি কাকতৰ নাম লিখা?
উত্তৰ:- বংগ দৰ্শন, সঞ্জীৱনী, আৰ্য্য দৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদি।
129) ভাৰতীয় কাকতৰ ওপৰত কৰা হস্তক্ষেপৰ ফলশ্ৰুতিত বন্ধ হৈ যোৱা কেইখনমান বাতৰি কাকতৰ নাম লিখা।
উত্তৰ:- ১) মাদ্ৰাছা ' হিন্দু '২) বোম্বাই ' কেশৰী' ৩) বংগৰ ' বংগ দৰ্শন ৪) বংগৰ ' অমৃত বাজাৰ পত্ৰিকা' আদি।
130) লৰ্ড লিটনে ভাৰতীয় আঞ্চলিক ভাষাৰ কাকতৰ ওপৰত বাধা নিষেধ প্ৰয়োগ কৰিবলৈ ব্যৱহাৰ কৰা আইন দুখনৰ নাম লিখা?
উত্তৰ:- " প্ৰেছ আইন " আৰু অস্ত্ৰ আইন"।
131) " ১৯০৫ চনত ঘটি যোৱা দুটা উল্লেখযোগ্য ঘটনাই জাতীয় কংগ্ৰেছৰ ভিতৰচৰাত এটা প্ৰবল চাঞ্চল্যৰ সৃষ্টি কৰে।" ---- ঘটনা দুটা কি কি?
উত্তৰ:- ১) জাপানৰ হাতত ৰুছিয়াৰ পৰাজয় ২) বংগ ভংগ।
132) কোন অধিবেশনত জাতীয় কংগ্ৰেছ দুভাগত বিভক্ত হয় আৰু ভাগ দুটা কি কি ? সেই সময়ত ইয়াৰ সভাপতি কোন আছিল?
উত্তৰ:- ১৯০৭ খ্ৰীষ্টাব্দত ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চুৰাট অধিবেশনত জাতীয় কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয়। সেই দুটা হ'ল ---- ১) চৰমপন্থী ২) নৰমপন্থী ।
133) জাতীয় কংগ্ৰেছৰ চৰমপন্থী নেতাসকল কোন কোন আছিল?
উত্তৰ:- ১) বাল গংগাধৰ তিলক(১৮৫৬-১৯২০) ২) লালা লাজপত ৰায়(১৮৬৫-১৯২৮) ৩) বিপিন চন্দ্ৰ পাল(১৮৫৮-১৯৩২)।
134) ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহাসভা ক'ত অনুষ্ঠিত হৈছিল?
উত্তৰ:- ১৮৮৫ খ্ৰীষ্টাব্দৰ ২৮ ডিচেম্বৰত বোম্বাইৰ গকুলদাস তেজপাল সংস্কৃত কলেজত মহাসভাখন অনুষ্ঠিত হৈছিল।
135) ভাৰতীয় জাতীয় কংগ্ৰেছত স্বৰাজ শব্দটো প্ৰথমে কোনে প্ৰয়োগ কৰিছিল?
উত্তৰ:- স্বৰাজ মানে স্বায়ত্ত শাসনৰ ৰূপ। ১৯০৬ খ্ৰীষ্টাব্দত কলিকতা কংগ্ৰেছৰ সভাপতিৰ ভাষণত দাদাভাই নৌৰজীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছত ' স্বৰাজ' শব্দটো প্ৰথমে প্ৰয়োগ কৰিছিল।
136) ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ আগৰ চাৰিটা সংস্থাৰ নাম লিখা।
উত্তৰ:- ক) ইণ্ডিয়ান এছ'চিয়েচন খ) বোম্বে এছ'চিয়েচন গ) বেংগল ব্ৰিটিছ ইণ্ডিয়া ছ'চাইটি ঘ) পুণা সাৰ্বজনিক সভা।
137) ঊনৈশ শতিকাৰ তিনিখন সংবাদপত্ৰৰ নাম লিখা।
উত্তৰ:- ক) বংগদেশী(১৮৮১) খ) সঞ্জীৱনী(১৮৮৩) গ) কেশৰী(১৮৮১)।
138) মায়ামৰা কি ? 
উত্তৰঃ মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম।
139) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?
উত্তৰঃ আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল।
140) ) সত্ৰ বুলিলে কি বুজা?
উত্তৰঃ সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত  নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান।
141) সংহতি কি?
উত্তৰঃ শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰেই শিষ্য- প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ পৰিণতিস্বৰূপে  সত্ৰসমূহৰ যি ভাগৰ সৃষ্টি হৈছিল তাকে সংহতি বোলা হয়।
142) ) মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
উত্তৰঃ মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰজাৰ দিনত  শেষ হৈছিল।
143) কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ /স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়?
উত্তৰঃ আহোম ৰজা চুহুংমুঙে প্ৰথম স্বৰ্গদেউ /স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়।
144) চুৰুমফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উত্তৰঃ চুৰুমফা ভগাৰজাৰ দিনত সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক হত্যা কৰা হৈছিল।
145) ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?
উত্তৰঃ ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্ভূজদেৱ মহন্তক অপমান কৰা হৈছিল।
146) আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা?
উত্তৰঃ  আহোম সকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হ'ল ছোমদেউ।
147) জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল।
148) ৰুদ্ৰ সিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ ৰুদ্ৰ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল।
149) কৃষ্ণৰাম ভট্টাচাৰ্য কোন y?
উত্তৰঃ কৃষ্ণৰাম ভট্টাচাৰ্য আছিল এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত। যাৰ ওচৰত ৰুদ্ৰসিংহৰ পুত্ৰ শিৱসিংহই শৰণ লৈছিল।
150) কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল?
উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল।
151) গাগিনি কোন?
উত্তৰঃ গাগিনি হ'ল মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ।
152) মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?
উত্তৰঃ মোৱামৰীয়াসকলে পোনপ্ৰথমে নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ৰজা পাতিছিল।
153) কেপ্টেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উত্তৰঃ কেপ্টেইন ওৱেলছ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে' মাহলৈ অসমত আছিল।
154)অসমৰ ক'ত লোণ উৎপাদন হৈছিল?
উত্তৰঃ অসমৰ শদিয়া আৰু নগা পাহাৰত লোণ উৎপাদন হৈছিল।
155) অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?
উত্তৰঃ লোণ বৰ দামী বস্তু আছিল আৰু সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিছিল।
156) মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভুৎত্থান বুলি ক'ব পৰা যায় নে?
উত্তৰঃ মোৱামৰীয়াসকল মূলতঃ মৰাণ সম্প্ৰদায়ৰ লোক। শংকৰ- মাধৱৰ পৰৱৰ্তী কালত 'মায়ামৰা ' নামৰ বৈষ্ণৱ সত্ৰখন স্থাপিত হৈছিল। এই 'মায়ামৰা' শব্দৰ পৰাই মোৱামৰীয়া শব্দটো উৎপত্তি হোৱা বুলি ধৰা হয়।
         এই বিদ্ৰোহক গণ অভুত্থান বুলি কব পাৰি।
157) মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্ভুক্ত ?
উত্তৰ:- কাল সংহতিৰ।
158) কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক ভগা ৰজা চুৰমফাৰ দিনত হত্যা কৰা হৈছিল?
উত্তৰ:- মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানদেৱক।
159) বৈকুণ্ঠদেৱ মহন্তৰ হত্যা কাৰ নিৰ্দেশত হৈছিল?
উত্তৰ:- গদাধৰ সিংহৰ নিৰ্দেশত।
160) চতুৰ্ভুজদেৱ মহন্তৰ প্ৰতি কোনে দুৰ্ব্যৱহাৰ কৰিছিল?
উত্তৰ:- গদাধৰ সিংহই।
161) মোৱামৰীয়া মহন্তক কাৰ নিৰ্দেশ মৰ্মে বলিৰ ফোঁট ল'বলৈ বাধ্য কৰা হৈছিল?
উত্তৰ:- শিৱসিংহৰ দিনত বৰৰজা ফুলেশ্বৰীৰ নিৰ্দেশত।
162) শিৱসিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰ:- বংগদেশৰ নদীয়াৰ কৃষ্ণৰাম ভট্টাচাৰ্যৰ ওচৰত।
163) কীৰ্তিচন্দ্ৰ কোন সত্ৰৰ শিস্য আছিল?
উত্তৰ:- দিহিং সত্ৰৰ শিস্য।
164) মোৱামৰীয়াসকলৰ উদ্দেশ্য কি আছিল?
উত্তৰ:- আহোম শাসনৰ অন্ত পেলোৱা।
165) ৰমানন্দ বা ৰমাকান্তৰ দেউতাকৰ নাম কি?
উত্তৰ:- নাহৰ খোৱা।
166) কোন মণিপুৰী ৰাজকুঁৰীয়ে আহোমসকলক সহায় কৰিছিল?
উত্তৰ:- মণিপুৰী ৰাজকুৱৰী কুৰঙ্গনয়নীয়ে।
167) লক্ষ্মীসিংহৰ পুতেকৰ নাম কি?
উত্তৰ:- গৌৰীনাথ সিংহ ।
168) ঘনশ্যাম বুঢ়াগোহাঁঞিৰ পুতেকৰ নাম কি?
উত্তৰ:- লাড়ি গোহাঁঞি বুঢ়াগোহাঁঞি।
169) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ আন এটা নাম কি?
উত্তৰ:- লাড়ি গোহাঁঞি বুঢ়াগোহাঁঞি।
170) ইংৰাজ সৈন্য বাহিনীক অসমলৈ আহোতে কোনে নেতৃত্ব দিছিল?
উত্তৰ:- কেপ্তেইন থমাছ ওৱেলছে।
171) ইংৰাজ সামৰিক সৈন্য বাহিনীটো অসমত কেতিয়াৰ পৰা কেতিয়ালৈ আছিল?
উত্তৰ:- ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে ' মাহলৈ অসমত আছিল।
172) ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত কেতিয়া বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল?
উত্তৰ:- ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হৈছিল।
173) কেপ্তেইন ওৱেলছ অসমলৈ অহাৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ:- লৰ্ড কৰ্ণৱালিছ।
174) লৰ্ড কৰ্ণৱালিছৰ উত্ৰৰসুৰী ছাৰ জন ছোৰে গ্ৰহণ কৰা নীতিটো কি আছিল?
উত্তৰ:- পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি।
175) গৌৰীনাথ সিংহৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ:- ১৭৯৫ চনত।
176) চাৰিং ৰজা কদম দীঘলা গোহাঁঞিৰ পুত্ৰৰ নাম কি?
উত্তৰ:- কিনাৰাম।
177) চুক্লেনফাৰ হিন্দু মতে নাম কি আছিল?
উত্তৰ:- কমলেশ্বৰ সিংহ।
178) কিমান চনত কাছাৰত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
উত্তৰ:- ১৮০৫ চনত।
179) বেংমৰাৰ বৰ্তমান নাম কি?
উত্তৰ:- তিনিচুকীয়া।
180) অসমৰ মানুহে বেহা-বেপাৰৰ মাধ্যম হিচাপে কি বস্তু ব্যৱহাৰ কৰিছিল?
উত্তৰ:- সোণ আৰু নিমখ।
181) গৌৰীনাথ সিংহই ৰংপুৰৰ পৰা কোন ঠাইলৈ ৰাজধানী স্থানান্তৰ কৰিছিল?
উত্তৰ:- যোৰহাটলৈ।
182) পাইক প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:- প্ৰতাপ সিংহই।
183) গুৱাহাটীৰ উমানন্দ মন্দিৰত প্ৰথম মাটি দান কোনজন ৰজাই দিছিল?
উত্তৰ:- গদাধৰ সিংহই।
184) মোৱামৰীয়া সকলে প্ৰথমবাৰ ৰংপুৰ অধিকাৰ কৰি কাক ৰজা পাতিছিল?
উত্তৰ:- ৰমাকান্তক।
185) কোনজন আহোম ৰজাই ' গজপতি' উপাধি লৈছিল?
উত্তৰ:- প্ৰতাপ সিংহই।
186) ' ডিমা ফিছা' শব্দৰ অৰ্থ কি?
উত্তৰ:- নদী পুত্ৰ।
187) কবিৰাজ চক্ৰৱৰ্তী কোন আছিল?
উত্তৰ:- ৰুদ্ৰসিংহৰ পৃষ্ঠপোষকতা লাভ কৰা এজন কবি আছিল।
188) কোনজন ৰজাৰ ৰাজত্বকালত সত্ৰানুষ্ঠানসমূহ ধ্বংস কৰা হৈছিল?
উত্তৰ:- গদাধৰ সিংহৰ ৰাজত্বকালত।
189) বেজদলৈ ভাণ্ডাৰ বৰুৱা কোন আছিল?
উত্তৰ:- স্বৰ্গদেউ চুৰম্ফা ভগাৰজাৰ দিনৰ বৰুৱা আছিল।
190) ৰঙ্গাচৰণ বেজদলৈ ভাণ্ডাৰ বৰুৱা কোন আছিল?
উত্তৰ:- গদাধৰ সিংহৰ সোঁহাতস্বৰূপ বিষয়া আছিল।
191) ৰামেশ্বৰ সিংহৰ ৰাজত্বকালত পাইকৰ সংখ্যা কিমান আছিল?
উত্তৰ:- ৮০,০০০ আছিল।
192) ১৭৮৮ চনৰ পৰা ১৮০৫ চনলৈ বেংমৰাত ৰাজত্ব কৰা ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- সৰ্বানন্দ সিংহ ।
193) ৰাণী ফুলেশ্বৰী কোন আছিল?
উত্তৰ:- শিৱসিংহৰ পত্নী।
194) ' বৰৰজা' উপাধি কোনে লৈছিল?
উত্তৰ:- ৰাণী ফুলেশ্বৰীয়ে ।
195) চমুৱা কাক কোৱা হৈছিল?
উত্তৰ:- ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱা পাইকক চমুৱা বোলা হৈছিল।
196) কোন চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল?
উত্তৰ:- ১৭৮২ চনত।
197) দৰঙৰ ৰজা হংসনাৰায়ণক কোনে হত্যা কৰিছিল?
উত্তৰ:- গৌৰীনাথ সিংহই।
198) সৎৰাম কোন আছিল?
উত্তৰ:- ৰজা চন্দ্ৰকান্ত সিংহৰ অতি প্ৰিয় লোক আছিল।
199) অসমলৈ মানসকলক কোনে আমন্ত্ৰণ কৰি আনিছিল?
উত্তৰ:- বদনচন্দ্ৰ বৰফুকনে।
200) মানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- তিনিবাৰ।
201) বৰকান্দাজসকল কোন আছিল?
উত্তৰ:- বাংলাদেশৰ কিছুমান ভেৰোণীয়া সৈন্য আছিল।
202) গৌৰীনাথ সিংহই কি কাৰণে গুৱাহাটী এৰি গোৱালপাৰা অভিমুখে পলায়ন কৰিছিল?
উত্তৰ:- মোৱামৰীয়াসকলৰ বিৰুদ্ধে ইংৰাজৰ সহায় বিচাৰি পলায়ন কৰিছিল।
203) কেপ্তেইন ওৱেলছৰ নেতৃত্বত কিমানজন সৈনিক আছিল?
উত্তৰ:- প্ৰায় ৫৫০ জন সৈনিক আছিল।
204) ঘনশ্যাম বুঢ়াগোহাঁইৰ কেতিয়া মৃত্যু হয়?
উত্তৰ:- ১৭৮২ চনত।
205) বংগদেশৰ পৰা বছৰি কিমান পৰিমাণৰ লোণ আমদানি কৰা হৈছিল?
উত্তৰ:- প্ৰায় ১২০,০০০।
206) ৰংপুৰ নগৰখনৰ পৰিসীমা কিমান আছিল?
উত্তৰ:- ২০ মাইল।
207) কেপ্তেইন ওৱেলছ অসমলৈ আহিছিল?
উত্তৰ:- ১৭৯১ চনত।
208) মোৱামৰীয়া সকলৰ প্ৰথম ৰজা কোন আছিল?
উত্তৰ:- ৰমানন্দ।
,209) বৈষ্ণৱ সত্ৰ সমূহৰ ভাগ চাৰিটা কি কি?
উত্তৰ:- ১) ব্ৰহ্ম ২) পুৰুষ সংহতি ৩) কাল সংহতি ৪) নিকা সংহতি।
210) অসমৰ ৪ টা জনজাতিৰ নাম লিখা?
উত্তৰ:- ১) কছাৰী ২) চুতীয়া ৩) আহোম ৪) কৈবৰ্ত্ত।
211) অসমত মোৱামৰীয়া বিদ্ৰোহ কিমান বছৰ ধৰি চলিছিল?
উত্তৰ:- প্ৰায় ৩৫ বছৰ কাল (১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈ)।
212) চুহুংমুঙে কিয় স্বৰ্গ নাৰায়ণ উপাদি গ্ৰহণ কৰিছিল?
উত্তৰ:- আহোম ৰজাসকলে ' স্বৰ্গদেউ ' বুলি কোৱা প্ৰথাটো প্ৰথমতে চুহুংমুঙৰ দিনৰ পৰা আৰম্ভ হয়। এওঁৰ দিনতে ' শ্ৰীশ্ৰীস্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কথা নামৰ বুৰঞ্জী লিখি হিন্দু দেৱতা স্বৰ্গৰ অধিপতি ইন্দ্ৰৰ লগত আহোম ৰজাসকলৰ সম্পৰ্ক দেখুওৱা আখ্যানৰ সৃষ্টি হয়। সেয়েহে তেওঁ ৰজা হোৱাৰ পিছত স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে।
213) আহোম সকলৰ ৰাজত্বকালত থকা পাইক প্ৰথা দুবিধৰ নাম কি?
উত্তৰ:- ১) কাড়ী পাইক ২) চমুৱা পাইক।
214) অসমলৈ ইংৰাজসকলৰ আগমন কেতিয়া হৈছিল?
উত্তৰ:- অসমলৈ ইংৰাজসকলৰ আগমন আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত ১৭৯২ চনত হৈছিল।
215) ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱে নিৰ্মাণ কৰোৱা দুটা অট্টালিকাৰ নাম লিখা?
উত্তৰ:- গড়গাঁও আৰু ৰংপুৰৰ দুই পকী ৰাজকাৰেং।
216) অসমৰ শক্তিপূজাৰ দুটা মূল পীঠৰ নাম লিখা?
উত্তৰ:- তাম্ৰেশ্বৰী মন্দিৰ আৰু কামাখ্যা মন্দিৰ।
217) স্বৰ্গদেউ প্ৰতাপ সিংহ উদ্ভাৱন কৰা দুটা প্ৰশাসনীয় ব্যৱস্থাৰ নাম লিখা?
উত্তৰ:- পাইক প্ৰথা আৰু প্ৰচা প্ৰথা।
218) উজনিত মোৱামৰীয়া বিদ্ৰোহৰ সুযোগ লৈ স্বাধীনতা ঘোষণা কৰা আহোমৰ কৰতলীয়া ৰাজ্য দুখনৰ নাম লিখা?
উত্তৰ:- ন-দুৱাৰ আৰু দৰং ৰাজ্য।
219) কোনজন আহোম স্বৰ্গদেৱে  বৈষ্ণৱ সত্ৰানুষ্ঠানসমুহ ধ্বংস কৰিছিল?
উত্তৰ:- গদাধৰ সিংহই বৈষ্ণৱ সত্ৰানুষ্ঠানসমুহ ধ্বংস কৰিছিল।
220) কোনে বৈষ্ণৱ সত্ৰাধিকাৰ মহন্ত ভকত সকলক বিভিন্ন ধৰণে অন্যায় - অত্যাচাৰ কৰিছিল?
উত্তৰ:- আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত ৰাণী ফুলেশ্বৰীয়ে ।
221) মোৱামৰীয়া বিদ্ৰোহৰ দুটা কাৰণ হল?
উত্তৰ:- ১) ৰাজনৈতিক কাৰণ ২) অৰ্থ-সামাজিক কাৰণ।
222) মোৱামৰীয়া শব্দটো কোনটো শব্দৰ পৰা উৎপত্তি হৈছে?
উত্তৰ:- মায়ামৰা।
223) বৈষ্ণব সত্ৰসমূহৰ কেইটা ভাগ বা সংহতিৰ সৃষ্টি হৈছিল?
উত্তৰ:- চাৰিটা। ১) ব্ৰহ্ম সংহতি ২) পুৰুষ সংহতি ৩) কাল সংহতি ৪) নিকা সংহতি।
224) মায়ামৰা সত্ৰ কোন সংহতিৰ অন্তৰ্ভুক্ত ?
উত্তৰ:- কাল সংহতিৰ।
225) অসমৰ ইতিহাসৰ আটাইতকৈ দীঘলীয়া বিদ্ৰোহৰ নাম কি?
উত্তৰ:- মোৱামৰীয়া বিদ্ৰাহ।
226) কাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল?
উত্তৰ:- আহোম স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত।
227) কিমান বছৰ কাল মোৱামৰীয়া বিদ্ৰোহ জুৰি অসমৰ ৰাজনৈতিক আৰু সামাজিক আকাশ আৱৰি আছিল?
উত্তৰ:- ৩৫ বছৰ।
228) কিমান চনৰ পৰা কিমান চনলৈকে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল?
উত্তৰ:- ১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈকে।
229) কাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিল?
উত্তৰ:- স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত।
230) অাহোম ৰজাসকলক " স্বৰ্গদেউ ' বুলি কোৱা প্ৰথাটো কাৰ দিনৰ পৰা আৰম্ভ হৈছিল?
উত্তৰ:- চুহুংমুঙৰ দিনৰ পৰা।
231) কোনে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা হৈছিল?
উত্তৰ:- চুহুংমুঙ।
232) কোনে মায়ামৰা সত্ৰৰ দুজন শিষ্যক এটা ঘোঁৰাত উঠাই দি ঘোঁৰা চেকুৰাই দিছিল?
উত্তৰ:- স্বৰ্গদেউ প্ৰতাপ সিংহই(১৬০৩-১৬৪১ চনত)।
233) স্বৰ্গদেউ প্ৰতাপ সিংহৰ পিছত পৰৱৰ্তী ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- চুৰুমফা ভগাৰজা।( ১৬৪১-৪৪)চনত।
234) কাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক ৰাজ আজ্ঞামতে হত্যা কৰা হৈছিল?
উত্তৰ:- চুৰুমফা ভগাৰজাৰ দিনত।
235) আহোমসকলৰ প্ৰধান উপাস্য দেৱতা কোন আছিল?
উত্তৰ:- ছোমদেউ।
236) গদাধৰ সিংহৰ পিছৰজনা ৰজাৰ নাম কি আছিল?
উত্তৰ:- ৰুদ্ৰসিংহ।
237) ৰুদ্ৰসিংহৰ পিছৰ ৰজাজনৰ নাম কি আছিল?
উত্তৰ:-  স্বৰ্গদেউ শিৱসিংহ।
238) কাক পৰ্বতীয়া গোসাই ' নামেৰে জনাজাত?
উত্তৰ:- কৃষ্ণৰাম ভট্টাচাৰ্য ।
239) কোনজন ৰজাই বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য  নামৰ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল?
উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰসিংহ।
240) শিৱসিংহই কাৰ ওচৰত শৰণ লৈছিল আৰু ব্ৰাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল?
উত্তৰ:- কৃষ্ণৰাম ভট্টাচাৰ্য ।
241) কাৰ দিনত  বৰকুঁৰী ফুলেশ্বৰী ( বৰৰজা) অধিক প্ৰতিপত্তিশালী হৈ উঠিছিল?
উত্তৰ:- স্বৰ্গদেউ শিৱসিংহ।
242) কাৰ দিনত এটা পাইক গোটৰ সদস্যৰ সংখ্যা ৩ জনলৈ হ্ৰাস কৰা হৈছিল?
উত্তৰ:- ৰাজেশ্বৰ সিংহৰ দিনত।
243) কীৰ্তিচন্দ্ৰ কোন আছিল?
উত্তৰ:- দিহিং সত্ৰৰ শিষ্য।
244) কোনসকলৰ সত্ৰৰ মাজত আছিল আক্ৰোশমূলক দ্বন্দ্ব ?
উত্তৰ:- দিহিং আৰু মোৱামৰীয়া সত্ৰৰ মাজত।
245) কথাই কথাই মোৱামৰীয়া সত্ৰৰ কাক কোনে অপমান কৰিছিল?
উত্তৰ:- মহন্তক কীৰ্তিচন্দ্ৰই।
246) লক্ষ্মীসিংহ আৰু কীৰ্তিচন্দ্ৰ নাৱেৰে ফুৰিবলৈ যাওঁতে কোনে মায়া মৰা সত্ৰৰ কাষত ৰজাক নমস্কাৰ জনাই সন্মান দেখুৱাইছিল?
উত্তৰ:- মহন্তই।
247) কোনসকলে ৰজাঘৰলৈ বাৰ্ষিক দিব লগা কৰৰ বাবে এদল হাতী লৈ আহিছিল?
উত্তৰ:- মোৱামৰীয়া সত্ৰৰ জনজাতীয় শিষ্য মৰাণসকলৰ নেতা নাহৰখোৱা শইকীয়া আৰু ৰাঘৱ নেওঁগে ।
248) মোৱামৰীয়াসকলৰ প্ৰধান উদ্দেশ্য কি আছিল?
উত্তৰ:- আহোম শাসনৰ অন্ত পেলোৱা।
249) কেতিয়া ৭০০০ সৈন্য গোটাই মোৱামৰীয়া বিদ্ৰোহৰ শংকধ্বনি বজাইছিল?
উত্তৰ:- ১৭৬৯ চনৰ শেষৰফালে।
250) স্বৰ্গদেউ লক্ষ্মীসিংহই বিদ্ৰোহ দমনৰ বাবে প্ৰায় কিমানজন সৈন্যৰ এটা বিশাল ফৌজ পঠিয়াইছিল?
উত্তৰ:- ১৪০০০ জন।
251) মোৱামৰীয়াসকলে আহোমৰ ৰাজধানী দখল কৰি কাক ৰজা পাতিছিল?
উত্তৰ:- নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ৰজা পাতিছিল।
252) কাক জয়দৌলৰবপৰা উলিয়াই আনি পুনৰাই ৰাজসিংহাসনত বহুওৱা হৈছিল?
উত্তৰ:- লক্ষ্মীসিংহক।
253) লক্ষ্মীসিংহৰ পুত্ৰ কোন আছিল?
উত্তৰ:- গৌৰীনাথ সিংহ ।
254) মোৱামৰীয়া তৃতীয় বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:- ১৭৮৬ চনত।
255) স্বৰ্গদেউ গৌৰীনাথ সিংহই কেতিয়া ৰাজধানী এৰি গুৱাহাটীলৈ বুলি যাত্ৰা কৰিছিল?
উত্তৰ:- ১৭৮৮ চনত।
256) মোৱামৰীয়াই ৰাজধানী দখল কৰি কাক ৰজা পাতিছিল?
উত্তৰ:- মহন্তৰ এগৰাকী আত্মীয় ভৰত সিংহক ৰজা পাতিছিল।
257) লাড়ি গোহাই কাৰ পুত্ৰ আছিল?
উত্তৰ:- ঘনশ্যাম বুঢ়াগোঁহাইৰ।
258) ঘনশ্যাম বুঢ়াগোঁহাইৰ মৃত্যুৰ পিছত কাক বুঢ়াগোহাঁইৰ পদত অধিষ্ঠিত হৈছিল?
উত্তৰ:- তেওঁৰ পুত্ৰ লাড়ি গোহাঁই।
259) কাৰ দিনত অসমলৈ ইংৰাজৰ প্ৰথম আগমন হৈছিল?
উত্তৰ:- আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আন্ত্ৰণত ১৭৯২ চনত।
260) কেতিয়া আহোম ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল?
উত্তৰ:- ১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰিত।
261) কেতিয়া গৌৰীনাথ সিংহই ৰাজধানীত প্ৰৱেশ কৰিছিল?
উত্তৰ:- ১৭৯৪ চনৰ ২১ মাৰ্চৰ দিনা।
262) কোম্পানিৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ উত্তৰসুৰী হিচাপে ছাৰ জন ছোৰে নতুন নীতি গ্ৰহণ কৰিছিল। এই নীতিটোৰ নাম কি?
উত্তৰ:- পৰৰাজ্যত হস্তক্ষেপ বিৰোধী নীতি।
263) কেতিয়া ওৱেলছে সৈন্যসহ গোৱালপাৰাত উপস্থিত হৈছিল?
উত্তৰ:- ১৭৯৪ চনৰ ৩ জুলাইত।
264) কেতিয়া স্বৰ্গদেউ গৌৰীনাথ সিংহৰ মৃত্যু হৈছিল?
উত্তৰ:- ১৭৯৫ চনত।
265) কাক কমলেশ্বৰ সিংহ বুলি কোৱা হয়?
উত্তৰ:- চুক্লেনফা।( ১৭৯৫-১৮১০)
266) কেতিয়া পূবফালে বেংমৰাত ভৰত সিংহৰ নেতৃত্বত এদল মোৱামৰীয়ািই চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্ৰোহ ঘোষণা কৰিছিল?
উত্তৰ:- ১৮০১ চনত।
267) কেতিয়া কাছাৰত  মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
উত্তৰ:- ১৮০৫ চনত।
268) কাছাৰ  মোৱামৰীয়া বিদ্ৰোহত কোনে নেতৃত্ব দিছিল?
উত্তৰ:- ৰাজেশ্বৰ সিংহৰ ভগনীয়া পুত্ৰ বিজয় বৰমুৰাগোহাঁঞি।
269) কাৰ নেতৃত্বত বেংমৰাত মোৱামৰীয়া বিদ্ৰোহ হৈছিল?
উত্তৰ:- সৰ্বানন্দ সিংহ ।
270) ব্ৰহ্মদেশৰ প্ৰজাক অসমৰ মানুহে কি বুলি কৈছিল?
উত্তৰ:- মান।
271) ব্ৰহ্মদেশৰ ৰজাক কি ৰজা বুলি কোৱা হৈছিল?
উত্তৰ:- মান ৰজা।
272) আহোম ৰজা গৌৰীনাথ সিংহৰ মৃত্যুৰ পিছত কোনে সিংহাসনত বহিছিল?
উত্তৰ:- কমলেশ্বৰ সিংহ ।
273) কোনসকলে বংগদেশৰ বৰকান্দাজ সেনাৰ সহায় লৈ আহোম ৰজাৰ বিৰুদ্ধে থিয় দিছিল?
উত্তৰ:- কামৰূপৰ হৰদত্ত আৰু বীৰদত্ত চৌধুৰীয়ে ।
274) কলিয়াভোমোৰা দলংখন কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ:- ১৯৮৭ খ্ৰীষ্টাব্দত।( ৩০১৫ মিটাৰ দৈৰ্ঘ্য ।)( বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলং।
275) কেতিয়া কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল?
উত্তৰ:- ১৮১০ চনত।
278) কমলেশ্বৰ সিংহৰ মৃত্যুৰ পাছত হোৱা ৰজাজনৰ নাম কি?
উত্তৰ:- চন্দ্ৰকান্ত সিংহ।
279) পানীমুৱা বিদ্ৰোহ বুলি কোৱাৰ কাৰণ?
উত্তৰ:- পানীমুৱা নামৰ এজন বিদ্ৰোহীয়ে বিদ্ৰোহত নেতৃত্ব দিয়া হৈছিল।
280) ১৭৮৪ চনত মান ৰজা বদৌপায়াৰ আমোলত মানসকল কোনখন দেশ জয় কৰিছিল?
উত্তৰ:- আৰাকান জয় কৰিছিল।
281) মান আৰু ব্ৰিটিছৰ মাজত কেতিয়াৰ পৰা শত্ৰুতা সৃষ্টি হৈছিল?
উত্তৰ:- মান আৰু ইংৰাজ দুয়ো পক্ষ একে আন্তৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হোৱাৰ পাছৰ পৰা।
282) মান উপদ্ৰৱত থাকিব নোৱাৰি শ্ৰীহট্টলৈ পলাই যোৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল?
উত্তৰ:- গোৱিন্দ চন্দ্ৰ।
283) কোন যুদ্ধত আহোমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হৈছিল?
উত্তৰ:- ঘিলাধাৰী যুদ্ধত।
285) বৈশালী হুকুং কি?
উত্তৰ:- মান লিপিকাৰে লিখা মানৰ সামৰিক অভিযানৰ এটা টোকাৰ নাম।
286) বৈশালী মুং-ডুন-চুন খাম কি?
উত্তৰ:- মানৰ সামৰিক অভিযান সম্পৰ্কে মান লিপিকাৰে লিখা অন্য এটা টোকাৰ নাম।
287) বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহোতে  অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ:- পূৰ্ণানন্দ বুঢ়াগোহাঁই।
288) বদন চন্দ্ৰই কিমান সৈন্য লগত আনিছিল?
উত্তৰ:- প্ৰায় ৬,০০০ মান সৈন্য।
289) বদনচন্দ্ৰ অসমত সোমাইয়ে কিমান অতিৰিক্ত সৈন্য গোটাইছিল?
উত্তৰ:- প্ৰায় ৮,০০০।
290) বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল?
উত্তৰ:- মন্ত্ৰী বৰফুকন।
291) মানৰ আক্ৰমণ কোন কোন চনত হৈছিল?
উত্তৰ:- ১৮১৯ চনত।
292) কোন চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল?
উত্তৰ:- ১৮১৭ চনত।
293) জগন্নাথ ঢেকিয়াল ফুকন কাৰ ভাতৃ আছিল?
উত্তৰ:- ৰুচিনাথ বুঢ়াগোহাঁইৰ।
294) কোনচনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল?
উত্তৰ:- ১৮১৭ চনত।
295) বদন চন্দ্ৰৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল?
উত্তৰ:- ১৮১৭ চনৰ আগষ্ট মাহত।
296) ৰাজমাও কাৰ মাতৃ আছিল?
উত্তৰ:- নুমলী চন্দ্ৰকান্ত সিংহৰ।
297) ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰ কৰা হৈছিল?
উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে।
298) প্ৰথম ইংগ-বৰ্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ:- ১৮২৪ চনৰ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। এই যুদ্ধখন ইয়াণ্ডাবু নামে ঠাইত সংঘটিত হৈছিল।
299) বদৌপায়া কোন আছিল?
উত্তৰ:- মানসকলৰ ৰজা আছিল।
300) বদৌপায়া কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৮১৯ চনত।
301) গম্ভীৰ সিং কোন আছিল?
উত্তৰ:- গম্বীৰ সিং মণিপুৰৰ ৰজা আছিল। মণিপুৰৰ ৰজা জয়সিংহৰ পুত্ৰ আছিল।
302) গোবিন্দ চন্দ্ৰ কোন আছিল?
উত্তৰ:- কাছাৰৰ ৰজা আছিল।
303) দামান গগৈ কোন আছিল?
উত্তৰ:- আহোম সেনাপতি আছিল।
304) হাও বৰা কোন আছিল?
উত্তৰ:- আহোম ফৈদৰ সেনাপতি ।
305) ব্ৰজনাথ কোন আছিল?
উত্তৰ:- ব্ৰজনাথ ৰাজেশ্বৰ সিংহৰ আৰু বিজয়া বৰমুৰা গোহাঁইৰ পুত্ৰ আছিল।
306) পুৰন্দৰ সিংহ কোন আছিল?
উত্তৰ:- পুৰন্দৰ সিংহ ব্ৰজনাথ গোহাঁইৰ পুত্ৰ আছিল।
307) লুকু ডেকা ফুকন কোন আছিল?
উত্তৰ:-  আহোম ৰজাৰ চন্দ্ৰকান্ত সিংহৰ সেনাপতি আছিল।
308) আলুমিংগি কোন আছিল?
উত্তৰ:- মান সেনাপতি আছিল।
309) আলুমিংগি নেতৃত্বত কেইজন সৈন্য অসম আক্ৰমণ কৰিছিল?
উত্তৰ:- ১০,০০০ সৈন্য।
310) মানসকল কোন দেশৰ লোক?
উত্তৰ:- ব্ৰহ্মদেশৰ।
311) ‍আহোম ৰজা - গৌৰীনাথ সিংহৰ পিছত সিংহাসনত কোন বহিছিল?
উত্তৰ:- কমলেশ্বৰ সিংহ ।
312) চিংফৌ নেতা বিচানাঙে কোন গাভৰুক কোন মান ৰজালৈ উপহাৰ হিচাপে আগবঢ়াইছিল?
উত্তৰ:- ৰঙ্গিলী নামেৰে এগৰাকী আহোম গাভৰুক।
313) আহোম ৰজাই কাক প্ৰতাপবল্লভ উপাধি দিছি‍ল?
উত্তৰ:- বৰফুকন কলীয়া ভোমোৰাক।
314) কিমান চনত কমলেশ্বৰ সিঃহৰ মৃত্যু হৈছিল?
উত্তৰ:- ১৮১০ চনত।
315) কমলেশ্বৰ সিংহৰ পিছত অসমৰ নতুন ৰজা কোন আছিল?
উত্তৰ:- চন্দ্ৰকান্ত সিংহ।
316) ৰ‍জা চন্দ্ৰকান্ত সিংহই কাক চাৰিঙীয়া ফুকন খিতাপ দিছিল?
উত্তৰ:- সৎৰামক।
315) পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ পুতেক ওৰেষানাথে কাক বিয়া কৰাইছিল?
উত্তৰ:- বদন বৰফুকন জীয়াৰী পিজৌ গাভৰুক।
316) বদন চন্দ্ৰৰ পেহীয়েক কোন অাছিল?
উত্তৰ:- মান ৰজাৰ অসমীয়া ৰাণী ৰঙ্গিলী আইদেউ।
317) কোন যুদ্ধত পৰাজয়ৰ বাতৰি পায় পূৰ্ণানন্দ বুঢ়াগোহাঁই মৃত্যুমুখত পৰিছিল?
উত্তৰ:- ঘিলাধাৰী যুদ্ধত।
318) বদনচন্দ্ৰই কিমান মান সৈন্য লগত আনিছিল?
উত্তৰ:- প্ৰায় ৬,০০০ জন।
319)  বদনচন্দ্ৰই অসমত সোমাই কিমান অতিৰিক্ত সৈন্য গোটাইছিল?
উত্তৰ:- ৮,০০০ জন সৈন্য।
320)  বদৌপায়াৰ মৃত্যু পিছত ব্ৰহ্মদেশৰ ৰজা কোন হয়?
উত্তৰ:- বদৌপায়াৰ নাতিয়েক বাগিদাও।
321) মানে পতা ৰজা বুলি কাক কোৱা হয়?
উত্তৰ:- যোগেশ্বৰ সিংহক।
322) অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ কোনখন বুলি কোৱা হয়?
উত্তৰ:- মহগড়।
323) কোনছোৱা সময়ক মানৰ দিন বুলি কোৱা হয়?
উত্তৰ:- ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে এই সময়ছোৱাক।
324) প্ৰথম ইঙ্গ বাৰ্মা যুদ্ধ কেতিয়া হৈছিল?
উত্তৰ:- ১৮২৪ চনত।
325)  কিমান চনত গৱৰ্ণৰ জেনেৰেল লৰ্ড আৰ্মহাষ্টে ব্ৰহ্মদেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল?
উত্তৰ:- ১৮২৪ চনৰ ৫ মাৰ্চত।
326) কেতিয়া ইংগ-বৰ্মী যুদ্ধৰ অন্ত পৰে?
উত্তৰ:- ১৮২৬ চনত।
327) ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত।
328) যোগেশ্বৰ সিংহৰ কেতিয়া মৃত্যু হৈছিল?
উত্তৰ:- ১৮২৬ চনত যোগীঘোপাত।
329) মানে কেতিয়া অসম ত্যাগ কৰে?
উত্তৰ:- অসমত ইংৰাজৰ হাতত পৰাজিত হৈ মানে ১৮২৫ চনত অসম ত্যাগ কৰে।
330) মানক খেদিবলৈ কিমান চনত ইংৰাজসকলে অসমত প্ৰৱেশ কৰে?
উত্তৰ:- ১৮২৪ চনত।
331) ব্ৰহ্মদেশৰ ৰজাক অসমৰ লোকসকলে কি বুলি কৈছিল?
উত্তৰ:- মান ৰজা বুলি কৈছিল।
332) কোন গৰাকী মৰাণ মোৱামৰীয়া শাসনকৰ্তাক পূৰ্ণানন্দ বুঢ়‍াগোহাঁয়ে বৰসেনাপতি হিচাপে নিযুক্তি দিছিল?
উত্তৰ:- সৰ্বানন্দক।
333) পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে বদনৰ বিপৰীতে কাক বৰফুকন পাতিছিল?
উত্তৰ:- কলীয়া ভোমোৰাক।
334) সৎৰামে কাৰ হাতত প্ৰাণ হেৰুৱাইছিল?
উত্তৰ:- নগা আততায়ীৰ হাতত।
335) বদন বৰফুকনে ৰংপুৰলৈ গৈ কাক সাক্ষাৎ কৰিছিল?
উত্তৰ:- ডেভিদ স্কটক।
336) কোনখন যুদ্ধত আহোম সৈন্য মান সৈন্যৰ হাতত পৰাস্ত হৈছিল?
উত্তৰ:- ঘিলাধাৰী যুদ্ধত।
337) ৰুচিনাথ কাৰ লগত যোৰহাটলৈ যাত্ৰা কৰিছিল?
উত্তৰ:- ব্ৰজনাথ সিংহ আৰু তেওঁৰ পুত্ৰ পুৰন্দৰ সিংহৰ লগত।
338) চন্দ্ৰকান্ত সিংহই ৰুচিনাথৰ বিৰুদ্ধাচৰণ কৰিবৰ বাবে কাৰ নেতৃত্বত সৈন্য বাহিনী পঠাইছিল?
উত্তৰ:- লুকু ডেকা ফুকনৰ নেতৃত্বত।
339) চন্দ্ৰকান্ত পলাই যোৱাত ৰুচিনাথে কাক ৰজা পাতিছিল?
উত্তৰ:- আহোম ৰজা ৰাজেশ্বৰ সিংহৰ নাতি ব্ৰজনাথ সিংহক।
340) চন্দ্ৰকান্ত কোন ঠাইলৈ পলাই গৈছিল?
উত্তৰ:- তৰাতলীলৈ।
341) কাৰ নেতৃত্বত ব্ৰহ্ম ৰজাই ১৮১৯ খ্ৰীষ্টাব্দত এটি সৈন্য বাহিনী পঠাইছিল?
উত্তৰ:- আলুমিঙ্গিৰ নেতৃত্বত।
342) কোনে পাতাল বৰবৰুৱাক হত্যা কৰিছিল?
উত্তৰ:- মান সেনাপতি মিঙ্গিমাহা তিলোৱাই।
343) মানৰ অসম আক্ৰমণৰ এটি ঋনাত্মক দিশ লিখা?
উত্তৰ:- মানৰ অসম আক্ৰমণৰ ফলত সামাজিক জীৱন বহুলভাৱে বিপৰ্যস্ত হৈ পৰিছিল।
344) মানৰ অসম আক্ৰমণৰ এটি ধনাত্মক দিশ লিখা।
উত্তৰ:- মানৰ অসম আক্ৰমণৰ এটি ধনাত্মক দিশ হ'ল-- অসমৰ আধুনিকীকৰণ ।
345) শিৱনাথ তামুলী ফুকন কোন আছিল?
উত্তৰ:- আহোমৰ এজন উচ্চপদস্থ বিষয়া আছিল।
346) ভদৰী কোন আছিল?
উত্তৰ:- সন্দিকৈ পৰিয়ালৰ লোক আছিল।
347) ৰজা হোৱাৰ আগতে কমলেশ্বৰ সিংহৰ নাম কি আছিল?
উত্তৰ:- কিনাৰাম ।
348) আলুমিঙ্গিয়ে চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ কাৰ নেতৃত্বত এদল মানসৈন্য ৰাখি গৈছিল?
উত্তৰ:- মিঙ্গিমাহা তিলোৱাৰ নেতৃত্বত।
349) সৎৰাম চাৰিঙীয়া ফুকন কোন আছিল?
উত্তৰ:- ভূত নামৰ কুকুৰাচোৱা বৰা এজনৰ পুত্ৰ আছিল।
350) কিমান চনলৈকে মানসকলে মণিপুৰৰ ওপৰত আক্ৰমণ চলাইছিল?
উত্তৰ:- ১৭৮২ চনলৈকে।
351) কেতিয়াৰ পৰা মণিপুৰীসকলে শান্তিৰ থাকিব পাৰিছিল?
উত্তৰ:- ১৭৯৮ চনৰ পৰাহে।
352) পূৰ্ণানন্দৰ পিছত অসমৰ বুঢ়াগোহাঁই কোন হয়?
উত্তৰ:- ৰুচিনাথ।
353) বদনচন্দ্ৰক চন্দ্ৰকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্ৰী পাতিছিল?
উত্তৰ:- মন্ত্ৰী বৰফুকন ।
354) কিমান চনত মানসকলে আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল?
উত্তৰ:- ১৮১৭ চনৰ মাৰ্চ মাহত।
355) বদন চন্দ্ৰৰ সৈতে মানসৈন্য অহাৰ আগত অসমৰ প্ৰধানমন্ত্ৰী কোন আছিল?
উত্তৰ:- পূৰ্ণানন্দ বুঢ়াগোহাঁই।
366) প্ৰকৃতাৰ্থত মানৰ আক্ৰমণ কেতিয়াৰ পৰা সূচনা হয়?
উত্তৰ:- ১৮১৯ চনৰ আৰম্ভণিৰে পৰা।
368) মানৰ আক্ৰমণৰ প্ৰধান কাৰণটো কি?
উত্তৰ:- বদন চন্দ্ৰ বৰফুকনৰ হত্যাকাণ্ডটো।
369) এডৱাৰ্ড গেইটৰ মতে বদনৰ নেতৃত্বত কিমান সৈন্য আহিছিল?। তেওঁৰ এই তথ্য সঁচানে?
উত্তৰ:- এডৱাৰ্ড গেইটৰ মতে বদনৰ নেতৃত্বত মান সৈন্যৰ পৰিমান প্ৰায় ১৬,০০০ আছিল। গেইটৰ এই তথ্য সঁচা নহয়।
370) গুণাভিৰাম বৰুৱা আৰু হিতেশ্বৰ বৰুৱাৰ মতে বদনে অসমত সোমাই নিজাববীয়াকৈ কিমান সৈন্য গোটাই লৈছিল?
উত্তৰ:- ৮,০০০ সৈন্য।
371) ৰজা চন্দ্ৰকান্ত সিংহই কেতিয়া পূৰ্ণানন্দৰ বিৰুদ্ধে সাহায্য বিচাৰি ব্ৰিটিছলৈ প্ৰথমখন চিঠি লিখিছিল?
উত্তৰ:- ১৮১৫ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে।
372) ৰজা চন্দ্ৰকান্ত সিংহই কেতিয়া পূৰ্ণানন্দৰ বিৰুদ্ধে সাহায্য বিচাৰি ব্ৰিটিছলৈ দ্বিতীয়খন চিঠি লিখিছিল?
উত্তৰ:- ১৮১৫ চনৰ ১২ নৱেম্বৰ তাৰিখে।
373) বদনৰ নেতৃত্বত সামৰিক অভিযানটোৰ মুঠ সৈন্য কিমান আছিল?
উত্তৰ:- ১৪,০০০।
374) ৰজা চন্দ্ৰকান্ত সিংহ কোন বংশৰ আছিল?
উত্তৰ:- ইন্দ্ৰবংশী।
375) কাক মানে পতা ৰজা বুলি কোৱা হয়?
উত্তৰ:- যোগেশ্বৰ সিংহক।
376) কলিয়াভোমোৰা  দলংখন ক'ত অৱস্থিত?
উত্তৰ:- বৰ্তমান শোণিতপুৰ আৰু নগাঁও জিলা।
377) কলিয়াভোমোৰা  দলংখন কেতিয়া সাজি উলিয়াইছিল?
উত্তৰ:- ১৯৮৭ খ্ৰীষ্টাব্দত।
378) কলিয়াভোমোৰা  দলংখনৰ দৈৰ্ঘ্য কিমান?
উত্তৰ:- ৩০১৫ মিটাৰ।
379) মানসকলৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰ:- মানসকলৰ ১৮১৭ চনৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক ৰক্ষা কৰা।
380) মানসকলে কোনটো পথেদি ইংৰাজ ৰাজ্যত প্ৰৱেশ কৰিছিল?
উত্তৰ:- গোৱালপাৰা শ্ৰীহট্ট আৰু চট্টগ্ৰামৰ পথেদি।
381) প্ৰথম ইঙ্গবৰ্মী যুদ্ধ কেইটা ৰণাঙ্গনত সংঘটিত হৈছিল?
উত্তৰ:- চাৰিখন। ( ক) ব্ৰহ্মপুত্ৰ উপত্যকা বা আহোম ৰাজ্য খ) কাছাৰ গ) মণিপুৰ আৰু ঘ) ব্ৰহ্মদেশত।
382) মানৰ আক্ৰমণ ৰোধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কাৰ কাৰ নেতৃত্বত সৈন্য বাহিনী প্ৰেৰণ কৰিছিল?
উত্তৰ:- দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত।
383) চকৰিফেটী বুৰঞ্জী খন কোনে লিখিছিল?
উত্তৰ:- নুমলী বৰগোহাঁয়ে।
384) ব্ৰিটিছ জয়ন্তীয়া ৰাজ্যৰ ৰজা কাক চিলেটলৈ নিৰ্বাসন দিছিল?
উত্তৰ:- ৰাজেশ্বৰ সিংহক।
385) অসমৰ শেষ আহোম ৰজা কোন আছিল?
উত্তৰ:- চন্দ্ৰকান্ত সিংহ ।
386) তিৰৎ সিং খাচী কি আছিল?
উত্তৰ:- দেশপ্ৰেমিক আছিল।
387) গোৱিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল?
উত্তৰ:- কাছাৰ ৰাজ্যৰ ৰজা আছিল।
388) ডেভিদ স্কট কোন আছিল?
উত্তৰ:- এজন সুদক্ষ ইংৰাজ প্ৰশাসক আছিল।
389) ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল?
উত্তৰ:- ৰবাৰ্টচন।
390) তিৰৎ সিং কোন ৰাজ্যৰ চিয়েম আছিল?
উত্তৰ:- খাচী ৰাজ্যৰ।
391) মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল?
উত্তৰ:- বৰসেনাপতি।
392) জেনকিন্সৰ' পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল?
উত্তৰ:- পুৰন্দৰ সিংহই।
393) জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল?
উত্তৰ:- গোৱালপাৰা, দৰং আৰু কামৰূপ।
394) ব্ৰিটিছে কাক পঞ্চাশ টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল?
উত্তৰ:- গোৱিন্দ চন্দ্ৰক।
395) আহোমসকলে অসমত কোন সময়ছোৱাত ৰাজত্ব কৰিছিল?
উত্তৰ:- তেৰ শতিকাৰ পৰা ঊনৈশ শতিকাৰ প্ৰথমছোৱালৈকে অসমত আহোমসকলে ৰাজত্ব কৰিছিল।
396) আহোম ৰাজবংশৰ প্ৰতিষ্ঠাতা কোন আছিল?
উত্তৰ:- চুকাফা।
397) আহোমসকলে অসমত কিমান বছৰকাল ৰাজত্ব কৰিছিল?
উত্তৰ:- ছশ বছৰ।
398) ইয়াণ্ডাবু সন্ধি অনুসৰি মণিপুৰৰ ৰজা কোন হয়?
উত্তৰ:- গম্ভীৰ সিঙ।
399) কিমান খ্ৰীষ্টাব্দত ডেভিদ স্কটে ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল?
উত্তৰ:- ১৮২০ খ্ৰীষ্টাব্দত।
400) নামনি অসমৰ মাটিৰ জৰীপ কোন ইংৰাজ বিষয়াৰ শাসনকালত হৈছিল?
উত্তৰ:- ডেভিদ স্কটৰ দিনত কেপ্তেইন মেথিউজৰ তত্ত্বাৱধানত।
401) লম্বোদৰ বৰফুকন কোন আছিল?
উত্তৰ:- উজনি অসমৰ দেৱান আছিল।
402) ডেভিদ স্কটৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ:- ১৮৩১ চনত।
403) ৰবাৰ্টচনৰ পিছত অসমৰ কমিছনাৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল?
উত্তৰ:- ১৮৩৪ চনত গৱৰ্ণৰ জেনেৰেল মেজৰ জেনকিন্সক।
404) কোন ইংৰাজ বিষয়াৰ প্ৰচেষ্টাত ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপ জাহাজ প্ৰচলন হৈছিল?
উত্তৰ:- মেজৰ জেনকিন্সৰ প্ৰচেষ্টাত।
405) জেনকিন্সে অসম সম্বন্ধে লিখা আলোচনীখনৰ নাম কি?
উত্তৰ:- এছিয়াটিক ছ'চাইটি অব্ বেঙ্গল।
406) জেনকিন্স কিমান চনত টিকট কৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:- ১৮৫৮ চনত।
407) জেনকিন্সে কিমান চনত আয়কৰ কৰ প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:- ১৮৬০ চনত।
408) কিমান চনত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল?
উত্তৰ:- ১৮৪৩ চনত।
409) কোনে ইংৰাজৰ শাসন কালত নিজকে স্বৰ্গদেউ বুলি ঘোষণা কৰিছিল?
উত্তৰ:- গোমধৰ কোঁৱৰে।
410) পিয়লি ফুকন আৰু জীউৰাম দুলীয়া বৰুৱাক কেতিয়া ফাঁচী  দিয়া হয়?
উত্তৰ:- ১৮৩০ চনৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰীৰ পাৰত।
411) কিমান চনত আৰু ক'ত কোম্পানিৰ হকে ৰবাৰ্টচনে পুৰন্দৰ সিংহৰ লগত এখন চুক্তি স্বাক কৰে?
উত্তৰ:- ১৮৩৩ চনত।
412) কিমান চনত পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰা হয়?
উত্তৰ:- ১৮৩৮ চনত।
413) মটক ৰাজ্যৰ ৰাজধানী কি আছিল?
উত্তৰ:- ৰঙাগড়।
414) কিমান চনত শদিয়াখোৱা গোহাঁইৰ মৃত্যু হৈছিল?
উত্তৰ:- ১৮৩৫ চনত।
415) চিংফৌসকল ক'ত বাস কৰিছিল?
উত্তৰ:- মটক ৰাজ্যৰ পূবত থকা নদিহিং আৰু টেঙাপানী নৈৰ মাজৰ সমভূমি অঞ্চলত চিংফৌসকল বাস কৰিছিল?
416) চিংফৌসকলৰ মুখিয়ালজনক কি বোলা হৈছিল?
উত্তৰ:- গাম।
417) কিমান চনত তিৰৎ সিঙে খাচী সৈন্য-সামন্ত লৈ কোম্পানিৰ ওপৰত আক্ৰমণ কৰিছিল?
উত্তৰ:- ২৮২৯ চনত।
418) জয়ন্তীয়াসকলৰ ৰজাজনৰ নাম কি?
উত্তৰ:- ৰাজেন্দ্ৰ সিংহ ।
419) কিমান চনত কেপ্তেইন লিষ্টাৰে জয়ন্তীয়া ৰাজ্য দখল কৰে?
উত্তৰ:- ১৮৩৫ চনত।
420) গোৱিন্দ চন্দ্ৰৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ:- ১৮৩০ চনত।
421) কিমান চনত ব্ৰিটিছে নগা পাহাৰ দখল কৰে?
উত্তৰ:- ১৮৬৬ চনত।
422) আহোম ৰাজ্যৰ পৰিসমাপ্ত কেতিয়া ঘটিছিল?
উত্তৰ:- মানৰ অসম আক্ৰমণৰ পিছত।
423) ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল?
উত্তৰ:- মান আৰু ইংৰাজসকলৰ মাজত।
424) মানসকলক প্ৰতিবাদ জনোৱা ইংৰাজ গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ:- আৰ্মহাৰ্ষ্টে।
425) মণিপুৰৰ ৰজাজনৰ নাম কি?
উত্তৰ:- জয়সিংহ।
426) মানৰ আক্ৰমণৰ ফলত কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰই ক'ত আশ্ৰয় লৈছিল?
উত্তৰ:- চিলেটত।
427) কোনজন ইংৰাজ বিষয়াৰ নেতৃত্বত ইংৰাজসকল গুৱাহাটীত উপস্থিত হৈছিল?
উত্তৰ:- কৰ্ণেল ৰিছাৰ্ডচনৰ নেতৃত্বত।
428) নামনি অসমৰ প্ৰশাসনত ডেভিদ স্কটক কোনে সহায় কৰিছিল?
উত্তৰ:- কেপ্তেইন আদাম হোৱাইটে।
429) উজনি অসমৰ সদৰ ঠাই ৰংপুৰৰ পৰা ক'লৈ স্নানান্তৰিত কৰা হৈছিল?
উত্তৰ:- যোৰহাটলৈ।
430) উজনি অসমৰ প্ৰতিজন লোকে কিমান টকাকৈ খাজনা দিব লগা হৈছিল?
উত্তৰ:- তিনি টকাকৈ।
431) কোনজন আহোম বিষয়াক উজনি অসমৰ ৰাজহ সংগ্ৰহৰ দায়িত্ব অৰ্পণ কৰিছিল?
উত্তৰ:- জনাৰ্দন বৰবৰুৱাক।
432) ডেভিদ স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল?
উত্তৰ:- ত্ৰেব্ৰুকট।
433) ডেভিদ স্কটে কাক উজনি অসমত বিচাৰৰ বাবে দেৱানী ভাৰ দিছিল?
উত্তৰ:- লম্বোদৰ ফুকনক।
434) ডেভিদ স্কটৰ পিছত অসমলৈ অহা স্থায়ী কমিছনাৰজনৰ নাম কি?
উত্তৰ:- ৰবাৰ্টচন।
435) ৰবাৰ্টচনে কিমান চনৰ পৰা কিমান চনলৈকে অসমত কাৰ্যভাৰ গ্ৰহণ কৰিছিল?
উত্তৰ:- ১৮৩২ চনৰ পৰা ১৮৩৪ চনলৈকে।
436) ৰবাৰ্টচনৰ দিনত অসমত কিমানখন জিলা স্থাপন কৰা হৈছিল?
উত্তৰ:- পাঁচখন।
437) ডেভিদ স্কটে উঠাই দিয়া সীমান্ত চকীখনৰ নাম কি?
উত্তৰ:- কান্দাহাৰ চকী।
438) জেনকিন্সে জিলাসমূহক কি নামৰ ৰাজহ গোটত ভাগ কৰিছিল?
উত্তৰ:- টাংগনি।
439) নগাঁও জিলাৰ পুৰণি নাম কি আছিল?
উত্তৰ:- খাগৰিজান।
440) খাগৰিজানৰ সদৰ ঠাই কি আছিল?
উত্তৰ:- নগাঁও।
441) কামৰূপ জিলাৰ সদৰ ঠাই ক'ত আছিল?
উত্তৰ:- গুৱাহাটী।
442) ব্ৰিটিছৰ সময়ত অসমৰ কমিছনাৰৰ সদৰ কাৰ্যালয় ক'ত আছিল?
উত্তৰ:- গুৱাহাটীত।
443) দৰং জিলাৰ সদৰ ঠাই কি?
উত্তৰ:- মঙ্গলদৈ।
444) কাছাৰ জিলাৰ সদৰ ঠাই কি?
উত্তৰ:- শিলচৰ।
445) পিয়লি ফুকনৰ সম্পূৰ্ণ নামটো কি ?
উত্তৰ:- ধনঞ্জয় পিয়লি ফুকন।
446) কিমান চনত পুৰন্দৰ সিংহক উজনি অসমৰ ৰজা পাতিছিল?
উত্তৰ:- ১৮৩২ খ্ৰীষ্টাব্দত।
447) ব্ৰিটিছে পূৰন্দৰ সিংহৰ পৰা কিমান টকা কৰ হিচাপে আদায় কৰিছিল?
উত্তৰ:- ৫০,০০০টকা।
448) কিমান চনত কাছাৰক ঢাকা ডিভিজনৰ অধীনস্থ কৰা হৈছিল?
উত্তৰ:- ১৮৩৬ চনত।
449) গাৰো জিলাৰ সদৰ ঠাই ক'ত?
উত্তৰ:- তুৰাত।
450) ব্ৰিটিছৰ মটক ৰজাক কিমান টকাৰ অৱসৰ ভাট্টা দিছিল?
উত্তৰ:- ৭,০০০ টকাৰ।
451) টি.চি ৰবাৰ্টচনে প্ৰচলন কৰা তিনিটা সংস্কাৰৰ নাম লিখা।
উত্তৰ:- ক) ৰাজহ খ) প্ৰশাসনিক গ) বিভাগীয় সংস্কাৰ।
452) কেতিয়া আৰু কিয় ইংগ-বাৰ্মা যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ:- মানৰ অগ্ৰগতিক বাধা দিবলৈ ১৮২৪-১৮২৬ চনত ইংগ-বাৰ্মা যুদ্ধ সংঘটিত হৈছিল।
453) ইয়াণ্ডাবু সন্ধিৰ কোনটো অনুচ্ছেদ অসম সম্পৰ্কীয় আছিল?
উত্তৰ:- দ্বিতীয় অনুচ্ছেদ ।
454) কোনে কাৰ অনুমতিত মণিপুৰৰ সিংহাসন অধিকাৰ কৰিছিল?
উত্তৰ:- মনিপুৰৰ ৰজা জয়সিংহৰ পুত্ৰ মাৰজিৎৰ অনুমতি মতে ।
455) কাক কেতিয়া ইংৰাজসকলে ব্ৰহ্মপুত্ৰ অঞ্চলৰ দায়িত্বভাৰ অৰ্পন কৰাইছিল?
উত্তৰ:- ডেভিদ স্কটক ১৮২০ চনৰ নৱেম্বৰ মাহত ইংৰাজসকলে।
456) উজনি অসমৰ জিলাসমূহৰ প্ৰশাসনত ডেভিদ স্কটে সকাহ দিবৰ বাবে কাক কেতিয়া তেওঁৰ সহকাৰী হিচাপে নিযুক্তি দিছিল?
উত্তৰ:- কেপ্তেইন নিউভিলক, ১৮২৮ খ্ৰীষ্টাব্দত নিযুক্তি দিছিল।
457) আসাম লাইট এনফেণ্ট্ৰি কি আৰু কেতিয়া গঠন হৈছিল?
উত্তৰ:- এটা সামৰিক বাহিনী।( ১৮২৬ চনত গঠন হৈছিল।)
458) মেজৰ    জেনকিন্সৰ প্ৰচেষ্টাত ক'ত ক'ত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপন হৈছিল?
উত্তৰ:- গুৱাহাটী আৰু শিৱসাগৰত।
459) ইষ্ট-ইণ্ডিয়া কোম্পানিৰ হকে কোনে কাৰ লগত চুক্তিপত্ৰত স্বাক্ষৰ কৰিছিল?
সউত্তৰ:- ৰবাৰ্টচনে আহোম  ৰজা পুৰন্দৰ সিংহৰ লগত এখন চুক্তি পত্ৰত স্বাক্ষৰ কৰিছিল।
460) মটকৰাজ কোনখিনি ঠাইক কোৱা হয়?
উত্তৰ:- উজনি অসমৰ বুঢদিহিং আৰু ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ  ঠ‍াইখিিক মটক ৰাজ্য বুলি কোৱা হয়।
                  








Post a Comment

0 Comments